ETV Bharat / technology

ইছৰোৱে পিছুৱালে ঐতিহাসিক মহাকাশ ডকিঙৰ সময়; পৰৱৰ্তী দিন কেতিয়া? - ISRO’S SPADEX MISSION

ইছৰোৱে কাইলৈ ​​(7 জানুৱাৰী) স্পেডেক্স মিছনৰ জৰিয়তে মহাকাশ ডকিং প্ৰক্ৰিয়া পৰীক্ষা কৰাৰ পৰিকল্পনা কৰিছিল । কিন্তু সংস্থাটোৱে এই পৰীক্ষাৰ দিন পিছুৱাইছে । কেতিয়া হ'ব জানক...

isro-postpones-spadex-mission-docking-to-january-9
ইছৰোৱে পিছুৱালে ঐতিহাসিক মহাকাশ ডকিঙৰ সময়; পৰৱৰ্তী দিন কেতিয়া? (ISRO)
author img

By ETV Bharat Tech Team

Published : Jan 6, 2025, 4:42 PM IST

হায়দৰাবাদ: সোমবাৰৰ বিয়লি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে এক বৃহৎ ঘোষণা কৰে । 30 ডিচেম্বৰত আৰম্ভ হোৱা ঐতিহাসিক মিছন স্পাডেক্সৰ ডকিং প্ৰক্ৰিয়াৰ দিন পিছুৱাই দিয়া হৈছে । মহাকাশত এই প্ৰক্ৰিয়াটো আজি সংঘটিত হোৱাৰ কথা আছিল । কিন্তু সংস্থাটোৱে ইয়াক 9 জানুৱাৰীলৈ পিছুৱাই দিছে । এই অভিযান ইছৰোৰ বাবে অতি গুৰুত্বপূৰ্ণ কাৰণ এই অভিযান সফল হ’লে ইছৰোকে ধৰি ভৱিষ্যতৰ মহাকাশ অভিযানৰ পথ মুকলি হ’ব ।

এই অভিযানৰ নাম স্পেচ ডকিং এক্সপেৰিমেণ্ট (SpaDex) ৰখা হৈছে। এই অভিযানৰ জৰিয়তে ইছৰোই দুখন মহাকাশযান SDX01 আৰু SDXO2 মহাকাশলৈ প্ৰেৰণ কৰিছে । 30 ডিচেম্বৰৰ নিশা প্ৰায় 10:15 বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হয় । 2024 চনৰ শেষৰ ফালে এই অভিযান আৰম্ভ কৰি ইছৰোই ইতিহাসৰ সৃষ্টি কৰিছিল ।

ডকিং আৰু আনডকিং প্ৰক্ৰিয়া কি কি?

মেৰু উপগ্ৰহ উৎক্ষেপণ বাহন (PSLV-C60) য়ে 220 কিলোগ্ৰাম ওজনৰ দুটা উপগ্ৰহ 470 কিলোমিটাৰ দৈৰ্ঘৰ বৃত্তাকাৰ কক্ষপথত স্থাপন কৰিছিল । এই অভিযানৰ জৰিয়তে ইছৰোই মহাকাশত ডকিং আৰু আনডকিং প্ৰক্ৰিয়া পৰীক্ষা কৰিব । ‘ডকিং’ মানে এখন মহাকাশযান আন এখনৰ সৈতে সংযোগ কৰা আৰু ‘আনডকিং’ হৈছে মহাকাশত সংযুক্ত দুখন মহাকাশযানৰ পৃথকীকৰণ । চন্দ্ৰৰ পৰা নমুনা অনা, ভাৰতীয় মহাকাশ কেন্দ্ৰ (বি এছ এছ) নিৰ্মাণৰ দৰে ভাৰতৰ অভিলাষী অভিযানৰ বাবে এই প্ৰযুক্তি অতি গুৰুত্বপূৰ্ণ ।

তাৰিখ কিয় পিছুওৱা হ’ল?

ডকিং প্ৰক্ৰিয়াত মহাকাশযান দুখন সৰলৰেখাত থকাটো প্ৰয়োজনীয় আৰু ইয়াৰ বাবে নিখুঁত শক্তি অনুকূলনৰ প্ৰয়োজন । ইছৰোই নিজৰ 18 টা স্থল ষ্টেচন আৰু অতিৰিক্ত আন্তঃৰাষ্ট্ৰীয় সুবিধা ব্যৱহাৰ কৰি মহাকাশযান দুয়োখনকে নিৰীক্ষণ কৰি আছে । ইছৰোৱে ডকিঙৰ সময়ত পলম হোৱাৰ কাৰণ স্পষ্ট কৰা নাই ৷ অৱশ্যে একাংশ বিশেষজ্ঞই শেষ মুহূৰ্তত কাৰিকৰী গ্লিচ বা প্ৰি-লঞ্চৰ সময়ত কিছু সমস্যা হ’ব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰিছে । ইয়াৰ পূৰ্বে ইছৰোৰ মুৰব্বী এছ সোমনাথনে কৈছিল যে 7 জানুৱাৰীৰ দিনা মহাকাশযানখন ডকিং আৰু আনডকিং কৰা হ’ব পাৰে । এই প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে অনুকূল পৰিস্থিতিৰ ওপৰত নিৰ্ভৰশীল ।

মিছন সফল হ’লে কি লাভ হ’ব?

যদিহে ‘SPADEX মিছন’ সফল হয় তেন্তে মহাকাশত ভাৰতে নিজাকৈ মহাকাশ কেন্দ্ৰ স্থাপন কৰিবলৈ সক্ষম হ’ব আৰু মহাকাশত ‘ডকিং’ প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছতে বিশ্বৰ চতুৰ্থ সফল দেশ হিচাপে পৰিগণিত হ’ব । কেৱল সেয়াই নহয়, চন্দ্ৰযান-4 মিছনেও ইয়াৰ পৰা যথেষ্ট লাভৱান হ’ব । ইয়াৰ লগতে ইছৰোৱে মহাকাশত বহু কাম কৰিব পাৰিব, যেনে মহাকাশত উপগ্ৰহ মেৰামতি, ইন্ধন ভৰোৱা আৰু অপ্ৰয়োজনীয় সামগ্ৰী আঁতৰোৱা ইছৰোৰ বাবে সহজ হৈ পৰিব ।

লগতে পঢ়ক: 30 ডিচেম্বৰত আৰম্ভ হ’ব ইছৰোৰ Spadex অভিযান

উভতি চাওঁ: 2024 বৰ্ষত বহু সফলতাৰ কৃতিত্ব আৰ্জিলে ইছৰোৱে

এক নতুন মাইলৰ খুঁটিত উপনীত ইছৰো; PROBA-3ৰ সফল উৎক্ষেপণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.