ETV Bharat / state

এদিনৰ বাবে পাঠ্যপুথি এৰি বজাৰ মেলি বহিল ছাত্ৰ-ছাত্ৰী - STUDENT MARKET

মাজুলীৰ এখন বিদ্যালয়ত দেখা গ'ল এক অনন্য পৰিৱেশ । পুথিগত শিক্ষাৰ বিপৰীতে দৈনন্দিন জীৱনৰ শিক্ষা ল'লে ছাত্ৰ-ছাত্ৰীয়ে ।

A trade fair for students is organized in a school in Majuli
এদিনৰ বাবে পাঠ্যপুথি এৰি বজাৰ মেলি বহিল ছাত্ৰ-ছাত্ৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 22, 2025, 10:52 PM IST

মাজুলী: এখন বিদ্যালয়ৰ ব্যতিক্ৰমী প্ৰয়াস । জীৱনবোধৰ শিক্ষা দিয়াৰ প্ৰয়াস কৰে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰীয়ে । এটা দিনৰ বাবে শিক্ষাৰ্থীসকলক দেখা গ'ল অন্য এক ৰূপত । পুথিগত শিক্ষা লাভ কৰাৰ লগতে দৈনন্দিন জীৱনত প্ৰয়োজনীয় শিক্ষাৰে জীৱনত আগুৱাই নিয়াৰ প্ৰয়াস বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ । ছাত্ৰ-ছাত্ৰীক পাঠ্যপুথিৰ শিক্ষাৰ সমান্তৰালভাৱে বাহ্যিক বিষয়সমূহত আগবঢ়াই নিবলৈ আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ে বুধবাৰে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আয়োজন কৰে এখন বাণিজ্য মেলাৰ ।

পাঠ্যপুথিৰ শিক্ষাৰ মাজৰ পৰা কিছু সময় আঁতৰি হাতে-কামে লগা শিক্ষা বিচাৰি এদিনৰ বাবে বজাৰত বহিল আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী । বিদ্যালয়ৰ পৰ্যটন-শুশ্ৰূষা আৰু ৰিটেইল বিভাগৰ উদ্যোগত পুৱা ৯:৩০ বজাৰ পৰা বিদ্যালয়ৰ দেৱালৰ বাহিৰত আউনীআটী সত্ৰৰ বাহিৰ কৰাপাটৰ সন্মুখত বাণিজ্য মেলাখনি আৰম্ভ হয় ।

এদিনৰ বাবে পাঠ্যপুথি এৰি বজাৰ মেলি বহিল ছাত্ৰ-ছাত্ৰী (ETV Bharat Assam)

মাজুলীৰ মাধ্যমিক বিদ্যালয়সমূহৰ ভিতৰত প্ৰথমবাৰলৈ এনে বাণিজ্য মেলা বিদ্যালয়খনে আয়োজন কৰিছে । বাণিজ্য মেলাখনি শুভ উদ্বোধন কৰে মাজুলীৰ এগৰাকী প্ৰগতিশীল কৃষকে । বিশেষকৈ মিলেট কৃষিৰে মাজুলীলৈ সুনাম কঢ়িয়াই অনা নামনি মাজুলীৰ সুমন্ত বৰুৱাই ।

উল্লেখ্য যে, উক্ত মেলাত বোকোৰা আৰু ভকতচাপৰিৰ শাক-পাচলিৰ লগতে গুৰৰ প্ৰয়োভৰ ঘটে । এই বাণিজ্য মেলাত আউনীআটী সত্ৰৰ বৈষ্ণৱ ছাত্ৰসকলেও বিপনীত বহি বেপাৰ-বাণিজ্যৰ প্ৰেক্টিকেল জ্ঞান অৰ্জন কৰিছে । আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ কেইবাগৰাকীও ছাত্ৰীয়ে বাণিজ্য মেলাৰস্থলীতে পিঠা, লাড়ু তৈয়াৰ কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত গৃহকৰ্ম শিক্ষা প্ৰয়োজনীয়তা দাঙি ধৰে । বিদ্যালয়খনৰ এনে কৰ্মক এতিয়া শলাগ লৈছে সকলোৱে । এনেবোৰ অভিজ্ঞতাই ভৱিষ্যতে ছাত্ৰ-ছাত্ৰীসকলক নিজকে সমাজত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাত সহায়ক হ'ব বুলি উল্লেখ কৰে সচেতন লোকে ।

লগতে পঢ়ক: সামগ্ৰিক কল্যাণৰ বাবে জমা আছে ২৪৫৭ কোটি টকা:শোষিত-বঞ্চিত লাখ লাখ শ্ৰমিক - ASSAM CONSTRUCTION WORKERS

ব্ৰহ্মপুত্ৰত ৯১৬ কিলোমিটাৰ দুঃসাহসিক নৌকা যাত্ৰা - NIMAS HISTORIC BRAHMAPUTRA RAFTING

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.