ETV Bharat / sports

দ্বিতীয়খন এদিনীয়াত ইংলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি শৃংখলা দখল ভাৰতৰ - INDIA BEAT ENGLAND BY 5 WICKETS

ৰোহিত শৰ্মাৰ উজ্জ্বল শতকৰ বাবেই ভাৰতে দ্বিতীয়খন এদিনীয়াত ইংলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি শৃংখলাটো জয় কৰিবলৈ সক্ষম হয় ।

INDIA BEAT ENGLAND BY 5 WICKETS
দ্বিতীয়খন এদিনীয়াত ইংলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি শৃংখলা দখল ভাৰতৰ (IANS Photo)
author img

By ETV Bharat Assamese Team

Published : Feb 9, 2025, 10:50 PM IST

কটক (ওড়িশা): কটকত খেলা দ্বিতীয়খন এদিনীয়া খেলত ইংলেণ্ডক ৪ উইকেটত পৰাস্ত কৰে ভাৰতে । তিনিখনীয়া খেলৰ এদিনীয়া শৃংখলাৰ এই মেচখনত বাৰাবাটি ষ্টেডিয়ামত প্ৰথমে বেটিং কৰি ইংলেণ্ডে ৪৯.৫ অভাৰত ১০টা উইকেট হেৰুৱাই ৩০৪ ৰাণ সংগ্ৰহ কৰে । ইংলেণ্ডে নিৰ্ধাৰণ কৰি দিয়া লক্ষ্যক অনুসৰণ কৰি ভাৰতে ৩৩টা বল বাকী থকা অৱস্থাত ৬ উইকেট হেৰুৱাই ৪৪.৩ অভাৰত ৩০৫ ৰাণ সংগ্ৰহ কৰি ৪ উইকেটত জয়লাভ কৰে ।

ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাক এই মেচত উজ্জ্বল শতক অৰ্জন কৰাৰ বাবে প্লেয়াৰ অৱ দ্য মেচৰ বঁটা প্ৰদান কৰা হয় । তৃতীয়খন খেল ১২ ফেব্ৰুৱাৰীত গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হ’ব । নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া তৃতীয়খন এদিনীয়াত জয়লাভ কৰি টীম ইণ্ডিয়াই ৩-০ ত শৃংখলাটো ক্লিন ছুইপ কৰিব বিচাৰিব ।

গিল আৰু ৰোহিত শৰ্মাৰ শতকীয় অংশীদাৰিত্ব

ভাৰতৰ হৈ প্ৰথমে বেটিং কৰিবলৈ আহিছিল ৰোহিত শৰ্মা আৰু শুভমন গিল । তেওঁলোকে ১৬.৪ অভাৰত ভাৰতৰ প্ৰথম উইকেট পতন ঘটালৈ ১৩৬ ৰাণৰ শতকীয় অংশীদাৰিত্ব কৰে । ভাৰতে গিলৰ ৰূপত প্ৰথমটো বিপৰ্যয় লাভ কৰে যেতিয়া জেমী অভাৰটনে তেওঁক ব্যক্তিগত ৬০ ৰাণত বল আউট কৰে । ইয়াৰ পিছত বিৰাট কোহলি ক্ৰীজলৈ আহিছিল যদিও ৫ ৰাণ সংগ্ৰহ কৰি আদিল ৰছিদৰ বলত পেভেলিয়নমুখী হয় ।

ইফালে ৰোহিত শৰ্মাই ১১৯ ৰাণৰ শতক ইনিংছ খেলিছিল । ৯টা চাৰি আৰু ৭টা ছয়ৰ সহায়ত তেওঁ ৭৬টা বলত শতক সম্পূৰ্ণ কৰে । হিটমেনে ১৭টা চাৰি আৰু ৭টা ছয়ৰ সহায়ত ৯০টা বলত ১১৯ ৰাণৰ ইনিংছ খেলিছিল । ভাৰতৰ হৈ শ্ৰেয়াছ আয়াৰে ৪৭টা বলত ৪৪ ৰাণৰ ইনিংছ খেলি ৰাণ আউট হয় ।

শ্ৰেয়াছ আয়েৰৰ পিছত ক্ৰমে কে এল ৰাহুলে ১০ ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় ৷ হাৰ্দিক পাণ্ডিয়াইও ১০ ৰাণ সংগ্ৰহ কৰি উভতি আহে । অক্ষৰ পেটেল আৰু ৰবীন্দ্ৰ জাদেজাৰ সৈতে মিলি দলটোৱে ভাৰতৰ হৈ খেলখন সহজে জয়লাভ কৰে । অক্ষৰে ৪৩টা বলত ৪টা চাৰিৰ সহায়ত ৪১ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ৰবীন্দ্ৰ জাদেজাই ১১ ৰাণৰ বৰঙণি আগবঢ়াই ভাৰতক জয় লাভ কৰাত বৰঙণি যোগায় ।

ইয়াৰ পূৰ্বে টছত জিকি ইংলেণ্ডৰ অধিনায়ক জোছ বাটলাৰে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । ইংলেণ্ডে অ’পেনাৰ বেন ডাকেট (৬৫) আৰু প্ৰবীণ বেটছমেন জো ৰুটৰ (৬৯) অৰ্ধশতকৰ সহায়ত ৪৯.৫ অভাৰত ৩০৪ ৰাণ সংগ্ৰহ কৰে । আনহাতে, ভাৰতৰ হৈ ৰবীন্দ্ৰ জাদেজাই সৰ্বাধিক ৩টা উইকেট দখল কৰে ।

লিভিংষ্টন-ৰছিদে স্ক’ৰ ৩০০ৰ ওপৰলৈ লৈ যায়

ইংলেণ্ডৰ সোঁহাতৰ বেটছমেন লিয়াম লিভিংষ্টনে শেষ অভাৰত কিছু উজ্জ্বল শ্বট খেলিছিল । ২টা চাৰি আৰু ২টা ছয়ৰ সহায়ত তেওঁ ৩২টা বলত ৪১ ৰাণৰ অপৰাজিত ইনিংছ খেলিছিল । আদিল ৰছিদৰ পৰাও লিভিংষ্টনে যথেষ্ট সমৰ্থন লাভ কৰিছিল । ৰছিদে ৩টা চাৰিৰ সহায়ত ৫টা বলত ১৪ ৰাণ সংগ্ৰহ কৰে । এই দুজন খেলুৱৈৰ বাবেই ইংলেণ্ডৰ স্ক’ৰ ৩০০ৰ ওপৰলৈ গৈছিল ।

জাদেজাই সৰ্বাধিক ৩ উইকেট দখল কৰে

বাওঁহাতৰ তাৰকা স্পিনাৰ ৰবীন্দ্ৰ জাডেজা ভাৰতৰ হৈ সৰ্বাধিক সফল বলাৰ হিচাপে পৰিগণিত হয় । জাদেজাই ১০ অভাৰত মাত্ৰ ৩৫ ৰাণত ৩টা উইকেট দখল কৰে । তেওঁ বেন ডাকেট, জো ৰুট আৰু জেমী অভাৰটনক নিজৰ লক্ষ্য কৰি লৈছিল । মহম্মদ ছামী, হৰ্ষিত ৰাণা আৰু বৰুণ চক্ৰৱৰ্তীয়ে ১কৈ উইকেট লাভ কৰে । খেলখনত ইংলেণ্ডৰ তিনিজন বেটছমেন ৰাণ আউট হয় ।

লগতে পঢ়ক: প্ৰথম এদিনীয়াত ভাৰতৰ হাতত ৪ উইকেটত পৰাস্ত ইংলেণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.