মৰাণ: অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ বিভিন্ন চৰকাৰী বিভাগ তথা শিক্ষানুষ্ঠানসমূহ পৰিদৰ্শন কৰিবলৈ দুদিনীয়া কাৰ্যসূচীৰে দেওবাৰে উপস্থিত হয় ডিব্ৰুগড়ত । বিমানবন্দৰৰ পৰা পোনে পোনে তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ত জিলাখনৰ চৰকাৰী আঁচনিৰ কাম-কাজৰ অগ্ৰগতি বুজ লয় । ইয়াৰ পাছতে সোমবাৰে পুৱাই সপত্নীক ডিব্ৰুগড়স্থিত ভাৰতৰ দ্বিতীয়টো সৰ্ববৃহৎ জগন্নাথ মন্দিৰ দৰ্শন কৰিলে ৰাজ্যপালগৰাকীয়ে ।
পুৱাই শ্ৰীশ্ৰী জগন্নাথ মন্দিৰত সেৱা লয় ৰাজ্যপালগৰাকীয়ে । ৰাজ্যপালগৰাকীৰ সৈতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ লগতে ডিব্ৰুগড় জগন্নাথ মন্দিৰ পৰিচালনা কৰা শ্ৰীশ্ৰী জগন্নাথ সাংস্কৃতিক ন্যাসৰ বিষয়ববীয়াসকল উপস্থিত থাকে । জগন্নাথ মন্দিৰত সেৱা লৈ মন্দিৰ চৌহদ পৰিদৰ্শন কৰি বুজ লয় ৰাজ্যপালে ।
ইয়াৰ পিছতে ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ত এখনি পৰ্যালোচনা বৈঠকত মিলিত হ'ব ৰাজ্যপালগৰাকীয়ে । বিয়লি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰিছাৰ্চ স্ক'লাৰসকলৰ লগত এখনি বৈঠকতো মিলিত হ'ব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ।
অসম এখন সুন্দৰ ৰাজ্য :
অসমৰ ৰাজ্যপালৰ দায়িত্ব পালন কৰা প্ৰয়াত জানকী বল্লভ পাটনায়কৰ উদ্যোগত নিৰ্মাণ কৰা হৈছিল ডিব্ৰুগড়ৰ খনিকৰ বাইপাছত থকা জগন্নাথ মন্দিৰটো । ২০১৪ চনত ৬ ডিচেম্বৰত জানকী বল্লভ পাটনায়কে শুভ উদ্বোধন কৰা ডিব্ৰুগড় জগন্নাথ মন্দিৰত এতিয়া প্ৰতিদিনে হাজাৰ হাজাৰ ভক্তই পূজা অৰ্চনা কৰি এক সুন্দৰ আধ্যাত্মিক পৰিবেশ সৃষ্টি কৰে । আজি এই জগন্নাথ মন্দিৰ দৰ্শন কৰি ৰাজ্যপাল আচাৰ্যই কয়," মোৰ সৌভাগ্য যে জগন্নাথ মন্দিৰ দৰ্শন কৰিব পাৰিলো । অসম সাংস্কৃতিক ক্ষেত্ৰত এক সুন্দৰ ৰাজ্য । প্ৰতিজন ব্যক্তিয়ে সংস্কৃতি আৰু পৰম্পৰাক আগুৱাই নিয়াৰ বাবে প্ৰেৰণা যোগায় । ইয়াত থকা বিভিন্ন প্ৰকাৰৰ সংস্কৃতি সঠিক ৰূপত আগুৱাই গৈছে । মোৰ সৌভাগ্য যে মই ভগৱান জগন্নাথৰ দৰ্শন কৰিব পাৰিলো । ভগৱান জগন্নাথ প্ৰভুৰ ওচৰত সেৱা লৈ দেশবাসীৰ মংগল কামনা কৰিছো ।"