ETV Bharat / opinion

আপ-কংগ্ৰেছ বিবাদ ! হাতৰ যাদুস্পৰ্শত দিল্লীত ফুলিল পদুম - DELHI ELECTIONS 2025

27 বছৰৰ পিছত, দিল্লীলৈ বিজেপিৰ প্ৰত্যাৱৰ্তন, গেৰুৱা ঢৌত উটি গ’ল আপ, শূণ্য হ’ল কংগ্ৰেছ

ETV Bharat
নতুন দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দিল্লী বিধানসভা নিৰ্বাচনত দলৰ জয় উপলক্ষে দলৰ সমৰ্থকসকলক শুভেচ্ছা জনোৱা মূহুৰ্ত (এএনআই)
author img

By Bilal Bhat

Published : Feb 12, 2025, 12:45 PM IST

দিল্লী বিধানসভাৰ নিৰ্বাচনী ফলাফলে আম আদমী পাৰ্টীক কাৰ্যত এটা সৰু দললৈ ৰূপান্তৰিত কৰিলে ৷ ইপিনে কংগ্ৰেছৰ বিষয়ে ক’বলৈ গ’লে, এইবাৰো তেওঁলোকে ৰাজধানীৰ বিধানসভা মানচিত্ৰত কোনো স্থান পাবলৈ সক্ষম নহ’ল ৷ এটাও আসন লাভ নকৰিলে কংগ্ৰেছে ৷ কিন্তু বিজেপি বিৰোধী আপৰ ভোট বহুলাংশে কৰ্তন কৰিলে দলটোৰ প্ৰাৰ্থীসকলে ৷ ফলত ভোটৰ পৰিমাণ হ্ৰাস পালে আপৰ ৷

2020 চনৰ নিৰ্বাচনত মাত্ৰ 8 খন আসনৰ পৰা বৰ্তমানৰ 48 খনলৈ, বিজেপিৰ এয়া এক ৰাজকীয় প্ৰত্যাৱৰ্তন, যাৰ ফলত ৰাষ্ট্ৰীয় ৰাজধানীৰ বিধানসভাৰ মানচিত্ৰখন গেৰুৱা হৈ পৰিছে। দুটা কাৰণত এই বিজয় বিজেপিৰ বাবে অধিক মধুৰ। এক: এই শতিকাত তেওঁলোকে প্ৰথমবাৰৰ বাবে দিল্লী শাসন কৰিব, আৰু দ্বিতীয়টো: চাৰি দশকৰ ভিতৰত প্ৰথমবাৰৰ বাবে, এটা দলে দিল্লী, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানকে ধৰি ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ (এনচিআৰ) সকলো ৰাজ্য শাসন কৰিব।

ETV Bharat
দিল্লী বিধানসভা নিৰ্বাচন 2020 বনাম 2025 ফলাফল (ECI তথ্য)

অৰবিন্দ কেজৰিৱালৰ ক্ষেত্ৰত, নতুন দিল্লী সমষ্টিত তেওঁৰ নিজৰ ফলাফলে, য'ত তেওঁ বিজেপিৰ পৰবেশ চাহেব সিং বাৰ্মাৰ হাতত 4049 টা ভোটৰ সামান্য ব্যৱধানত পৰাজিত হয়, এই নিৰ্বাচনক সম্পূৰ্ণৰূপে বৰ্ণনা কৰে। কেজৰিৱালৰ পৰাজয়ৰ এই ব্যৱধান, প্ৰতিদ্বন্দ্বিতাত তৃতীয় স্থান লাভ কৰা কংগ্ৰেছ প্ৰাৰ্থী তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ পুত্ৰ সন্দীপ দীক্ষিতে ভোটৰ প্ৰায় সমান আছিল ৷ পৰবেশে 30,088 টা ভোট লাভ কৰাৰ বিপৰীতে কেজৰিৱালে 25,999 টা আৰু সন্দীপে 4,568 টা ভোট লাভ কৰে। সংখ্যাবোৰে স্পষ্টভাৱে দেখুৱায় যে কংগ্ৰেছে অসফল হোৱাৰ সম্ভাৱনা স্বত্বেও সন্দীপক কেজৰিৱালৰ বিৰুদ্ধে থিয় কৰাই আপৰ মুৰব্বীগৰাকীৰ বাবে পৰাজয় নিশ্চিত কৰিছিল।

