গুৱাহাটী : তীব্ৰ জল সংকটত ভুগিব লাগিব গুৱাহাটী মহানগৰবাসীয়ে । মহানগৰখনত খোৱাপানীৰ এই তীব্র নাটনিৰ সময়ছোৱাত ১২ দিন পানী যোগান বন্ধ কৰি পাইপৰ ঢাকনিকে ধৰি অন্য বিজুতি চোৱা-চিতাৰ বাবে এই ব্যৱস্থা গ্রহণ কৰিছে জল বোৰ্ডে ।
কেতিয়াৰ পৰা গুৱাহাটীত বন্ধ থাকিব পানী যোগান
![Guwahati water supply](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12-02-2025/assghy01photo7210450_12022025111617_1202f_1739339177_984.jpg)
ৰব'টিক জৰীপৰ বাবে বুধবাৰৰ পৰা তিনিটা পর্যায়ত পানী যোগান বন্ধ থাকিব । ইয়াৰে প্রথম পর্যায়ত বুধবাৰে অর্থাৎ ১২ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ বন্ধ থাকিব জল বোৰ্ডৰ পানী । তদুপৰি দ্বিতীয় পর্যায়ত ১৯ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰী আৰু তৃতীয় পর্যায়ত ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰী পর্যন্ত পানী যোগান বন্ধ কৰা হ'ব বুলি এক ৰাজহুৱা জাননীযোগে প্রকাশ কৰিছে ।
![Guwahati water supply](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12-02-2025/assghy01photo7210450_12022025111617_1202f_1739339177_484.jpg)
জল বোৰ্ডৰ এই জাননীৰ পিছতে ৰাজধানী মহানগৰৰ বাসিন্দাৰ মাজত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে । কিয়নো খৰালিৰ এই সময়ছোৱাত গুৱাহাটী মহানগৰীত ভূগৰ্ভৰ পানীৰ স্তৰ কমি যোৱাৰ ফলত পানীৰ নাটনি হয় । সেয়ে এই সময়ছোৱাতে জল বোৰ্ডৰ এনে পদক্ষেপক ৰাইজে একেমুখে গৰিহণা দিছে । লগতে পানী পৰিবাহী পাইপৰ বিজুতিৰ পৰীক্ষাৰ নামত বাৰে বাৰে পানী বন্ধ কৰাটো সহ্য কৰা নহ'ব বুলিও বহু গ্রাহকে জল বোর্ডক সকীয়াই দিছে ।
![Guwahati water supply](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12-02-2025/assghy01photo7210450_12022025111617_1202f_1739339177_305.jpg)
এই সন্দৰ্ভত মহানগৰ উন্নয়ন সমিতি, গুৱাহাটীৰ সাধাৰণ সম্পাদক বীৰেণ শৰ্মাই কয়, "পানী যোগান আঁচনিৰ কাম ২০০৯ চনতে আৰম্ভ হৈছিল আৰু ২০১১ চনত পানী যোগান ধৰাৰ কথা আছিল । কিন্তু মহানগৰবাসীয়ে ২০২২-২৩ চনলৈ অপেক্ষা কৰিবলগীয়া হ'ল । তাৰ পিছতো সম্পূৰ্ণৰূপে পানী যোগান ধৰিব পৰা নাই । ৰব'টিক ছাৰ্ভেৰ নামত জল বোৰ্ডে পানী যোগান বন্ধ ৰাখিলে বিকল্প ব্যৱস্থাৰে সেই অঞ্চলবোৰৰ ৰাইজক পানী যোগানৰ ব্যৱস্থা কৰক । কিয়নো এই সময়ছোৱাত ভূগৰ্ভৰ পানী শুকাই যোৱাৰ ফলত কুঁৱা, ব'ৰিং আদি শুকাই যায় । সেয়েহে জাননী এখন দি দায়িত্ব সামৰিলেই নহ'ব ।"