অসম

assam

ETV Bharat / state

ডালমিয়া চিমেন্ট ফেক্টৰীৰ ভিতৰত বাহিৰা লোকৰ প্ৰৱেশ বন্ধ কৰিলে সংশ্লিষ্ট কৰ্তৃপক্ষই - Dalmia Cement plant in Umrongso - DALMIA CEMENT PLANT IN UMRONGSO

Umrangso Dalmia Cement plant Accident: শ্ৰমিকক প্ৰাপ্য অধিকাৰ লাভৰ পৰা বঞ্চিত কৰা হৈ আহিছে ডিমা হাছাও জিলাৰ উমৰাংচু ডালমিয়া চিমেন্ট ফেক্টৰীত ৷ এই অভিযোগ ফেক্টৰীটোত কৰ্মৰত কৰ্মচাৰীৰ ৷ সংবাদ মাধ্যমৰ আগত আৰু কি কি ক’লে জানো আহক লাঞ্চিত-বঞ্চিত শ্ৰমিকৰ মুখেৰে -

workers of Dalmia Cement Factory alleged that workers have been deprived of their rights
ডালমিয়া চিমেন্ট ফেক্টৰীৰ ভিতৰত বাহিৰা লোকৰ প্ৰৱেশ বন্ধ কৰিলে সংশ্লিষ্ট কৰ্তৃপক্ষই (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 11:41 AM IST

হাফলং, 5 আগষ্ট :শনিবাৰে ডালমিয়া চিমেন্ট ফেক্টৰীত সংঘটিত হৈছিল এক শোকাৱহ দুৰ্ঘটনা ৷ ফেক্টৰী চৌহদত হোৱা এক দুৰ্ঘটনাত 5 জনকৈ শ্ৰমিকৰ মৃত্যু ঘটাৰ লগতে 7 জনকৈ শ্ৰমিক আঘাতপ্ৰাপ্ত হোৱা বুলি অভিযোগ উত্থাপন হৈছিল ৷ অৱশ্যে সংশ্লিষ্ট কৰ্তৃপক্ষই এই দুৰ্ঘটনাত শ্ৰমিক আহত হৈছে বুলিহে সদৰী কৰিছে ৷ সমান্তৰালভাৱে ইয়াৰ পাচতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে বিভিন্ন অভিযোগ ৷

ডালমিয়া চিমেন্ট ফেক্টৰীৰ ভিতৰত বাহিৰা লোকৰ প্ৰৱেশ বন্ধ কৰিলে সংশ্লিষ্ট কৰ্তৃপক্ষই (ETV Bharat Assam)

উমৰাংচুৰ ডালমিয়া চিমেন্ট ফেক্টৰীৰ দ্বিতীয়টো নতুন প্ৰজেক্ট সংঘটিত শেহতীয়া দুৰ্ঘটনাটোৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই দায়ী বুলি শ্ৰমিকসকলে অভিযোগ তুলিছে । আনকি প্ৰকল্পটোত নিয়োজিত এগৰাকী শ্ৰমিকে ডালমিয়া চিমেন্ট ফেক্টৰীৰ দ্বিতীয়টো প্ৰজেক্টত ব্যৱহৃত সকলো ক্ৰেং বেয়া হৈ পৰিছে বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে । যাৰ বাবে শ্ৰমিকসকলৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ৷

ইয়াৰোপৰি, ডালমিয়া চিমেন্ট কৰ্তৃপক্ষ ফেক্টৰীত নিয়োজিত শ্ৰমিকসকলৰ সুৰক্ষা সম্বন্ধীয় বিষয়টোৰ প্ৰতি সম্পূৰ্ণ উদাসীন বুলিও গুৰুতৰ অভিযোগ তুলিছে । সংবাদ মাধ্যমৰ আগত শেহতীয়া দুৰ্ঘটনাটো সন্দৰ্ভত জানিবলৈ দি শ্ৰমিকগৰাকীয়ে কয়, "যোৱা 3 আগষ্টৰ সন্ধিয়া 6:50 বজাত ডালমিয়া চিমেন্টৰ দ্বিতীয়টো প্ৰজেক্টত ব্যৱহৃত ক্ৰেং টাৱাৰ ভাঙি পৰাৰ ফলত ইয়াৰ তলত 15 গৰাকীকৈ শ্ৰমিক পৰি যায় । কিন্তু সমগ্ৰ বিষয়টো ডালমিয়া কৰ্তৃপক্ষই গাপ দিয়াৰ চেষ্টা চলাইছে । কিমানজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আমি নাজানো ৷ আচলতে আমি একোৱেই নাজানো ৷ আমাৰ ইয়াত কোনো সুৰক্ষা নাই ৷ আমাক গেট পাছো দিয়া নাই ৷ চিকিৎসাৰ সুবিধাও প্ৰদান কৰা নাই ৷"

লক্ষণীয় বিষয় যে, ভয়ংকৰ দুৰ্ঘটনাটোত শ্ৰমিকৰ মৃত্যু ঘটাৰ পাচৰে পৰা বাতৰি লিখা পৰ্যন্ত ডালমিয়া চিমেন্ট ফেক্টৰী চৌহদত সংবাদ কৰ্মীক প্ৰৱেশ কৰিবলৈ দিয়া নাই ডালমিয়া কৰ্তৃপক্ষই । ডালমিয়া কৰ্তৃপক্ষই বাহিৰৰ কোনো লোকে যাতে চৌহদৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি নজৰ ৰাখিবলৈ স্পষ্ট নিৰ্দেশনা নিৰাপত্তাৰক্ষীক প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিছে নিৰাপত্তাৰক্ষীয়ে ।

ABOUT THE AUTHOR

...view details