কেজৰিৱালৰ দুই মুখ্য সেনানী, মনীষ ছিছোদিয়া আৰু সত্যেন্দ্ৰ জৈনো আপ আৰু কংগ্ৰেছৰ মাজত বিভাজনমূলক ৰাজনীতিৰ বাবে পৰাজিত হৈছে। নিৰ্বাচনী প্ৰচাৰৰ শেষৰ পৰ্যায়ত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই দিয়া মন্তব্যবোৰৰ পৰিপ্ৰেক্ষিতত সামান্য ব্যৱধানত এনে বহু আসন বিজেপিলৈ যোৱাটো এক প্ৰকাৰ অৱধাৰিত হৈ পৰিছিল।

আপ আৰু কংগ্ৰেছৰ মাজত ভোটৰ এই বিভাজনৰ উপৰিও, আপৰ বিৰুদ্ধে বিজেপিৰ বিজয়ৰ আঁৰত আন কিছুমান কাৰণ আছে। নিৰ্বাচনী প্ৰচাৰ চলি থকা সময়ত বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল ক্ষমতালৈ আহিলে উন্নয়ন হ’বই ৷ একাধিক বিধানসভাৰ ভোটাৰসকলে, কাক সমৰ্থন কৰিব-আপ নে কংগ্ৰেছ, তাকে লৈ দোমোজাত আছিল ৷ তেনে দোদুল্যমান ভোটাৰসকলৰ বাবে, বিজেপি স্বাভাৱিকতে এক বিকল্প হৈ পৰিছিল কিয়নো দলটোৰ ইস্তাহাৰৰ পৰা শ্লোগানলৈকে, সকলোৰে দ্বাৰা উন্নয়নৰ আশা জগাই তোলা হৈছিল। কেৱল সেয়াই নহয় এইবাৰ সংখ্যলঘু সম্প্ৰদায়ৰ লোকেও দ্বিধাহীনভাৱে বিজেপিক ভোট দিছে ৷ অৱশ্যে কিছুমান আসন য’ত তেওঁলোকে বিজেপিতকৈ ভাল বিকল্প লাভ কৰিলে তাত পদুমৰ চিনত তেওঁলোকৰ ভোট নপৰিল ৷

ETV Bharat
শনিবাৰে নতুন দিল্লীত দিল্লী বিধানসভা নিৰ্বাচনত দলৰ জয়ৰ পিছত বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (এএনআই)

বিজেপি বিৰোধীসকলৰ মাজৰ দ্বন্দই বিজেপিৰ জয়ৰ বাট কেনেকৈ মসৃণ কৰি তুলিলে তাৰ অন্যতম এটা উদাহৰণ হৈছে মুস্তাফাবাদ। এই বিধানসভাত, মুছলমান জনসংখ্যা 50 ৰ পৰা 55 শতাংশ, য'ত এআইএমআইএমে মহম্মদ তাহিৰ হুছেইনক আপৰ আদিল আহমেদ খানৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। কিন্তু মুছলমান অধ্যুষিত আসনখনত প্ৰকৃততে লাভ হয় বিজেপিৰ ৷ এআইএমআইএম প্ৰাৰ্থী তাহিৰে 33,474 টা ভোট (16.64 শতাংশ) লাভ কৰাৰ বিপৰীতে আপৰ প্ৰাৰ্থী আদিলে 67,638 টা ভোট (33.62 শতাংশ) লাভ কৰে কিন্তু লক্ষণীয়ভাৱে ভোট বিভাজনৰ লাভ লৈ বিজেপিৰ মোহন সিং বিষ্টে 17,578 টা ভোটৰ ব্যৱধানত আসনখনত জয়লাভ কৰে । বিষ্টে মুঠ ভোটৰ 42.36 শতাংশ অৰ্থাৎ 84,888 টা ভোট লাভ কৰিবলৈ সক্ষম হয়।

কেবাটাও সমষ্টিত ভোটাৰসকলে আপৰ ঠাইত কংগ্ৰেছক বিজেপি বিৰোধী দল হিচাপে বাছনি কৰে যদিও, কিন্তু শেষ হাঁহি মাৰিবলৈ সক্ষম হয় ভাৰতীয় জনতা পাৰ্টী ৷ যেনে তিমাৰপুৰ আসন, য'ত কংগ্ৰেছ প্ৰাৰ্থী লোকেন্দ্ৰ কল্যাণ সিঙে 8,361 টা ভোট লাভ কৰাৰ কাৰণে 54,602 টা ভোট পোৱা স্বত্ত্বেও 1,657 ভোটত বিজেপি প্ৰাৰ্থী সূৰ্য প্ৰকাশ খতৰিৰ (55,626 টা ভোট ) হাতত পৰাস্ত হ’ল আম আদমী পাৰ্টীৰ সুৰিন্দৰ পাল সিং ৷ বিজেপি, আপ আৰু কংগ্ৰেছে লাভ কৰা ভোটৰ হাৰ আছিল ক্ৰমান্বয়ে 55,626 (46.03 শতাংশ), 54,602 (45.07 শতাংশ ) আৰু 8,313 (6.88 শতাংশ)।

