অসম

assam

ETV Bharat / videos

মটক ৰজা সৰ্বানন্দ সিংহৰ মূৰ্তিক অপমান কৰা উদণ্ড ৪ যুৱকক আটক - Matak King Sarbananda Singha

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 10:49 PM IST

ডিব্ৰুগড়, ১১ জুন: মোৱামৰীয়া বিদ্ৰোহৰ সময়তে স্বাধীন মটক ৰাজ্য ঘোষণা কৰিছিল সৰ্বানন্দ সিংহই । তেওঁ আছিল বুৰুক চুতীয়া বংশৰ । ১৭৯১ চনত তাহানিৰ বেংমৰা (বৰ্তমানৰ তিনিচুকীয়া)ত ৰাজধানী পাতি স্বাধীন ৰজা ঘোষণা কৰি সৰ্বানন্দ সিংহ নাম লোৱা এইজন ৰজাৰ পূৰ্বতে নাম আছিল মেজেৰা । এইজন ৰজাক মটক জনগোষ্ঠীৰ ৰাইজে আদি পুৰুষ হিচাপে গণ্য কৰি আহিছে ।

সৰ্বানন্দ সিংহৰ স্মৃতি যুগমীয়া কৰিবলৈ মটক স্বায়ত্ত শাসিত পৰিষদে চাবুৱাত এটা বিশাল প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছিল । কিন্তু নিৰ্মিয়মাণ অৱস্থাত থকা মটক ৰজা সৰ্বানন্দ সিংহৰ মূৰ্তিক অপমান কৰিলে উদণ্ড যুৱকে । মূৰ্তিৰ ভিডিঅ’ বনাই অপমানসূচক মন্তব্য কৰিছিল চাৰি যুৱকে । যুৱকদ্বয়ে নিৰ্মাণ কৰা ভিডিঅ' সমাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পাচতে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হয় ।

ইয়াৰ পাচতে মটক যুৱ ছাত্ৰ সন্মিলনৰ এজাহাৰৰ ভিত্তিত চাৰি উদণ্ড যুৱকক আৰক্ষীয়ে চাবুৱাৰ পৰা আটক কৰিছে । আৰক্ষীয়ে চাৰি যুৱকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে । ঘটনাৰ উচিত তদন্ত কৰিবলৈ আহ্বান জনাই মটক যুৱ ছাত্ৰ সন্মিলনীৰ নেতৃত্বই । ভৱিষ্যতে যাতে কোনেও এই কাণ্ড সংঘটিত নকৰে তাৰবাবে সকীয়নি প্ৰদান কৰিছে সংগঠনটোৰ বিষয়ববীয়াসকলে ।

লগতে পঢ়ক: তিনিকোণীয়া পুখুৰীৰ পাৰত মটক ৰজা সৰ্বানন্দ সিংহৰ ২১ ফুট উচ্চ প্ৰতিমূৰ্তি উন্মোচন - MATAK KING SARBANANDA SINGHA

লগতে পঢ়ক:  তিনিচুকীয়াত উন্মোচনৰ বাবে সাজু স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ বিশালকায় প্ৰতিমূৰ্তি - Sarbananda Singha Statue Installed

ABOUT THE AUTHOR

...view details