মৰাণ, 21 ফেব্ৰুৱাৰী : "বিজেপিয়ে শাসনৰ কাৰণে নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই ৷ আমি ৰাইজৰ সেৱাৰ কাৰণে কাম কৰিছো ৷ কংগ্ৰেছক শাসনৰ কাৰণে ক্ষমতা লাগে ৷ আমাক লাগে সেৱা কৰাৰ কাৰণে ৷ আমাৰ আদৰ্শ আৰু কংগ্ৰেছৰ আদৰ্শ বেলেগ বেলেগ ৷ কংগ্ৰেছ ক্ষমতাকেন্দ্ৰিক দল । বিজেপিৰ প্ৰতিজন ৰাজ্যিক সভাপতিৰ কাৰ্যকালতে সদস্যৰ সংখ্যা বাঢ়িছে। কংগ্ৰেছ এতিয়া ৰাইজৰ পদুলিতে আছে, আমি মানুহৰ হৃদয়ত আছো ৷" অসম বিধানসভাৰ বাজেট অধিৱেশন চলি থকাৰ মাজতে মৰাণত বুধবাৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে এইদৰে কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে ।
আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে ১২+ আসন পাব বুলি দৃঢ়তাৰে উল্লেখ কৰে মন্ত্ৰী দাসে । উল্লেখ্য যে, আজি ডিব্ৰুগড় ভ্ৰমণলৈ অহা অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস টিংখাঙত উপস্থিত হয় । টিংখাঙত উপস্থিত হৈ মন্ত্ৰী বিমল বড়াৰ মাতৃৰ মৃত্যুৰ সমবেদনা জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে । লগতে মন্ত্ৰী বিমল বড়াৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে বাৰ্তালাপ কৰে গ্ৰামোন্নয়ন মন্ত্ৰী দাসে। ইয়াৰ পাচতে মৰাণত উপস্থিত হৈ মন্ত্ৰীজনে বিজেপিৰ এজন জ্যেষ্ঠ কাৰ্যকৰ্তা অদ্যুৎ ফুকনৰ অলপতে বিয়োগ ঘটাত মৃতকৰ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে ।