ETV Bharat / entertainment

গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলত মণিপুৰী ‘জোচেফচ চান’লৈ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা - GUWAHATI ASIAN FILM FESTIVAL

সামৰণি পৰিল গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল (জি এ এফ এফ) ২০২৫ৰ প্ৰথম সংস্কৰণৰ । মণিপুৰী ‘জোচেফচ চান’লৈ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা ।

GUWAHATI ASIAN FILM FESTIVAL
গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 9, 2025, 10:54 PM IST

গুৱাহাটী: কেইবাসহস্ৰাধিক ছবিপ্ৰেমীৰ উপস্থিতি, কেইবাখনো মনোগ্ৰাহী ছবিৰ প্ৰদৰ্শনেৰে দেওবাৰে সামৰণি পৰিল গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল (জি এ এফ এফ) ২০২৫ৰ প্ৰথম সংস্কৰণৰ । সামৰণি ছবিখনৰ বিশেষ প্ৰদৰ্শনৰ পূৰ্বে অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত ইমতিয়াজ আলী, ৰীমা দাস, অনিৰ আৰু কবীৰ খানৰ পৰিচালনাৰ ছবি ‘মাই মেলব’ৰ্ণ’ প্ৰদৰ্শন কৰা হয় । ইফালে সামৰণি অনুষ্ঠানত উত্তৰ-পূব ভাৰতৰ ছবিৰ বাবে বিশেষ প্ৰতিযোগিতামূলক শাখাত শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালনা আৰু শ্ৰেষ্ঠ অভিনয়ৰ বঁটা প্ৰদান কৰা হয় । এই ফিল্ম ফেষ্টিভেললৈ নিৰ্বাচিত হৈছিল উত্তৰ-পূৰ্বাঞ্চলৰ ৬ খন ছবি ।

এই মহোৎসৱত মণিপুৰী ছবি 'জোচেফচ চান' ছবিখনে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰে । লগতে উক্ত ছবিখনৰ বাবে ৰেউবেন মাছাংভাই লাভ কৰে শ্ৰেষ্ঠ সংগীতৰ সন্মান । আনহাতে ‘বিফ'ৰ স্প্ৰিং’ ছবিখনৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ সম্মান লাভ কৰে শ্ৰুতিস্মৃতি চাংকাকতিয়ে । উক্ত ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনয়ৰ সন্মান লাভ কৰে দীপজ্যোতি কাকতিয়ে, শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফীৰ সম্মান লাভ কৰে জয়ন্ত মাথাৱন আৰু শ্ৰেষ্ঠ শব্দ ডিজাইনৰ সন্মান লাভ কৰে কালেশ লক্ষ্মণ আৰু বাম্বীয়ে ।

গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল (Etv Bharat Assam)

ইফালে 'এটা নিৰ্জন দুপৰীয়া' ছবিখনৰ বাবে শ্ৰেষ্ঠ সম্পাদনাৰ সন্মান লাভ কৰে ৰন্টু চেতিয়াই । ক'লাজ ছবিখনৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান লাভ কৰে অমৰদীপ গগৈয়ে । আনহাতে অসমীয়া ছবি 'এমেচাৰ' বাবে জুৰীৰ বিশেষ উল্লেখ (পাৰফৰ্মেন্স) লাভ কৰে মিনাক্ষী কলিতাই আৰু ক'লাজ ছবিখনৰ বাবে

চিনেমেট’গ্ৰাফীৰ বাবে জুৰীৰ বিশেষ উল্লেখ লাভ কৰে নাহিদ আহমেদে ।

উল্লেখ্য যে, ৭ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ত আয়োজিত এই মহোৎসৱত অংশগ্ৰহণ কৰে প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা, চলচ্চিত্ৰপ্ৰেমী, সৃষ্টিশীল ব্যক্তিত্ব আৰু চলচ্চিত্ৰ উদ্যোগৰ লগত জড়িত লোকসকলে । আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত শ্ৰীলংকাৰ চলচ্চিত্ৰ নিৰ্মাতা প্ৰসন্ন বিথানাগে, ভাৰতীয় মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী শীবা চাড্ডা, আৰু চলচ্চিত্ৰ পৰিচালক অ’নিৰকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকলে এই মহোৎসৱৰ তিনিদিনীয়া আলোচনা চক্ৰত অংশগ্ৰহণ কৰে ।

দেওবাৰে ছবি নিৰ্মাতা অ’নিৰে এক মুকলি আলোচনাত ভাগ লৈ সমাজৰ প্ৰতিফলন হিচাপে ছবিৰ ভূমিকা, সক্ৰিয়তা আৰু চিনেমাত এল জি বি টি কিউ+ কাহিনীৰ প্ৰতিনিধিত্বৰ বিষয়ে নিজৰ মতামত দাঙি ধৰে । এই মহোৎসৱত সমগ্ৰ এছিয়াৰ পৰা ২০০ৰো অধিক দাখিল কৰা চলচ্চিত্ৰৰ পৰা নিৰ্বাচিত ২৫ খন চিন্তাশীল আৰু প্ৰভাৱশালী পূৰ্ণদৈৰ্ঘৰ ছবি প্ৰদৰ্শন কৰা হয় । মহোৎসৱত চলচ্চিত্ৰৰ প্ৰদৰ্শনীৰ সমান্তৰালভাৱে বিভিন্ন এছিয়ান সংস্কৃতি আৰু কলাত্মক ধাৰণাক সংযোগ কৰাৰ এক সমৃদ্ধ ক্ষেত্ৰ হিচাপেও পৰিগণিত হয় । ইৰাণ, নেপাল, উজবেকিস্তান, কাজাখস্তান, বাংলাদেশ, হংকং, আজাৰবাইজান, ফিলিপাইনছ, শ্ৰীলংকা, তুৰস্ককে ধৰি এছিয়াৰ বিভিন্ন প্ৰান্তৰ ছবিসমূহ প্ৰদৰ্শনৰ দ্বাৰা শিল্প, সংস্কৃতি আৰু চলচ্চিত্ৰ শৈলীৰ এক অভূতপূৰ্ব আদান-প্ৰদানৰ পৰিৱেশ গঢ়ি উঠে এই মহোৎসৱত ।

লগতে পঢ়ক: ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ব্যক্তিত্বৰ সমাহাৰেৰে আৰম্ভণি ঘটিল GAFF ৰ

GAFF ত উত্তৰ-পূব ভাৰত প্ৰতিযোগিতা শাখাত প্ৰতিদ্বন্দ্বিতাত নামিব ছখন ছবি

কেৱল শ্বাহৰুখ-ছলমানৰ চিনেমাই চিনেমা নহয়... এছিয়ান চলচ্চিত্র মহোৎসৱৰ লক্ষ্য কি ?

অসমত পোন প্ৰথমবাৰলৈ গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ - Guwahati Asian Film Festival

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.