অসম

assam

ETV Bharat / state

পঞ্চভূতত বিলীন হ'ল বিস্ময়ৰ স্ৰষ্টা শশী ফুকনৰ নশ্বৰ দেহ - SASHI PHUKAN PASSED AWAY

অসমীয়া সাহিত্য জগতৰ এটা যুগৰ অৱসান ঘটিল । পাঁচ দশকজোৰা আলোচনী-সাহিত্য যুগৰ সৃষ্টিকৰ্তা শশী ফুকনৰ নশ্বৰ দেহ পঞ্চভূতত বিলীন হ'ল ।

Sashi Phukans Funeral
পঞ্চভূতত বিলীন হ'ল বিস্ময়ৰ স্ৰষ্টা শশী ফুকনৰ নশ্বৰ দেহ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 26, 2024, 5:39 PM IST

গুৱাহাটী :পঞ্চভূতত বিলীন হ'ল অসমীয়া সাহিত্য জগতত এক নতুন যুগৰ সৃষ্টি কৰা, 'বিস্ময়' আলোচনীৰ প্ৰতিষ্ঠাপক শশী ফুকনৰ নশ্বৰ দেহ । শনিবাৰে নৱগ্রহ শ্মশানত পৰিয়াল আৰু গুণমুগ্ধৰ উপস্থিতিত শশী ফুকনৰ শেষকৃত্য সম্পন্ন কৰা হয় ।

শুকুৰবাৰে নিশা ৭৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অসমীয়া সাহিত্যক অনন্য ৰূপ প্রদান কৰা শশী ফুকনে । শুকুৰবাৰে নিশা প্ৰায় ১০.৩০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (জি এম চি এইচ) চিৰদিনৰ বাবে চকু মুদিলে বিগত পাঁচ দশক ধৰি যুৱ প্রজন্মক আলোড়িত কৰি ৰখা 'বিস্ময়'ৰ সম্পাদকগৰাকীয়ে । লগে লগে অসমীয়া সাহিত্যৰ এটা যুগৰ অৱসান ঘটে ।

পঞ্চভূতত বিলীন হ'ল বিস্ময়ৰ স্ৰষ্টা শশী ফুকনৰ নশ্বৰ দেহ (ETV Bharat Assam)

উল্লেখ্য যে বিগত ৭ ছেপ্টেম্বৰত ঘৰতে পৰি আঘাতপ্রাপ্ত হৈছিল শশী ফুকন । যথেষ্ট ৰক্তক্ষৰণ হোৱা বাবে পৰিয়ালে ততাতৈয়াকৈ হায়াত হাস্পতালত ভর্তি কৰায় । কেইবাদিনো ধৰি তেওঁ মহানগৰীৰ হায়াত হাস্পতালত চিকিৎসাধীন হৈ আছিল । তাৰ পিচতে পৰিয়ালৰ লোকে ৫ অক্টোবৰত জি এম চি এইচলৈ স্থানান্তৰ কৰে প্রয়াত ফুকনক ।

তেতিয়াৰে পৰা জি এম চি এইচত চিকিৎসাধীন হৈ থকা শশী ফুকনৰ স্বাস্থ্যৰ অবস্থা জটিল হৈ পৰে । শুকুৰবাৰে সন্ধিয়াৰ ভাগত দুটাকৈ ষ্ট্ৰ'কত আক্রান্ত হয় বিস্ময়ৰ সম্পাদকগৰাকী । তাৰ পিচত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু শুকুৰবাৰে নিশা ১০.৩০ বজাত জি এম চি এইচতে শেষ নিশ্বাস তুলি ত্যাগ কৰে । ইফালে অসমীয়া সাহিত্যত এটা যুগৰ সৃষ্টি কৰা শশী ফুকনৰ মৃত্যুৱে ৰাজ্যজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে । বিভিন্নজনে তেওঁৰ মৃত্যুত শোক প্ৰকাশৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।

