মাজুলী: মাজুলীৰ দুই লক্ষ জনসাধাৰণৰ সপোন আছিল যোৰহাট-মাজুলী সংযোগী এখন দলং হওক । কিয়নো মাজুলীৰ দক্ষিণপাৰৰ লগত সংযোগৰ একমাত্ৰ সম্বল ফেৰী কেইখন ।
যাৰ ফলশ্ৰুতিত মাজুলীৰ দুই লক্ষ জনসাধাৰণে যোৰহাট-মাজুলী সংযোগী এখন দলঙৰ দাবী কৰি আহিছিল । ২০২১ চনৰ ২৯ নৱেম্বৰত আধাৰশিলা স্থাপন হ'ল যদিও আজিলৈকে নাপালে সুফল ।
মাজুলীবাসীৰ সপোনক বাস্তৱত ৰূপ দিবলৈ ২০২১ চনৰ ২৯ নৱেম্বৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মাজুলীবাসীৰ সপোনৰ দলংখনৰ খুটাৰ কামৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিল । এই দলংখনৰ ঠিকা লাভ কৰিছিল ইউ পি ষ্টেট ব্ৰীজ কৰ্প'ৰেচনে । ৯২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই দলংখনৰ দৈৰ্ঘ ৮ কিলোমিটাৰ । দলংখনৰ মুঠ খুঁটাৰ সংখ্যা ৭২ টা ৷ ইউ পি ষ্টেট ব্ৰীজ কৰ্প'ৰেচনৰ পৰা এই দলংখন নিৰ্মাণৰ উপ-ঠিকা হিচাপে লৈ ব্ৰদী ৰায় এণ্ড কোম্পানীয়ে দলঙৰ কাম কৰি আছিল ।
যুটীয়া নিৰ্মাণকাৰী সংস্থাৰ আভ্যন্তৰীণ কন্দলৰ বাবে যোৱা ৬ ছেপ্টেম্বৰৰ পৰা বন্ধ হৈ আছে মাজুলীবাসীৰ সপোনৰ দলংখনৰ নিৰ্মাণকাৰ্য । যাৰ পৰিপ্ৰেক্ষিতত মাজুলী জিলা ছাত্ৰ সন্থাই শুক্ৰবাৰে দলঙৰ নিৰ্মাণস্থলীতে মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰে । মাজুলী জিলা আছুৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে মাজুলীৰ স্থানীয় ৰাইজে ।
এই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক বিতোপন শৰ্মাই কয়, "যোৰহাট-মাজুলী সংযোগী দলংখনৰ নিৰ্মাণকাৰ্য সোনকালে সমাপ্ত কৰিবলৈ আছুৱে বিগত সময়ত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । বিগত চাৰি মাহে যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণ বন্ধ হৈ আছে । অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যেনে ধৰণৰ ব্য়ৱস্থা গ্ৰহণ কৰিব লাগিছিল সেয়া হোৱা নাই । সাংসদ আৰু বিধায়কৰ ভূমিকা অতি পুতৌ লগা । এই দলং মাজুলীৰ আবেগ । আৰ্থ-সামাজিক উন্নয়ণৰ বাবে আমাক দলং লাগে ।" আছুৰ আন এগৰাকী নেতাই কয়, "২০২৬ৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মুখ্যমন্ত্ৰীগৰাকী এই দলঙৰে পাৰ হৈ অহাৰ কথা আছিল, কিন্তু এতিয়া তেওঁ কোনখন দলঙৰে মাজুলীত প্ৰচাৰ কৰিবলৈ আহিব ?"