ETV Bharat / bharat

অৰুণাচলৰ পৰম্পৰাগত সুৰাক আধুনিক ৰূপ দিয়াৰ প্ৰয়াস এগৰাকী মহিলাৰ - OTER ERING TAYENGS SPECIAL APONG

অৰুণাচলৰ সংস্কৃতি, পৰম্পৰা আৰু মাটিৰ সোৱাদযুক্ত পৰম্পৰাগত সুৰা 'আদি আপং'ক বিশ্বমুখী কৰাৰ স্বপ্নত বিভোৰ এগৰাকী উদ্যোগী মহিলা ।

Oter Ering Tayengs Special Apong
অৰুণাচলৰ পৰম্পৰাগত সুৰাক আধুনিক ৰূপ দিয়াৰ প্ৰয়াস এগৰাকী মহিলাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 6, 2025, 4:39 PM IST

Updated : Jan 6, 2025, 5:52 PM IST

তেজপুৰ : তিনিবিধ থলুৱা সুৰাৰে আৰম্ভ হৈছে চিয়াং বিভাৰেজ কোম্পানীৰ 'আদি আপং' (Adi Apong) । স্থানীয়ক প্ৰাধান্য দি অৰুণাচল প্ৰদেশৰ আদি জনগোষ্ঠীৰ পৰম্পৰাগত সুৰা 'আদি আপং'ৰ পেকেজিং অৰুণাচল প্ৰদেশৰ পাছিঘাটত । জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ বিশেষ প্ৰতিবেদন ।

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত থলুৱাভাৱে প্ৰস্তুত কৰা দেশীয় সুৰাৰ প্ৰচলনৰ এক ইতিহাস আছে । উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰত্যেক ৰাজ্যতে জনজাতীয় সম্প্ৰদায়সমূহৰ মাজত নিজা নিজা বিভিন্ন নামেৰে এই দেশীয় সুৰাৰ প্ৰচলন যুগ যুগ ধৰি চলি আহিছে ।

আজি আমি এক বিশেষ সুৰাৰ বিষয়ে ক’বলৈ বিচাৰিছোঁ, যি দেশীয় সুৰা এতিয়া অৰ্গেনিকভাৱে প্ৰস্তুত কৰি ব্ৰেণ্ডিং কৰা হৈছে । আদি আপং (Adi Apong) নামৰ এইবিধ সুৰা অৰুণাচল প্ৰদেশৰ আদি জনগোষ্ঠীৰ মাজত সবাতোকৈ বেছি প্ৰচলিত হৈ আহিছে ।

অসমৰ ডিমা হাছাও জিলাৰ ডিমাছাসকলে প্ৰস্তুত কৰা জুডিমা (Judima) সুৰাই বিগত ২০২১ চনত ভৌগোলিক সূচকাংক লাভ কৰে আৰু ই এক জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয় । এইবাৰ অটাৰ এৰিং টায়েং (Oter Ering Tayeng) নামৰ অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ এগৰাকী মহিলাই নিজা প্ৰচেষ্টাৰে চিয়াং বিভাৰেজ প্ৰাইভেট লিমিটেড (Siang Beverage Pvt. Ltd.) নামৰ এটা কোম্পানী আৰম্ভ কৰিছে । তেওঁ এই কোম্পানীৰ জৰিয়তে দুবিধ দেশীয় সুৰা প্ৰস্তুত কৰিছে । ইয়াৰ উদ্দেশ্য হৈছে অৰুণাচলৰ সংস্কৃতি, পৰম্পৰা আৰু মাটিৰ সোৱাদযুক্ত পৰম্পৰাগত সুৰা 'আদি আপং'ক বিশ্বমুখী কৰা ।

অলপতে অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেন'য়ে মুকলি কৰা স্থানীয় চাউলৰ এই সুৰা দুবিধ হৈছে ক’লা চাউলৰ পৰা তৈয়াৰ কৰা, থলুৱা ভাষাত পিজিন আপং (আমকেল) হৈছে ধানৰ পতানৰ ছাই মিহলাই তৈয়াৰ কৰা পৰো আপং আৰু মিৰোং আপং । এই সকলোবোৰ লৈ আদি আপং নাম দিয়া হৈছে । ই হৈছে ৰাজ্যৰ পঞ্জীয়নভুক্ত ভৌগোলিক সূচকাংক (জি আই টেগ) লাভ কৰা সামগ্ৰীসমূহৰ ভিতৰত অন্যতম এক সুৰা । ইয়াৰ বাবে নাবাৰ্ডৰ সহায় লাভ কৰা হৈছে ।

টায়েঙে ইটিভি ভাৰতক জনায়, "আপং এক সতেজ তথা সন্মানীয় সুৰা । পৌৰাণিক দিনত ইয়াক শক্তিদায়ক হিচাপে ব্যৱহাৰ কৰা হৈছিল । অৰুণাচল প্ৰদেশৰ জনগোষ্ঠীৰ মাজত ই এক পৰম্পৰা ৰক্ষা কৰা সুৰা, সকলো সময়তে ইয়াৰ প্ৰযোজ্য হয় । যিকোনো উৎসৱ, সাংস্কৃতিক অনুষ্ঠান উদযাপনত, অতিথি আপ্যায়ণ আদি সকলো সময়তে ইয়াৰ ব্যৱহাৰ কৰা হয় ।"

