ETV Bharat / lifestyle

ৰাতি শোৱাৰ সময়ত খুব পিয়াঁহ লাগে নেকি ? ইয়াৰ কাৰণ কি - THIRST AT NIGHT

আপোনাৰ সৈতেও এনেকুৱা হয় নেকি শোৱাৰ সময়ত হঠাৎ খুব পিয়াঁহ লাগিবলৈ আৰম্ভ কৰে ইয়াৰ আঁৰৰ কাৰণ কি জানেনে ?

Why Do I Feel So Thirsty at Night? Exploring the Possible Reasons
ৰাতি শোৱাৰ সময়ত খুব পিয়াঁহ লাগে নেকি ? ইয়াৰ কাৰণ কি (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Jan 6, 2025, 4:44 PM IST

ৰাতিৰ টোপনি সকলোৱে ভাল পায় । সুস্বাস্থ্যৰ বাবে আমি ৭ৰ পৰা ৮ ঘণ্টা শুব লাগে । কিন্তু কেতিয়াবা হঠাতে মাজনিশা আমি প্ৰবল পিয়াঁহ অনুভৱ কৰো, যিয়ে আমাৰ টোপনি বিঘ্নিত কৰে আৰু ডিঙি শুকান হৈ পৰে । বৰ্তমান এই সমস্যাটো যথেষ্ট সাধাৰণ হৈ পৰিছে, সেয়েহে আপোনাৰ বাবেও সজাগ হোৱাটো গুৰুত্বপূৰ্ণ । এই সমস্যাৰ আঁৰৰ আচল কাৰণ কি জানো আহক-

গোটেই দিনটো পানী কমকৈ খোৱা

কোনো স্বাস্থ্য বিশেষজ্ঞক সুধিলে তেওঁ ক’ব যে এজন সুস্থ প্ৰাপ্তবয়স্কক দৈনিক ৮ৰ পৰা ১০ গিলাচ পানীৰ প্ৰয়োজন । যদি আপুনি গোটেই দিনটো পানী কমকৈ সেৱন কৰে, তেন্তে ৰাতি শৰীৰে পানীৰ অভাৱ হোৱাৰ ইংগিত দিব বুলি স্পষ্ট । গতিকে নিয়মীয়াকৈ ডিঙি তিয়াই থাকিব ।

চাহ আৰু কফি সেৱন

ভাৰতত চাহ-কফি খাবলৈ ভাল পোৱা মানুহৰ অভাৱ নাই যদিও ইয়াৰ ফলত স্বাস্থ্যৰ যথেষ্ট ক্ষতি হ’ব পাৰে । যিহেতু এই পানীয়বোৰত অধিক পৰিমাণৰ কেফেইন থাকে, গতিকে শৰীৰত পানীৰ পৰিমাণ কমিবলৈ আৰম্ভ কৰে যাৰ ফলত ৰাতি অসুবিধাৰ সৃষ্টি হয় । কেফেইনৰ ফলত সঘনাই প্ৰস্ৰাৱ আহে, যাৰ ফলত শৰীৰত পানী হ্ৰাস হয় ।

অধিক নিমখীয়া খাদ্য খোৱা

সুস্থ হৈ থাকিবলৈ দিনটোত মাত্ৰ ৫ গ্ৰাম নিমখ খাব লাগে । যদি আপুনি ইয়াতকৈ বেছি সেৱন কৰে তেন্তে ই নিশ্চিতভাৱে শৰীৰত বেয়া প্ৰভাৱ পেলাব । নিমখত ছডিয়াম থাকে যাৰ ফলত পানী হ্ৰাস হয়, সেয়েহে প্ৰায়ে ৰাতি বহুত পিয়াঁহ লাগে ।

ডিঙি শুকান হোৱাৰ পৰা কেনেকৈ ৰক্ষা পৰিব

  • যদি আপুনি বিচাৰে যে মাজনিশা আপোনাৰ ডিঙি শুকাই নাযায়, তেন্তে ইয়াৰ বাবে আপুনি ওপৰত উল্লেখ কৰা কাৰকসমূহৰ প্ৰতি গুৰুত্ব দিব লাগিব ।
  • দিনটো পৰ্যাপ্ত পৰিমাণে পানী খাই থাকিব
  • হয় চাহ বা কফি নাখাব, নহয় ইয়াৰ সেৱন সীমিত কৰিব
  • চ’ডা পানীয়ত কেফেইন থাকে, ইয়াকো পৰিহাৰ কৰক
  • নেমু পানী, ফলৰ ৰস আদি তৰল খাদ্য গ্ৰহণ কৰক
  • ফ্ৰেঞ্চ ফ্ৰাই আৰু চিপছৰ দৰে নিমখীয়া খাদ্য পৰিহাৰ কৰক
  • মছলাযুক্ত খাদ্যই পিয়াঁহ বৃদ্ধি কৰে, ইয়াৰ পৰা আঁতৰি থাকক

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

  1. Ice Cream: আইচক্ৰীম খোৱাৰ পিছত আমি পানী খোৱাটো উচিত নে ? জানক কিয় লাগে পিয়াহ
  2. বাৰুকৈয়ে সুৰাপানে বৃদ্ধি কৰিব পাৰে নেকি কেন্সাৰৰ আশংকা ? কি কয় বিশেষজ্ঞই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.