শশী ফুকনৰ মৃত্যুত বিভিন্নজনৰ শোক প্ৰকাশ, স্মৃতি ৰোমন্থন

শশী ফুকনৰ অৱদানৰ কথা স্মৰণ কৰি বিশিষ্ট গল্পকাৰ তথা জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে কয়, "এটা সময়ত মানে যৌৱনত আমাৰ জীৱনত বহুত বিস্ময় লাগে। সেয়ে বিস্ময়ক মানে বিস্ময় বা সন্মোহনৰ আদিপাঠ বুলিব পাৰি । বিশ্বৰ বিভিন্ন কথা, বিভিন্ন ঘটনাৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক কথা বা সৃজনশীল, ৰহস্য সাহিত্য চব বিস্ময়ৰ পাততে পাব পাৰি । খুব ভালদৰে সম্পাদনা কৰা এখন আলোচনী । বিস্ময়ৰ প্ৰতিটো পাততে তেওঁৰ হাতৰ পৰশ আছিল । তেওঁ বুজিছিল মানুহে কি পঢ়ি কেৱল ভালপোৱাই নহয় কি পঢ়া উচিত । একেবাৰে অন্য ধাৰাৰ অন্য বিষয়ৰ এক সাহিত্য, যিটো ধাৰাক সাধাৰণতে অসমীয়া সাহিত্যত বৰ বেছি গুৰুত্ব দিয়া নহয়, ৰহস্য ৰোমাঞ্চ আদি সকলো মিলাই যিটো ধাৰা সৃষ্টি কৰিছিল সেইটো আজিলৈকে কিন্তু কোনেও সৃষ্টি কৰিব পৰা নাই ।"

আনহাতে, শশী ফুকনৰ মৃত্যুত শোক প্ৰকাশ কৰি অসমীয়া সাহিত্যলৈ বিস্ময়ৰ অৱদানৰ কথা সুঁৱৰি জ্যেষ্ঠ সাংবাদিক মৃণাল কুমাৰ বৰাই কয়, "আজি বহু প্ৰতিষ্ঠিত সাহিত্যিকক স্বীকৃতি দিছিল বিস্ময়ে, লিখাৰো সুবিধা দিছিল বিস্ময়ে, বিস্ময়ৰ পাততে তেওঁলোকৰ জন্ম হৈছিল । ইয়াৰ উপৰি ডঃ ভবেন্দ্ৰনাথ শইকীয়াকে ধৰি সেই সময়ৰ বহু প্ৰতিষ্ঠিত সাহিত্যিকো বিস্ময়ৰ সৈতে জড়িত হৈ আছিল । অতি জনপ্ৰিয় শিতান বিস্মৃতি আৰু বিস্ময় নামটো ডঃ ভবেন্দ্ৰনাথ শইকীয়াই দিছিল ।"

ইফালে শশী ফুকনৰ মৃত্যুত শোক প্ৰকাশ কৰি বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকাই কয়, " শশী ফুকনদা মোৰ এগৰাকী অভিভাৱক আছিল । মোক লিখা-মেলাৰ ক্ষেত্ৰত সকলো ধৰণৰ পৰামৰ্শ আগবঢ়াইছিল । তেখেতৰ মৃত্যু অসমীয়া সাহিত্যৰ বাবে অপূৰণীয় ক্ষতি । বিস্ময় আলোচনীৰ জৰিয়তে তেওঁ অসমীয়া সাহিত্যত ৰহস্য সাহিত্যৰ ধাৰাটো আৰম্ভ কৰিছিল । বিস্ময়ৰ জৰিয়তে তেওঁৰ সৈতে মোৰ চিনাকি হৈছিল । বিস্ময়ৰ আৰম্ভণিতে মোৰ গল্প এটা প্ৰকাশ পাইছিল । তেতিয়াৰে পৰা সুদীৰ্ঘ দিন বিস্ময়ৰ লগত জড়িত হৈ আছিলো ।"

অতীত ৰোমন্থন কৰি তেওঁ পুনৰ কয়, "বিস্ময়ত কাম কৰিবলৈ বিশ্বনাথৰ পৰা গুৱাহাটীলৈ আহিছিলো । কিন্তু বিভিন্ন কাৰণত কাম কৰা নহ'ল যদিও বিস্ময়ৰ লগত জড়িত হৈ আছিলো । বিস্ময়ৰ লগতে ৰংঘৰ আৰু প্রিয়সখীয়েও জনপ্ৰিয়তা অৰ্জন কৰিছিল । ৰংঘৰ আৰু প্ৰিয়সখীতো মোৰ লেখা প্ৰকাশ পাইছিল । বিস্ময়ৰ পদাংক অনুসৰণ কৰি অসমত বহুকেইখন ৰহস্য, বিনোদনধৰ্মী আলোচনী প্ৰকাশ পাইছিল । বিস্ময়ত প্ৰকাশ পোৱা মোৰ গল্পৰ পৰা মই জুলুকে ধৰি কেইবাখনো কিতাপ প্ৰকাশ কৰিছো । বিস্ময়ৰ জৰিয়তে বহু সাহিত্যক সৃষ্টি কৰিছিল শশী ফুকনে । ৫০ বছৰো অধিক সময় প্ৰকাশ পোৱা বিস্ময় ২০২২ চনৰ পৰা বন্ধ হৈ গৈছিল যদিও শেহতীয়াকৈ পূজা সংখ্যাটো প্ৰকাশ পাইছিল। বিস্ময়ৰ প্ৰকাশ অব্যাহত ৰাখিবলৈ পৰিয়ালৰ লোকক মই অনুৰোধ জনাইছো । মোৰ ফালৰ পৰা যিধৰণৰ সহায় সহযোগিতাৰ প্ৰয়োজন হয় মই আগবঢ়াম ।"

আনহাতে, বিস্ময়ৰ লেখক প্ৰাঞ্জল শৰ্মা বশিষ্ঠই কয়, "'বিস্ময়ৰ বিষয়-বৈচিত্র্য আৰু লিখন-ৰীতি, প্ৰচলন-সংখ্যা, প্রকাশ-কালৰ অৱধি আৰু লেখক তথা পঢ়ুৱৈৰ সৃষ্টিৰ আদর্শ আমাৰ বাবে সদায় বিস্ময়কৰ হৈ থাকিব । মনোৰঞ্জনৰ যোগেদি শিক্ষাদান সাহিত্যৰ এই উদ্দেশ্য অসমীয়া সাহিত্য-ক্ষেত্রত 'বিস্ময়' আলোচনীয়েহে সর্বোৎকৃষ্টৰূপে পূৰণ কৰিছিল । এই আটাইবোৰ উৎকৰ্ষ সাধন সম্ভৱ হৈছিল আলোচনীখনৰ সম্পাদক শশী ফুকনৰ অর্ধশতিকাৰো ওপৰ কালজোৰা বিস্ময়কৰ সম্পাদকীয় আৰু মানৱীয় নীতিৰ গুণত ।"

তেওঁ লগতে কয়, "'ৰংঘৰ' আৰু 'প্ৰিয়সখী'ৰ যোগেদিও তেখেতে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে, পিছে 'বিস্ময়'ৰ যোগেদি আগবঢ়োৱা অৱদান তুলনাহীন- আজিৰ পল্লৱগ্ৰাহী পঠনৰ যুগত কল্পনাৰো অগোচৰ । মনত পৰিছে হেদায়েৎপুৰৰ সেই অসম-আৰ্হিৰ ঘৰটোলৈ, তাৰ এটা কোঠাত ফুকন ছাৰ সম্পাদনাত নিমগ্ন হৈ থকা দৃশ্যলৈ । 'বিস্ময়' আৰু 'ৰংঘৰ'ত তেখেতে আমাৰ লেখাও ছপাই আমাক পুলকিত কৰিছিল- এই উপলব্ধি আমাৰ বাবে সদায় প্ৰেৰণাদায়ক হৈ আহিছে, ভৱিষ্যতেও প্ৰেৰণাদায়ক হৈ থাকিব । মনৰ মণিকোঠত তেখেতৰ ছবিখন ৰৈ যাব, অন্তৰত তেখেতক উদ্দেশ্য কৰি নিষ্কম্পৰূপে জ্বলিব শ্রদ্ধা আৰু কৃতজ্ঞতাৰ শত চাকি ।"

