ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ঈদ-উদ-আজহাৰ নামাজ আদায় কৰে ইছলামধৰ্মীসকলে - Eid ul Zuha 2024 - EID UL ZUHA 2024
Published : Jun 17, 2024, 11:10 AM IST
শিলচৰ/হোজাই, 17 জুন : আজি ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ঈদ-উদ-আজহা ৷ আনন্দ উল্লাহৰ মাজত ৰাজ্যৰ আন আন প্ৰান্তত সমূহীয়া নামাজ পালন কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৷ ঈদ উপলক্ষে বৰাকৰ ইছলাম ধৰ্মালম্বীসকলে সৰ্বত্ৰ সাজাই তুলিছিল ঈদগাহসমূহ ৷
কিন্তু পুৱাৰে পৰা ধাৰাষাৰ বষুণৰ ফলত ঈদগাহসমূহত নামাজ পঢ়া অসম্ভৱ হৈ পৰে ৷ ফলত মছজিদসমূহতে নামাজ পঢ়ে ধৰ্মালম্বীসকলে ৷ শিলচৰৰ প্ৰধান ঈদগাহ ইটখলা ঈদগাহৰ পৰিৱৰ্তে এইবাৰ নামাজ কৰা হৈছে ঈদগাহ মছজিদত ৷ নামাজ পৰিচালনা কৰে শিলচৰৰ বড় মসজিদৰ ইমাম মৌলানা ছাব্বিৰ আহমদে ৷
ইফালে লংকা চহৰৰ মাজ-মাজিয়াত অৱস্থিত ইছলাম বস্তি ঈদগাৰ মৈদানত পুৱাই সমূহীয়া ঈদৰ নামাজৰ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও নিশাৰ পৰা হৈ থকা নেৰা-নেপেৰা বৰষুণৰ বাবে ইছলাম বস্তি জামে মছজিদৰ প্ৰাংগনতো সমূহীয়া ঈদৰ নামাজত অংশ ল’লে ইছলাম ধৰ্মাৱলম্বী ৰাইজে ।
ঈদ–উল–আজহা উৎসৱত নিহিত হৈ আছে ত্যাগৰ বাৰ্তা । ঈদ–উল–জোহা উৎসৱ উদযাপনে ত্যাগ, কৰুণা, মানৱ প্ৰেম আৰু ভাতৃত্ববোধৰ মহান অনুভূতিৰে উদ্বুদ্ধ কৰে । সমূহীয়া নামাজৰ জৰিয়তে সমাজৰ অসূয়া অশান্তি দূৰ হৈ বিশ্বৰ শান্তি-সম্প্ৰীতিৰ উদ্দেশ্য আল্লাহৰ ওচৰত দোৱা মাগে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে।
লগতে পঢ়ক: কাছাৰ আৰক্ষীয়ে জালত কুৰিবানি দিবলৈ নিয়া জন্তু জব্দ - Eid Ul Adha 2024