মৰাণ : নিমিষতে সংঘটিত হ'ল এক হৃদয় বিদাৰক ঘটনা । পতি-পত্নীয়ে নিশা শুই অৱস্থাতেই ঘটিল এই ঘটনাটো । কোনোৱে হয়তো সপোনতো কল্পনা কৰা নাছিল এই ধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে বুলি । বিনাতেই যেন অপেক্ষা কৰিছিল মৃত্য়ুদূতে । ডিব্ৰুগড়ৰ ডিকমৰ পমাতলি চাহ-বাগিচাত দেওবাৰে নিশা কেনেকৈ ঘটিছিল ঘটনাটো ?
আন দিনাৰ দৰে যোৱা নিশাও সোনকালে ভাত-পানী খাই শুই আছিল পতি-পত্নী । বিচনাৰ কাষতেই জ্বলি আছিল এগছি চাকি । তেনেই সংঘটিত হ'ল এক অগ্নিকাণ্ডৰ ঘটনা । ডিকমৰ পমাতলি চাহ-বাগিচাত দেওবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড । নিশা শুই থকা অৱস্থাতে ভস্মীভূত হ'ল এগৰাকী মহিলা । মৃত মহিলা গৰাকী হৈছে সুমতি ভূঞা । এই অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হয় সুমতি ভূঞাৰ স্বামী সুৰেশ ভূঞা ।
এই ঘটনাটোৰ পাছতে আহত সুৰেশ ভূঞাক নিশাই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় । অগ্নিকাণ্ডৰ খবৰ লাভ কৰাৰ পাছতে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয় যদিও ইয়াৰ পূৰ্বেই ভস্মীভূত হৈ গৈছিল মহিলাগৰাকী । পিচত ঘটনাস্থলীত ডিকম আৰু চাবুৱা আৰক্ষী উপস্থিত হৈ অগ্নিকাণ্ড সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।
জানিব পৰা মতে, অগ্নিকাণ্ড সংঘটিত হোৱা ঘৰটোত নাছিল কোনো বিদ্যুৎ সংযোগ । ঘৰটোৰ শোৱনি কোঠাত এটা চাকি জ্বলি থকা অৱস্থাত শুই পৰিছিল পৰিয়লটোৰ সদস্য় । ফলত জ্বলাই থোৱা চাকিৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈ এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱা বুলি পৰিয়াল লোকে জানিবলৈ দিছে । নিশা কোনো দুস্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰা বুলি সন্দেহ কৰা হৈছিল যদিও পুৱা স্থানীয় ৰাইজে কৰা অনুসন্ধানত পোহৰলৈ আহিছে চাকিৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ কথা ।
কি কয় স্থানীয় ৰাইজে :
নিশা শুই থকা অৱস্থাতে এগৰাকী মহিলা ভস্মীভূত হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে ডিকমৰ পমাতলি চাহ বাগিচাত । এই ঘটনাক লৈ স্থানীয় ৰাইজে কয়, "বিদ্যুৎ মাচুল দিব নোৱৰাৰ বাবে কেইটামান দিনৰ পূৰ্বে ঘৰটোৰ পৰা বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিছিল বিভাগে । তেনেস্থলত মাটিৰ চাকি জ্বলাই নিশা কটাইছিল পতি-পত্নীয়ে । কিন্তু নিশা চাকি জ্বলাই শুই যোৱাত কাপোৰত চাকিৰ পৰাই অগ্নি সংযোগ হৈ এই ঘটনা হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে । অগ্নিকাণ্ডত শোৱনী কোঠাৰ বিচনা আৰু কাপোৰ থকা আনলাডাল জ্বলি গৈছে । সোমবাৰে ঘটনাস্থলীত উদ্ধাৰ হৈছে মাটিৰ চাকি ।