মেহৰৌলীৰ ফলাফলে এই কথা আৰু স্পষ্টকৈ প্ৰমাণ কৰে ৷ কাৰণ এই আসনত জয়-পৰাজয়ৰ ব্যৱধান আছিল মাত্ৰ 426 টা ভোট ৷ 35,467 টা ভোট পায়ো আপৰ প্ৰাৰ্থী মহেন্দ্ৰ চৌধুৰীয়ে পৰাজয় বৰণ কৰে 35,893 ভোট পোৱা বিজেপি প্ৰাৰ্থী গজেন্দ্ৰ সিং যাদৱৰ হাতত ৷ লক্ষণীয়ভাৱে একেটা সমষ্টিতে কংগ্ৰেছ প্ৰাৰ্থী পুষ্পা সিঙে 6,762 টা ভোট লাভ কৰি বিজেপিৰ বাবে জয়ৰ পথ সুগম কৰি তোলে ।

ETV Bharat
শনিবাৰে নতুন দিল্লীত দিল্লী বিধানসভা নিৰ্বাচনত দলৰ জয়ৰ পিছত বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ (এএনআই)

সংগম বিহাৰ হৈছে আন এখন আসন য'ত কংগ্ৰেছ, আপ আৰু বিজেপি দুয়োটাই যথেষ্ট সংখ্যক ভোট লাভ কৰে কিন্তু আসনখন 344 টা ভোটৰ সামান্য ব্যৱধানত বিজেপি প্ৰাৰ্থী চন্দন কুমাৰ চৌধুৰীয়ে দখল কৰিবলৈ সক্ষম হয়। ত্ৰিলোকপুৰী আসনখনো এনে এক উদাহৰণ য’ত বিজেপি সামান্য ব্যৱধানত জয়ী হয় ৷ আসনখনত আপৰ প্ৰাৰ্থীগৰাকীয়ে 57,825 টা ভোট লাভ কৰিলেও বিজেপি প্ৰাৰ্থী ৰবি কান্ত 392 টা ভোটৰ সামান্য ব্যৱধানত জয়ী হয় য‘ত লক্ষণীয়ভাৱে কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থীয়ে 6147 টা ভোট লাভ কৰে।

অৱশ্যে এনে কিছুমান সমষ্টিও আছে য'ত ভোটাৰসকলে বহুতো বিভ্ৰান্তিকৰ কাৰক থকা স্বত্বেও প্ৰতিনিধি বাছনি কৰোঁতে বৰ বেছি বিভ্ৰান্তি প্ৰদৰ্শন কৰা নাই। তেনে এখন আসন হ’ল চিলামপুৰ য'ত মুছলমান জনসংখ্যা 50-55 শতাংশ আৰু আসনখন আপৰ দখললৈ গৈছে। 13 জন প্ৰাৰ্থীৰ ভিতৰত, 10 জনেই মুছলমান আছিল যদিও ভোট বিভাজন পৰিলক্ষিত নহ’ল ।

বিগত তিনিটা বিধানসভা নিৰ্বাচনত আপৰ জনকল্যাণমূলক আঁচনিবোৰে ভাল সঁহাৰি পাইছিল ৷ কিন্তু এইবাৰ বিজেপিৰ ইস্তাহাৰে অধিক উন্নত মানৰ সুবিধা প্ৰদানৰ প্ৰতিশ্ৰতি দিছিল দিল্লীবাসীক ৷ দিল্লীত ছাত্ৰসমাজৰ সৈতে বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অধিক উন্নত শিক্ষা ব্যৱস্থাৰ প্ৰতিশ্ৰতি দিছিল ৷ যমুনাৰ জল প্ৰদূষণ বিষয়টোক উপস্থাপন কৰিবলৈ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়েব সিং ছাইনীয়ে নিজে যমুনাৰ পানী পান কৰি দেখুৱাইছিল ৷ তদুপৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কেজৰিৱাললৈ প্ৰত্যাহ্বান আগবঢ়াইছিল - যমুনা নৈৰ পানীত স্নান কৰি দেখুওৱাৰ ৷

