বৰাকৰ তীৰত মহাকুম্ভৰ পৱিত্ৰ স্নান - MAHAKUMBHS HOLY BATH
🎬 Watch Now: Feature Video
Published : Feb 26, 2025, 6:37 PM IST
শিলচৰ: বুধবাৰে যেন দ্বিতীয় প্ৰয়াগৰাজলৈ পৰিণত হ'ল শিলচৰ চহৰ ! শিৱ চতুৰ্দশীৰ দিনটোত শিলচৰত বৰাক নৈৰ তীৰত মহাকুম্ভৰ অমৃত স্নান । হাজাৰ হাজাৰ পুণ্যাৰ্থীৰ সমাগম ঘটিল বৰাক নৈৰ তীৰত । চতুৰ্দশী উপলক্ষে শিলচৰ ৰংপুৰ গংগাপাৰাৰ বৰাক নৈৰ তীৰত মহাকুম্ভৰ অমৃত স্নানৰ ব্যৱস্থা কৰে বিশ্ব হিন্দু পৰিষদে । যিসকল লোক মহাকুম্ভৰ অমৃত স্নান কৰিব পৰা নাই তেওঁলোকৰ বাবে বৰাক নৈত এই বিশেষ আয়োজন কৰে বিশ্ব হিন্দু পৰিষদে ।
পুৱাৰে পৰা বৰাক নৈত চলা এই অমৃত স্নানক কেন্দ্ৰ কৰি এক উখল-মাখল পৰিৱেশে বিৰাজ কৰে । বৰাক নৈৰ তীৰত আয়োজিত মহাকুম্ভৰ এই অমৃত স্নান কৰাৰ বাবে হাজাৰ হাজাৰ পুণ্যাৰ্থীয়ে ভিৰ কৰা পৰিলক্ষিত হয় । ইফালে মহাকুম্ভত স্নান কৰিবলৈ যাব নোৱৰা একাংশ লোকে নিজৰ স্থানতে এই সুবিধা লাভ কৰি বিশ্ব হিন্দু পৰিষদক ধন্যবাদ জ্ঞাপন কৰে ।