ETV Bharat / bharat

শ্বহীদ ৮ চিআৰপিএফ জোৱান; ছত্তীশগড়ৰ বিজাপুৰত নক্সালবাদীৰ প্ৰাণঘাতী আক্ৰমণ - CHHATTISGARH NAXAL ATTACK

নক্সাল প্ৰভাৱিত ছত্তীশগড়ৰ বিজাপুৰত তালাচী অভিযানৰ পাছত উভতি অহা জোৱানৰ বাহনক লক্ষ্য কৰি আই ই ডি বিস্ফোৰণ কৰে নক্সালবাদীয়ে ।

CHHATTISGARH NAXAL ATTACK
সেনা-জোৱানৰ বাহনত নক্সালবাদীৰ এম্বুছ (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 6, 2025, 4:18 PM IST

Updated : Jan 6, 2025, 5:56 PM IST

বিজাপুৰ, (ছত্তীশগড়): ছত্তীশগড়ৰ বিজাপুৰত সোমবাৰে নক্সালবাদীৰ আক্ৰমণত ৮ জন সেনা জোৱান শ্বহীদ হয় ৷ চি আৰ পি এফ জোৱান কঢ়িয়াই অনা এখন বাহনখনক লক্ষ্য কৰি নক্সালবাদীয়ে আই ই ডি বিস্ফোৰণ কৰে । নক্সালবাদীয়ে কৰা এই আক্ৰমণত বাহনখনৰ চালকো শ্বহীদ হয় ৷ বস্তৰৰ আই জি সুন্দৰৰাজ পিয়ে আই ই ডি বিস্ফোৰণৰ কথা নিশ্চিত কৰিছে ৷

তথ্য অনুসৰি সোমবাৰে নিৰাপত্তাৰক্ষীৰ যৌথ দল এটা তালাচী অভিযানৰ পাছত উভতি অহা সময়তে এই ঘটনা সংঘটিত হয় । বিজাপুৰৰ কুট্ৰু পথেৰে পাৰ হৈ গৈ আছিল জোৱানৰ কনভয় । সেই সময়তে দুপৰীয়া প্ৰায় ১৪:১৫ বজাত কুট্ৰু থানা এলেকাৰ আম্বেলি নালাৰ সমীপত এম্বুছ কৰা নক্সালবাদীয়ে আই ই ডি বিস্ফোৰণ কৰি নিৰাপত্তাৰক্ষীৰ এখন বাহন বিস্ফোৰণ কৰে । এই নক্সালবাদী আক্ৰমণত বাহনখনত থকা ৮ জন জোৱান আৰু চালকজন শ্বহীদ হয় ।

সেনা-জোৱানৰ বাহনত নক্সালবাদীৰ এম্বুছ (Etv Bharat)

২০২৫ চনৰ তৃতীয়টো ঘটনা: ২০২৫ চনত ছত্তীশগড়ত নক্সাল আৰু সেনা জোৱানৰ মাজত সংঘটিত এইটো তৃতীয়টো সংঘৰ্ষ । ইয়াৰ পূৰ্বে ছত্তীশগড়ৰ গৰিয়াবন্দ জিলাত ৩ জানুৱাৰীত সংঘটিত হোৱা নক্সাল এনকাউণ্টাৰত ৩ টা নক্সালবাদী নিহত হৈছিল । ইয়াৰ এদিন পিছত অৰ্থাৎ ৪ জানুৱাৰীত দন্তেৱাড়াত হোৱা এনকাউণ্টাৰত ৫টা নক্সালবাদী নিহত হয় । একে সময়তে শ্বহীদ হয় দন্তৱাড়া ডি আৰ জিৰ ৩৩ নম্বৰৰ হেড কনিষ্টবল সন্নুৰাম কাৰম ।

নক্সালবাদীয়ে শক্তিশালী আই ই ডিৰে নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ কৰি কৰে:

৩ জানুৱাৰী, ২০২৫: বিজাপুৰত নক্সালবাদীয়ে ৰোপণ কৰা আই ই ডি বিস্ফোৰণত আহত হয় তিনিজন জিলা ৰিজাৰ্ভ গাৰ্ডৰ জোৱান ।

২৪ নৱেম্বৰ ২০২৪: ছত্তীশগড়ৰ সুকমাত নক্সালবাদীয়ে ৰোপণ কৰা আই ই ডি বিস্ফোৰণ, জিলা ৰিজাৰ্ভ গাৰ্ডৰ কনিষ্টবল আহত ।

২৯ ছেপ্টেম্বৰ, ২০২৪: ছত্তীশগড় জিলাৰ বিজাপুৰত নক্সালবাদীৰ আই ই ডি বিস্ফোৰণত এজন বিষয়াকে ধৰি ৫জন চি আৰ পি এফ জোৱান আহত হয় ।

লগতে পঢ়ক: আবুঝামদত গুলীবৰ্ষণ; ৪ নক্সালবাদীসহ এজন জোৱান নিহত

Last Updated : Jan 6, 2025, 5:56 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.