ETV Bharat / state

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পদবীটো বিচাৰিছে নেকি অসমৰ মুখ্যমন্ত্ৰীয়ে ? প্ৰশ্ন বিৰোধী দলপতিৰ - LEADER OF OPPOSITION ON ASSAM CM

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷ সাংসদ গৌৰৱ গগৈক লক্ষ্য কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতিগৰাকীয়ে ৷

Leader of opposition on Assam CM
কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পদবীটো বিচাৰিছে নেকি মুখ্যমন্ত্ৰীয়ে : প্ৰশ্ন বিৰোধী দলপতিৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 14, 2025, 8:36 PM IST

গুৱাহাটী : মুখ্যমন্ত্ৰীয়ে দিল্লীত গৃহমন্ত্ৰীৰ পদবীটো ল'ব বিচাৰিছে নেকি ? এই সন্দেহ প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

শেহতীয়াকৈ সাংসদ গৌৰৱ গগৈক লক্ষ্য কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলপতিগৰাকীয়ে এইদৰে কয় ।

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পদবীটো বিচাৰিছে নেকি মুখ্যমন্ত্ৰীয়ে : প্ৰশ্ন বিৰোধী দলপতিৰ (ETV Bharat Assam)

তেওঁ কয়, "গুৰুত্বপূৰ্ণ বিষয়ত থকা সাংসদ-বিধায়কসকল ওপৰত দিল্লীত গৃহ মন্ত্ৰালয়ৰ বিশেষ কোষৰ আই বি, ৰ’ আদিয়ে তীক্ষ্ণ দৃষ্টি ৰাখে । কিবা কৰিলে লগে লগে তদন্তৰ ব্যৱস্থা কৰে । এতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ কি হৈছে মই নাজানো । মুখ্যমন্ত্ৰীয়ে দিল্লীত গৃহমন্ত্ৰীৰ পদবীটো ল'ব বিচাৰিছে নেকি যে গৃহমন্ত্ৰী অমিত শ্বাহ নিষ্কৰ্মা, অমিত শ্বাহে নিজৰ বিভাগটো চম্ভালিব পৰা নাই, সেই কাৰণে আমাৰ মুখ্যমন্ত্ৰীক গৃহমন্ত্ৰীৰ দায়িত্বটো লাগে । এই কথাটো অসমৰ কেবিনেটে সিদ্ধান্ত ল'ব নেকি, মই আচৰিত হৈছো ।"

লগতে পঢ়ক : এলিজাবেথ ক’লবাৰ্ণ গগৈ বিতৰ্ক; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ গগৈ ইত্যাদি

লগতে পঢ়ক : মোৰ পত্নী যদি পাকিস্তানী এজেণ্ট, মই ভাৰতীয় এজেণ্ট: গৌৰৱ গগৈ

তেওঁ লগতে কয়, "চৰকাৰে নৱেম্বৰ মাহতে জমা পুঁজি ঘূৰাই নিয়াৰ বাবে ধনৰ অভাৱত আজি মধ্যাহ্ন ভোজন দিব পৰা নাই । কলেজৰ শিক্ষকসকলে দৰমহা পোৱা নাই । পেঞ্চনাৰসকলে পেঞ্চন পোৱা নাই । সেইবিলাক কথা কেবিনেটত আলোচনা নকৰে । ভাৰতবৰ্ষৰ নিৰাপত্তাৰ বিষয়টোত কেন্দ্ৰীয় কেবিনেট কমিটী অন হোম এফেয়াৰ্ছ আছে । সেইসমূহে আলোচনা নকৰা বিষয়টো মুখ্যমন্ত্ৰীয়ে আলোচনা কৰিব বিচাৰিছে । ইয়াতকৈ হাস্যকৰ কথা আৰু নাই । আচলতে যিকোনো কথাৰে তেওঁলোকে কংগ্ৰেছ দলটোক ৰাইজৰ ওচৰত হেয় প্ৰতিপন্ন কৰিব বিচাৰে । এইবোৰ চক্ৰান্তৰ বাহিৰে একো নহয় ।"

চৰকাৰখনে পুনৰ ঋণ লোৱাৰ প্ৰসংগত তেওঁ কয়, "ক'বলৈ বেয়া যে ক'ৰ পইচা আনি ক'ত লগাইছে । মুখ্যমন্ত্ৰীয়ে জোৰা-টাপলি মাৰি চৰকাৰখন চলাই আছে । অসমৰ ৰাইজক ঋণগ্ৰস্ত কৰিছে । দুদিন আগতে উচ্চতম ন্যায়ালয়ে মানুহক নিষ্কৰ্মা কৰাটো ভাল কথা নহয় বুলি কৈছে । কেবিনেটত নিয়োগ সৃষ্টিৰ ওপৰত আলোচনা হ'ব লাগে ।"

লগতে পঢ়ক : সাংসদ গৌৰৱ গগৈক লৈ কেবিনেটে ল'ব সিদ্ধান্ত : মুখ্যমন্ত্রী

লগতে পঢ়ক : ৰাজনীতিতকৈ ৰাষ্ট্ৰীয় নিৰাপত্তাই সদায়েই প্ৰাথমিক অগ্ৰাধিকাৰ পাব লাগে: হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.