ETV Bharat
শনিবাৰে নতুন দিল্লীত দিল্লী বিজেপিৰ কাৰ্যালয়ত দলীয় সমৰ্থকসকলে আতচবাজী ফুটাই দিল্লী বিধানসভা নিৰ্বাচনত দলৰ জয় উদযাপন কৰাৰ সময়ত (এএনআই)

ফেব্ৰুৱাৰীৰ প্ৰথম দিনটোত উপস্থাপন কৰা কেন্দ্ৰীয় বাজেটো এইক্ষেত্ৰত এটা মাষ্টাৰষ্ট্ৰোক আছিল। দিল্লী বিধানসভা নিৰ্বাচনৰ মাত্ৰ চাৰিদিন পূৰ্বে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰে ৷ ভোটাৰৰ মুখত হাঁহি বিৰিঙাব পৰাকৈ কেন্দ্ৰীয় বাজেটত 12.75 লাখ টকা পৰ্যন্ত কৰ ৰেহাই ঘোষণা কৰা হয় ৷ ইয়াৰ ওপৰিও বিকাশপুৰীৰ আৱৰ্জনাৰ বিষয়টোক লৈ বিজেপিয়ে যি বিতৰ্কৰ সুত্ৰপাত কৰিছিল সেইটোও তেওঁলোকৰ পক্ষেই যায় ৷ গেৰুৱা দলটোৱে ইয়াৰ 40 জন তাৰকা প্ৰচাৰকৰ সৈতে আপক এক প্ৰকাৰ ঘেৰি ধৰে আৰু শাসকীয় দলটোক ধৰাশায়ী কৰি 27 বছৰৰ পিছত ৰাষ্ট্ৰীয় ৰাজধানীৰ বিধানসভাত ব্যাপক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়।

শেষত, নিৰ্বাচনৰ দিনা প্ৰধানমন্ত্ৰী মোদীৰ মহা কুম্ভৰ পবিত্ৰ স্নান, যি দৃশ্য গোটেই দিনধৰি টিভি নিউজ চেনেলবোৰত প্ৰদৰ্শিত হৈছিল, বহুতক বিজেপিক ভোট দিবলৈ উৎসাহিত কৰিছিল। বিজেপিয়ে তেওঁলোকৰ ৰেলী আৰু প্ৰচাৰৰ জৰিয়তে দিল্লীৰ ভোটাৰসকলৰ সন্মুখত কেজৰিৱালৰ ভাৱমূৰ্তি উপস্থাপন কৰিছিল এজন বিতৰ্কিত, প্ৰৱঞ্চক, অহংকাৰী আৰু উচ্চাকাংখী আৰু ক্ষমতাশালী নেতা হিচাপে। কট্টৰ বিজেপি বিৰোধী ভোটাৰসকলক কংগ্ৰেছ আৰু আপৰ মাজত চিন্তা কৰিবলৈ এৰি দি কেজৰিৱালে নিজৰেই যাত্ৰা সম্পূৰ্ণ কৰিব নোৱাৰিলে আৰু আধাতে নামি পৰিবলগীয়া হ’ল।

এতিয়া প্ৰশ্নটো হ'ল কেজৰিৱালে দিল্লী বিধানসভাত প্ৰৱেশ নকৰাৰ ফলত আপ তিষ্ঠি থাকিবনে লগতে সদনত আলোচনাৰ সময়ত আপে বিজেপি বিধায়কসকলৰ কটাক্ষসমূহৰ পৰা সাৰি থাকিব পাৰিবনে সেয়াও আকৰ্ষণীয় হ'ব। নিৰ্বাচনৰ দিনলৈকে আপ শিবিৰত থকা ধেমালি আৰু উল্লাস, ফলাফল ঘোষণা হোৱাৰ দিনা একেবাৰে স্তিমিত হৈ পৰিছিল। এই কথাটো চাবলৈ আকৰ্ষণীয় হ'ব যে আপে কেনেকৈ পুনৰুদ্ধাৰ কৰাৰ পৰিকল্পনা কৰিছে আৰু কিদৰে দলটোক এনে এক প্ৰৱল শক্তিৰ বিৰুদ্ধে সক্ৰিয় কৰি ৰাখিব।

লগতে পঢ়ক: কোন হ’ব দিল্লীৰ মুখ্যমন্ত্ৰী ? পৰৱেশ বাৰ্মাৰ পৰা বাঁসুৰী স্বৰাজলৈকে বহুতৰে নাম চৰ্চাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.