অসম

assam

ETV Bharat / videos

শ্লুইছ গেট নিৰ্মাণকাৰী প্ৰতিষ্ঠানক ব্লেক লিষ্টেড কৰাৰ দাবী জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ - AJYCP protest

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 7:18 PM IST

কলিয়াবৰ, ৫ জুলাই : কুকুৰাকটা-হাতীমূৰা মথাউৰি আৰু শ্লুইছ গেট নিৰ্মাণকাৰী প্ৰতিষ্ঠানক ব্লেক লিষ্টেড্ কৰাৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিৰ । এই সন্দৰ্ভত উচিত তদন্ত বিচাৰি শুকুৰবাৰে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতিক স্মাৰক পত্ৰ প্ৰদান কৰে ছাত্ৰ সংগঠনটোৱে ।

শ্লুইছ গেট নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে স্থানীয় দল-সংগঠনৰ পৰামৰ্শক আওকাণ কৰি ৰজাঘৰৰে মিতিৰালি কৰি আওপুৰণি পদ্ধতিত শ্লুইছ গেট নিৰ্মাণ কৰা বুলি অভিযোগ উত্থাপন কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতি এই কাৰ্য কেতিয়াও মানি লোৱা নহ'ব সকীয়াই দিয়ে ।  

মথাউৰি নিৰ্মাণকাৰী প্ৰতিষ্ঠানসহ জেড ইঞ্জিনিয়াৰিঙকো তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাইছে । জেড ইঞ্জিনিয়াৰিঙক ব্লেকলিষ্টেড কৰিব লাগে বুলি মুখ্যমন্ত্ৰীক দাবী জনাই ছাত্ৰ সংগঠনটোৱে । এইক্ষেত্ৰত জলসম্পদ মন্ত্ৰীগৰাকীৰ নিষ্ক্ৰিয় ভূমিকাক তীব্ৰ গৰিহণা দি পদত্যাগ দাবী কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । শেহতীয়াকৈ, জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই শ্লুইছ গেট নিৰ্মাণত বিসংগতি থকাৰ কথা স্বীকাৰ কৰাৰ ক্ষেত্ৰত ছাত্ৰ সংগঠনটোৱে প্ৰশ্ন কৰি কয়,"এই বিষয়ে যদি জানিছিলেই তেনেহ'লে নিৰ্মাণকাৰ্য বন্ধ কৰি ইয়াৰ পুনৰ অধ্যয়ন কিয় নকৰিলে ?"

লগতে পঢ়ক:কান্ধত গামোচা লোৱা প্ৰধানমন্ত্ৰীয়ে পেটত গামোচা বান্ধি থকাসকলৰ দুৰ্দশা বুজক : আছু - Assam Flood 2024

অসমৰ সম্পদ যদি দিল্লীৰ সম্পদ হয়, বান সমস্যা ৰাষ্ট্ৰীয় সমস্যা কিয় নহয় ? প্ৰশ্ন সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ - Assam Flood 2024

শ্লুইছ গেট নিৰ্মাণত বিসংগতিৰ অভিযোগ : কলিয়াবৰ আছুৰ ক্ষোভ - Sluice Gate At Kolongmukh

ABOUT THE AUTHOR

...view details