তেওঁ লগতে কয়, "যিহেতু ই জনসাধাৰণৰ বাবে অতি গুৰুত্বপূৰ্ণ, সেইবাবেই মই নিজে ইয়াক বটলত পেকেজিং কৰি ব্যৱসায় আৰম্ভ কৰাৰ কথা চিন্তা কৰিলোঁ । ই হৈছে থলুৱাভাৱে প্ৰস্তুত কৰা এবিধ সুৰা আৰু ইয়াত কোনো ধৰণৰ আসোঁৱাহ নাই । লগতে আমাৰ সমাজত প্ৰচলিত এই সুৰাৰ পৰা আৰ্থিকভাৱেও লাভৱান হ'ব পাৰি । বিশেষকৈ পৰ্যটকৰ বাবে ইয়াৰ পৰা অতিকৈ লাভান্বিত হ'ব পাৰি । লগতে মই তৈয়াৰ কৰা এই সুৰা সম্পূৰ্ণ থলুৱা ।"

টায়েঙে আৰু কয়, "একমাত্ৰ ব্যৱসায় কৰায়ে চিয়াং বিভাৰেজ কোম্পানীৰ উদ্দেশ্য নহয় । যিহেতু ৰাজ্য চৰকাৰে 'লোকেল ফৰ ভোকেল' নীতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে, সেইবাবে বৰ্তমান প্ৰায় স্থানীয় উপাদানসমূহ নিঃশেষ হোৱাৰ পৰা ৰক্ষা কৰি আমাৰ সাম্প্ৰদায়ৰ চানেকিৰ সকলোৰে মাজত পৰিচয় দাঙি ধৰাই হৈছে মূল উদ্দেশ্য ।"

উল্লেখ্য যে এই সুৰা এক প্ৰকাৰ চাউলৰ পৰা প্ৰস্তুত কৰা এক বিশেষ বিয়েৰ । ইয়াক উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ মাজত বিভিন্ন নামেৰে জনা যায় । যেনে সাঁজ (আহোমসকলৰ দ্বাৰা প্ৰস্তুত কৰা), আপং (মিছিং সম্প্ৰদায়ৰ দ্বাৰা প্ৰস্তুত কৰা) আৰু জৌ (বড়ো সম্প্ৰদায়ৰ দ্বাৰা প্ৰস্তুত কৰা) । ইয়াক প্ৰথমতে মিছিংসকলে প্ৰস্তুত কৰা বুলি বিশ্বাস কৰা হয় ।

আনহাতে, কোনো বজাৰত এই আপং বিক্ৰী নহয় আৰু ইয়াৰ প্ৰচলন প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি আহিছে । তেওঁ কয়, "পৰো আপং ৰাইচ ৱাইন' একমাত্ৰ আদি আৰু গাল' জনগোষ্ঠীৰ বাহিৰে অসমত মিছিংসকলে প্ৰস্তুত কৰে । আনহাতে, পিজিন আপং ক'লা চাউলৰ পৰা প্ৰস্তুত কৰা হয় আৰু মিৰোং নামৰ আন এবিধ সুৰাৰ সৈতে অৰুণাচল প্ৰদেশৰ পৰম্পৰাগত এক প্ৰামাণিক সোৱাদ আছে ।"

এই সুৰাৰ বিশেষত্ব আৰু পেকেজিং সন্দৰ্ভত তেওঁ কয়, "এই স্থানীয়ভাৱে প্ৰস্তুত কৰা ৱাইন বা সুৰাই ছিয়াং উপত্যকাৰ চহকী পানীয়ৰ ঐতিহ্যৰ মৰ্যাদা বহন কৰে । ই পুৰণি পৰম্পৰাক আধুনিক সোৱাদৰ সৈতে মিহলাই দিয়ে । বৰ্তমান প্ৰস্তুত কৰা বটল ৭৫০-৩৫০ মিলিলিটাৰৰ । পৰো আপঙৰ এটা বটলৰ মূল্য ৫০০ টকা । ইয়াৰ বিপৰীতে পিজিন আপং আৰু মিৰোঙৰ দাম ৭০০ টকা নিৰ্ধাৰণ কৰা হৈছে ।"

লগতে পঢ়ক :ভাৰত পালেহি চীনৰ ভাইৰাছ: বেংগালুৰুত দুই শিশু এইচ এম পি ভিত আক্ৰান্ত - HMPV VIRUS IN INDIA
লগতে পঢ়ক :ভাৰতৰ দ্বিতীয়টো সৰ্ববৃহৎ জগন্নাথ মন্দিৰ দৰ্শন কৰিলে ৰাজ্যপালে - GOVERNOR LAXMAN PRASAD ACHARYA

Last Updated : Jan 6, 2025, 5:52 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.