শিৱসাগৰ: মৃত্যুৰ ৭৭ বছৰ বাগৰি গ'ল । অহিংস নীতিত অটল জাতিৰ পিতা পৰিল এইবাৰ চোৰৰ কৱলত । যি জাতিৰ পিতাই ৰাম ৰাজ্য স্থাপনৰ সপোন দেখিছিল সেই ৰামৰাজ্যত এতিয়া অস্তিত্বহীনতাত খোদ জাতিৰ পিতা মহাত্মা গান্ধী । স্বাধীন ভাৰতৰ অন্যতম হোতাৰ মৃত্যুৰ ৭৭ বছৰ পিছত চোৰৰ কৱলত পৰিল গান্ধীজী । তাকো এয়া কনকলতা, মুকুন্দ কাকতিৰ ৰাজ্য অসমত । ঘটনা আহোম ৰাজত্বৰ ঐতিহ্য বহনকাৰী শিৱসাগৰৰ ।
কিন্তু কোনে আৰু কিয় চুৰি কৰিলে গান্ধীজীক ?
শিৱসাগৰ নগৰৰ বাবুপট্টিত সংঘটিত হ'ল এই চাঞ্চল্যকৰ ঘটনা । শিৱসাগৰ নগৰৰ বাবুপট্টিত শিৱসাগৰ পৌৰসভাৰ উদ্যোগত স্থাপন কৰা হৈছিল এখন গান্ধী উদ্যান । গছ-ফুলেৰে জাতিষ্কাৰ এই উদ্যানত প্ৰতিষ্ঠা কৰা হৈছিল জাতিৰ পিতাৰ এক সম্পূৰ্ণ কাট-আউত । উৰুকাৰ নিশা কোনো দুস্কৃতিকাৰীয়ে উঠাই নিয়ে গান্ধীৰ কাট-আউট ।
এই সমগ্ৰ দৃশ্য বন্দী হ'ল চিচিটিভি কেমেৰাত । দেখা গ’ল দুখন স্কুটিত অহা চাৰিজন লোকে উঠাই লৈ গ'ল গান্ধীজীক । ঘটনা সন্দৰ্ভত পৌৰসভা কৰ্তৃপক্ষই শিৱসাগৰ আৰক্ষীক অৱগত কৰিছে যদিও এতিয়াও আৰক্ষীয়ে কোনো উৱাদিহ ওলিয়াব পৰা নাই 'গান্ধী চোৰ'ৰ । এতিয়া প্ৰশ্ন উঠিছে কোনে আৰু কিয় চুৰি কৰিলে মহাত্মা গান্ধীক ?
গান্ধীৰ প্ৰতি পৰম ভক্তিৰ বাবে এই চুৰি নে উৰুকাৰ নিশা ভোগালীৰ ভোজৰ জুইত জাহ দিলে গান্ধীক ! মাঘৰ মাজনিশাৰ শীতৰ পৰা হাত সাৰিবলৈ কোনো চিন্তাহীন লোকে জাতিৰ পিতাক পুনৰ চিতাত তুলিলে নেকি ? এই প্ৰশ্নৰ উত্তৰ বিচাৰিছে স্থানীয় লোকে । শিৱসাগৰ আৰক্ষীৰ পৰা উচিত তদন্তৰ দাবী কৰিছে গান্ধী চুৰিকাণ্ডৰ ।