ETV Bharat / state

এছক'ৰ্ট লৈ বিদ্যালয়লৈ শিক্ষাৰ্থী; ক'ত, কিয় ? - STUDENTS ESCORTED AT KALIABOR

বাঘৰ সন্ত্ৰাসত ত্ৰস্তমান কলিয়াবৰবাসী । স্তব্ধপ্ৰায় সাধাৰণ জনজীৱন । এইবাৰ বাঘভীতিয়ে প্ৰভাৱিত কৰিছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক ।

Students Escorted at Kaliabor
কলিয়াবৰত এছক'ৰ্ট লৈ বিদ্যালয়লৈ শিক্ষাৰ্থী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 6, 2025, 4:45 PM IST

কলিয়াবৰ : কলিয়াবৰত অব্যাহত আছে বাঘৰ সন্ত্ৰাস । বিগত কিছুদিন ধৰি ব্যাহত হৈ আছে স্বাভাৱিক জনজীৱন । তাৰ মাজতে আৰম্ভ হৈছে বিদ্যালয়সমূহৰ গুণোৎসৱ ।

কিন্তু এই গুণোৎসৱৰ বাবে কলিয়াবৰত সৃষ্টি হৈছে এক নভবা-নিচিন্তা পৰিৱেশ । বনকৰ্মীৰ সুৰক্ষা বেষ্টনীৰ মাজত বিদ্যালয়লৈ যাবলগা হৈছে ছাত্ৰ-ছাত্ৰীসকল । অঞ্চলটোত নৰখাদকৰ সন্ত্ৰাসৰ বাবে কণ কণ ছাত্ৰ-ছাত্ৰীসকল বহু দিন ধৰি বিদ্যালয়লৈ নোযোৱাকৈ আছিল । কিন্তু তাৰ মাজতে সোমবাৰে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে আয়োজন কৰে বিদ্যালয়সমূহৰ গুণোৎসৱ । এই গুণোৎসৱত অংশগ্ৰহণ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীৰ অংশগ্ৰহণ কৰাটো বাধ্যতামূলক । যাৰ বাবে কলিয়াবৰ সমজিলা প্ৰশাসনে বন বিভাগৰ জৰিয়তে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে ।

কলিয়াবৰত এছক'ৰ্ট লৈ বিদ্যালয়লৈ শিক্ষাৰ্থী (ETV Bharat Assam)

নৰখাদকৰ আতংকৰ বাবে বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীক নিৰাপত্তা দি অনা-নিয়া কৰিছে বনকৰ্মীয়ে । উল্লেখ্য যে কলিয়াবৰৰ ‘টিমনা বস্তি’ অঞ্চলত প্ৰায়ে বিচৰণ কৰে ঢেকীয়াপতীয়াই । গাঁৱখনৰ অহা-যোৱা পথৰ কাষতে আছে চাহ বাগিচা । এই চাহ বাগিচাৰ মাজেৰেই বিদ্যালয়লৈ যাবলগা হয় ছাত্ৰ-ছাত্ৰীসকল ।

ইফালে এই চাহ বাগিচাত বাঘে খাপ পিটি থকাৰ আশংকা । ফলত বাঘৰ আতংকৰ বাবে গুণোৎসৱত যাতে ছাত্ৰ-ছাত্ৰীসকল স্কুললৈ যোৱাত অসুবিধা নহয় তাৰ বাবে বিদ্যালয়লৈ অহা-যোৱাৰ সময়ত বনকৰ্মীয়ে শিক্ষাৰ্থীসকল নিৰাপত্তা প্ৰদান কৰে ।

উল্লেখ্য যে টিমনা বস্তি অঞ্চলতে বন বিভাগে পিঞ্জৰা স্থাপন কৰাৰ লগতে চেঞ্চৰ কেমেৰাও লগাইছে । এই কেমেৰাত আবদ্ধ হৈছে বনৰজাৰ বিচৰণৰ চিত্ৰ ।

এই সন্দৰ্ভত বন বিভাগৰ এগৰাকী কৰ্মচাৰীয়ে কয়, "আজি কিছুদিন ধৰি সংৰক্ষিত বনাঞ্চলত বাঘৰ বিচৰণ চলি আছে । শিলভাট চাহ বাগিচাৰ কিছু অংশতো বাঘে বিচৰণ কৰে । সেয়েহে আজি টিমনা বস্তি গাঁৱলৈ আহিছোঁ আমি । তেওঁলোকৰ যাতায়াতৰ ৰাস্তাটো হ'ল বাগানৰ মাজেদিয়ে । সেইটো কাৰণে আমি তেওঁলোকক আমাৰ সহযোগত স্কললৈ অনা-নিয়া কৰিছোঁ ।"

লগতে পঢ়ক :চাৰিদিনজোৰা আতংকৰ অন্ত; শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ মাজতেই বনৰজাক ট্ৰেংকুলাইজ - LEOPARD SCARE IN NAGAON
লগতে পঢ়ক :ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ; বাঘে ভক্ষণ কৰাৰ সন্দেহ - KALIABOR TIGER TERROR

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.