গুৱাহাটী : আমেৰিকাৰ বিৰুদ্ধে গুৱাহাটীত কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদ । ভাৰতীয় প্ৰব্ৰজনকাৰীসকলক অমানৱীয় আৰু অন্যায়ভাৱে বিতাড়ন কৰাৰ বিৰুদ্ধে আৰু আমেৰিকা চৰকাৰৰ দ্বাৰা ভাৰতৰ ভাবমূৰ্তি ক্ষুণ্ণ কৰাৰ প্ৰতিবাদত শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । আমেৰিকাৰ এনে অন্যায়ৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ নীৰৱ ভূমিকাকো প্ৰদেশ কংগ্ৰেছে কঠোৰ ভাষাৰে গৰিহণা দিয়ে ।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰৰ দ্বাৰা ভাৰতীয় প্ৰব্ৰজনকাৰীসকলক আকস্মিক আৰু অন্যায়ভাৱে বিতাড়ন কৰাৰ বিৰুদ্ধে শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মীসকলে আমেৰিকাৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদকাৰীসকলে ৰাজীৱ ভৱনৰ পৰা জি এছ ৰোডলৈ ওলাই আহিবলৈ প্ৰয়াস কৰে যদিও আৰক্ষীয়ে বেৰিকেড দি বাধা প্ৰদান কৰে ।
কিন্তু প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বেৰিকেডৰ বাধা নেওচি আগবাঢ়ি যাবলৈ চেষ্টা কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে । আৰক্ষীয়ে বিধায়ক জাকিৰ হুছেইন শিকদাৰকে ধৰি কেইবাজনো নেতা-কৰ্মীক আটক কৰি লৈ যায় ।
বিধায়ক জাকিৰ হুছেইন শিকদাৰে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, "আমেৰিকাত ভাৰতীয় লোকৰ ওপৰত নিৰ্যাতন-অত্যাচাৰ চলোৱা হৈছে । হেণ্ডকাফ লগাই আৰু ভৰিত শিকলি লগাই আমেৰিকাৰ বিমানেৰে ভাৰতত থৈ গৈছে । তাৰ পাছতো প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । আমেৰিকাই ভাৰতীয় লোকক অপমান কৰিব নোৱাৰে । ইয়াৰ বিচাৰ আমাক লাগিব । আমেৰিকাৰ ৰঙা চকুক আমি ভয় নকৰো ।"
শাসনাধিষ্ঠিত বিজেপিক সমালোচনা কৰি বিধায়ক শিকদাৰে কয়, "বিজেপি চৰকাৰে আমেৰিকাক ভয় কৰে । আমাক ন্যায় লাগিব আৰু আমেৰিকাই ইয়াৰ জবাব দিব লাগিব । আমি ভাৰতীয়ৰ সন্মানৰ বাবে ওলাই আহিছো আৰু আমাক বিজেপি চৰকাৰে বেৰিকেড লগাই বাধা প্ৰদান কৰিছে ।"
আনহাতে, বিধায়িকা নন্দিতা দাসে কয়, "নৰেন্দ্ৰ মোদী চৰকাৰৰ বিফলতাৰ বাবেই ভাৰতীয় যুৱক-যুৱতী তথা লোকসকলে কাম বিচাৰি আমেৰিকালৈ যাবলৈ বাধ্য হৈছে । সেই লোকসকলক আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে কয়দীৰ দৰে ভাৰতত থৈ যোৱাটো ভাৰতবাসীৰ বাবে অতি অপমানজনক বিষয় । ইয়াৰ দ্বাৰা ভাৰতৰ মান-মৰ্যাদা হানি হৈছে ।"
তেওঁ লগতে কয়, "বিভিন্ন সময়ত কোৱা হয় যে নৰেন্দ্ৰ মোদী বিশ্বগুৰু হ'বলৈ গৈ আছে । নৰেন্দ্ৰ মোদীৰ আমেৰিকাৰ লগত সম্পৰ্ক ভাল বুলি ইমান দিনে কৈ আহিছিল । ড'নাল্ড ট্ৰাম্পৰ লগত মোদীৰ বন্ধুত্ব থকা বুলি ইমান দিনে মিছা কথা কৈ আহিছিল । আমি বুজি পালো যে ড'নাল্ড ট্ৰাম্পৰ লগত মোদীৰ কোনো ভাল সম্পৰ্ক নাই । ভাল সম্পৰ্ক থকা হ'লে এনেদৰে অমানৱীয়ভাৱে হাত-ভৰি বান্ধি ভাৰতীয়ক বিতাড়িত নকৰিলেহেঁতেন । এই অপমানৰ ক্ষেত্রত ভাৰত চৰকাৰ আৰু নৰেন্দ্ৰ মোদী নিমাত কিয় । ক'ত গ'ল নৰেন্দ্ৰ মোদীৰ ৫৬ ইঞ্চি বুকু । কিয় সেই বুকু আমেৰিকাৰ ৰাষ্ট্ৰপতিক দেখুওৱাব নোৱাৰিলে ।"
প্ৰতিবাদী কাৰ্যসূচীত বিধায়ক ৰেকিবুদ্দিন আহমেদ, প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰকে ধৰি প্ৰদেশ কংগ্ৰেছৰ ভালেসংখ্যক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰি আমেৰিকাৰ বিৰুদ্ধে সৰৱ হোৱাৰ লগতে মোদী চৰকাৰৰ নীৰৱতাক কঠোৰ ভাষাৰে সমালোচনা কৰে ।