শশী ফুকনৰ বিস্ময়ৰ যাত্ৰা

বিশ্বনাথ চাৰিআলিৰ টেঙাবড়ি গাঁৱত জন্মগ্ৰহণ কৰা শশী ফুকনে ১৯৬৪ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীলৈ পঢ়িবলৈ আহিছিল । তেওঁ প্ৰাগজ্যোতিষ কলেজত নামভৰ্তি কৰিছিল । দুজন বন্ধুৰ সৈতে গুৱাহাটীৰ এটা ভাৰাঘৰত আছিল । তাতেই এদিন শশী ফুকন আৰু তেওঁৰ দুই বন্ধুক ভাৰাঘৰৰ মালিকৰ পুত্ৰ উমেশ বৈশ্যই প্ৰস্তাৱ দিছিল- এখন আলোচনী প্ৰকাশৰ ।

সেয়াই আৰম্ভণি । তাৰ পিছত শশী ফুকনৰ সম্পাদনাত 'সময়' নামেৰে এখন আলোচনী প্ৰকাশ কৰা হয় । এই আলোচনীখনত অসমৰ বহুকেইজন প্ৰখ্যাত লেখকৰ লেখা প্ৰকাশ হৈছিল । কিন্তু ধনৰ অভাৱত এটা সংখ্যা উলিওৱাৰ পিছতে আলোচনীখন বন্ধ হয় । ইয়াৰ পিছত ন-কৈ ছপাশালৰ ব্যৱসায় আৰম্ভ কৰা যোগেশ শৰ্মা নামৰ ব্যক্তি এগৰাকীয়ে আলোচনীখন ছপা কৰাৰ দায়িত্ব লয় । কিন্তু পূৰ্বৰ প্ৰকাশকে আলোচনীখনৰ স্বত্ব এৰি দিয়াৰ বাবদ অধিক টকা দাবী কৰাত 'বিস্ময়' নামেৰে নতুনকৈ আলোচনীখন প্ৰকাশ কৰে ।

বিগত পাঁচটা দশক ধৰি যুৱ প্রজন্মক আলোড়িত কৰি ৰাখিছিল বিস্ময় আলোচনীয়ে। ১৯৬৯ চনৰ জানুৱাৰীত প্ৰথমবাৰৰ বাবে প্ৰকাশ পোৱা বিস্ময়ে অসমীয়া সাহিত্য জগতত এক অনন্য ধাৰাৰ সৃষ্টি কৰিছিল। পৰৱৰ্তী সময়ত ৰংঘৰ আৰু প্রিয়সখী নামৰ আলোচনীও প্রকাশ পাইছিল শশী ফুকনৰ উদ্যোগত।

এসময়ত সর্বাধিক প্রচলিত বিস্ময়ক সাৰথি কৰিয়েই ৰাজ্যখনত আত্মপ্রকাশ কৰিছিল ভালেসংখ্যক বিনোদনধর্মী আলোচনীয়ে। ৰাজ্যত হেজাৰ হেজাৰ পঢ়ুৱৈ সৃষ্টিৰে এটা যুগৰ সূচনা কৰিছিল বিস্ময়ে । অৱশ্যে আর্থিক নাটনি আৰু পঢ়ুৱৈৰ অভাৱৰ বাবে ২০২২ চনত আলোচনীখনৰ প্রকাশ বন্ধ হৈ পৰিলেও যোৱা পূজা সংখ্যাত পুনৰ প্ৰকাশ পাইছিল এসময়ত আলোড়ন সৃষ্টিকাৰী আলোচনীখন ।

