নামৰূপ সাৰ কাৰখানাত ডিলাৰশ্বিপৰ নামত ব্য়াপক দুৰ্নীতিৰ অভিযোগ আছুৰ - BVFCL Namrup - BVFCL NAMRUP
Published : Apr 25, 2024, 6:03 PM IST
মৰাণ, ২৫ এপ্ৰিল: পৰিৱৰ্তনৰ কথা কোৱা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে উদ্যোগ স্থাপন কৰি দেশৰ অৰ্থনীতি বিকাশ কৰাৰ কথা কৈ থকা সময়ত অতীত হোৱাৰ দিশে গতি কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানা । যি সময়ত দেশৰ বিভিন্ন প্ৰান্তৰত বন্ধ হৈ থকা ৰাসায়নিক সাৰ উদ্যোগ পুনৰুজ্জীৱিত কৰাৰ কথা কৈ অহা হৈছে, তেনে সময়তে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানাৰ পুনৰ উজ্জীৱিত কৰাৰ চেষ্টা নকৰিলে চৰকাৰে । কিন্তু ইয়াৰ মাজতে নামৰূপৰ সাৰ কাৰখানাত ব্যাপক সাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ।
নামৰূপ সাৰ কাৰখানাত ব্যাপক দুৰ্নীতিৰ সম্ভেদ পাই গৰজি উঠে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা । উদ্যোগটোৰ বিপণন বিভাগৰ বিষয়া এছ. কে. সিং নামৰ বিষয়াজনে নিয়ম বৰ্হিভূতভাৱে ডিলাৰশ্বিপ প্ৰদানৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰাৰ কথা ফাদিল হোৱাৰ পাচতো বিষয়াজনক বৰ্খাস্তকৰণৰ বাবে দাবী উত্থাপন হৈছিল । কিন্তু বৰ্তমান সময়ত উদ্যোগটোৰ ঊৰ্ধতন কৰ্তৃপক্ষই এছ. কে. সিঙক পদোন্নতি দিয়াৰ বাবে উঠিপৰি লাগিছে ।
ইয়াৰ উপৰিও কোনো নিবিদা নোহোৱাকৈয়ে সাৰ বিতৰণৰ ডিলাৰশ্বিপ প্ৰদানৰ নামত ৬১ লক্ষাধিক টকা সাৰ কাৰখানাৰ বেংক একাউন্টত জমা হোৱা ঘটনাৰো কোনো উচিত তদন্ত নোহোৱাত স্বাভাৱিকতে জাঙুৰ খাই উঠিছে ছাত্ৰ সংগঠনটো । লগতে উদ্যোগটোৰ বিপণন বিভাগৰ বিষয়া এছ. কে. সিং নামৰ বিষয়াজনে কমিচনৰ অংকত কোনো নিবিদা নোহোৱাকৈ বহিঃৰাজ্যৰ ৭০০ৰো অধিক ডিলাৰক সাৰ বিতৰণৰ ডিলাৰশ্বিপ প্ৰদান কৰাৰ অভিযোগ আছুৰ । এই সমগ্ৰ দুৰ্নীতিৰ উচিত তদন্তৰ দাবী জনাইছে আছুৱে ।
লগতে পঢ়ক: কিদৰে আইএ এছ বিষয়া ইন্দ্রেশ্বৰ কলিতাই গঢ়িছিল সম্পত্তিৰ পাহাৰ - Corrupt IAS officer