১৯৬৯ চনৰ জানুৱাৰীত প্রকাশ পাইছিল বিস্ময়ৰ প্ৰথম সংখ্যা । ছপোৱা হৈছিল এহেজাৰখন । প্রথম অৱস্থাত দুমাহৰ অন্তৰে অন্তৰে প্ৰকাশ পোৱা আলোচনীখন ১৯৭০ চনৰ জানুৱাৰীৰ পৰা মাহেকীয়া হয় । প্রচলন সংখ্যা বৃদ্ধি পায় পাঁচ হেজাৰলৈকে । ১৯৭৩ চনত বিস্ময়ৰ প্রকাশ গোষ্ঠীয়ে ভৰলুমুখত নিজাকৈ এটা সৰু প্ৰেছ খুলি আলোচনীৰ কাৰ্যালয় তালৈ স্থানান্তৰ কৰে ।

অৱশ্যে সময়ৰ লগে লগে পৰিবৰ্তন আহিল, কাৰ্যালয়ৰ স্থানো সলনি হৈ থাকিল । পিছত হেদায়ৎপুৰলৈ স্থানান্তৰ হয় বিস্ময়ৰ কাৰ্যালয় । ১৯৯২ চনত বিস্ময়ৰ প্ৰচলন সংখ্যা বৃদ্ধি পাইছিল ১ লাখলৈ । অৱশ্যে পৰৱৰ্তী সময়ত টিভি, ম'বাইল আৰু ইণ্টাৰনেটৰ আগ্রাসনৰ ফলত বিস্ময়ৰ প্ৰচলন তথা প্রভাৱ হ্রাস পাই আহিল ।

তদুপৰি, কৰ'ণাই তেওঁক অধিক গ্ৰাস কৰে । যাৰ বাবে তেওঁ ২০২০ চনত নিজে স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল যে বিস্ময়ৰ আৰু বিস্ময় সৃষ্টি কৰাৰ ক্ষমতা নাই । ২০২২ চনৰ ছেপ্টেম্বৰ মাহত অন্তিমটো সংখ্যা প্ৰকাশৰ পিছত বিস্ময়ৰ প্ৰকাশ বন্ধ হৈ পৰে । প্রায় দুবছৰ বন্ধ হৈ থকাৰ পিচত যোৱা পূজা সংখ্যাত পুনৰ প্রকাশ হৈ ওলাইছিল বিস্ময় । প্রতিষ্ঠাকালৰে পৰা সম্পাদকৰ দায়িত্ব বহন কৰিছিল শশী ফুকনে । অকল বিস্ময় বুলিয়েই নহয়, শশী ফুকনৰ উদ্যোগত প্রকাশ পোৱা ৰংঘৰ আৰু প্রিয়সখীয়েও অসমীয়া সাহিত্য জগতত খলকনিৰ সৃষ্টি কৰিছিল ।

অসমীয়া সাহিত্য জগতৰ বহু লেখকৰ জন্মদাতা আছিল বিস্ময়

শশী ফুকন এগৰাকী দক্ষ, বিচক্ষণ আৰু ৰুচিপূর্ণ সম্পাদকেই নাছিল, বিস্ময় যুগটোৰে তেওঁ অসমীয়া সাহিত্য জগতত সৃষ্টি কৰি গৈছে বহু প্ৰতিষ্ঠিত লেখক । ৫২ বছৰীয়া বিস্ময়ৰ ইতিহাসত জন্ম পালে বহুকেইগৰাকী ব্যতিক্ৰমী সাহিত্যিকক । তাৰ ভিতৰত অন্যতম হৈছে বৈদূৰ্য বৰুৱা, বন্দিতা ফুকন, ৰঞ্জু হাজৰিকা, মৃত্যুঞ্জয় মহন্ত, পৰিণীতা বুজৰবৰুৱা আদি অনেকজন । বিস্ময়ৰ পাতত প্ৰকাশিত বৈদূৰ্য বৰুৱাৰ 'অপু-চেণ্টু'ৰ কাহিনীয়ে আজিও সেই সময়ৰ পাঠকক শিহৰিত কৰে ।

লগতে পঢ়ক :এক অজান দেশলৈ গুচি গ’ল বিস্ময় যুগৰ স্ৰষ্টা শশী ফুকন
লগতে পঢ়ক :বিস্ময়ঃ স্থবিৰ হ'ব নেকি অৰ্ধ শতিকাজোৰা বৰ্ণাঢ্য যাত্ৰা ?

ABOUT THE AUTHOR

...view details