গোলাঘাট: দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস সমাগত । যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ব্যস্ততাৰ অন্ত নাই প্ৰশাসনৰ । ইয়াৰ মাজতে পাহাৰৰ পৰা আলফাৰ কেইবাটাও গোট নামি অহাৰ বাতৰি বিভিন্ন মাধ্যমত প্ৰচাৰ হোৱাৰ লগতে এই গোটসমূহে গণৰাজ্য দিৱসত কূটাঘাতমূলক কাৰ্যকলাপ কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে ।
ইয়াৰ মাজতে শনিবাৰে গোলাঘাটত ড্ৰাগছ দহন কাৰ্যসূচীত অংশগ্ৰহণ কৰি গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে কয়,"গণৰাজ্য দিৱসৰ বাবে যি সুৰক্ষা ব্যৱস্থা থাকিব লাগে তাৰ বাবে আমি সষ্টম । তাৰ বাবে আমাৰ পহৰাৰ ব্যৱস্থা, বিভিন্ন সূত্ৰৰ পৰা তথ্য সংগ্ৰহ কৰাৰ লগতে সীমান্ত অঞ্চলত চি আৰ পি এফ বা যিসমূহ পেৰামিলিটাৰী বাহিনী আছে সকলো সক্ৰিয় কৰি তোলা হৈছে ।"
সৰুপথাৰত গ্ৰেনেড উদ্ধাৰ প্ৰসংগ:
এই সন্দৰ্ভত আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, "সৰুপথাৰ সমষ্টিত উদ্ধাৰ হোৱা গ্ৰেনেডটো বহু পুৰণি । উদ্ধাৰ হোৱা ঘৰটোও জৰাজীৰ্ণ অৱস্থাত আছিল । উদ্ধাৰ হোৱা গ্ৰেনেডটো আলফাই ব্যৱহাৰ নকৰে । এই হেণ্ড গ্ৰেনেড চিকিউৰিটী ফ'ৰ্চে ব্যৱহাৰ কৰে আৰু তাৰ ভিতৰত থকা বিস্ফোৰক সামগ্ৰীসমূহ নোহোৱা হৈছে । লগতে এই গ্ৰেনেড যিহেতু উগ্ৰপন্থী সংগঠনে ব্যৱহাৰ নকৰে তেনেহ'লে ক'ৰ পৰা এই স্থানলৈ আহিল সেয়া তদন্তৰ পাছতহে ক'ব পৰা যাব ।"
আলফা কেডাৰক উভতি অহাৰ আহ্বান:
আলফাৰ কেডাৰ সন্দৰ্ভত অধীক্ষক সিঙে কয়, "গোলাঘাট জিলাৰ বহু আলফা সদস্য ম্যানমাৰত আছে ৷ ৰূপম অসম, পূৰ্ণিমাকে ধৰি দহ-বাৰজন সক্ৰিয় আলফা কেডাৰ ম্যানমাৰত আছে । তেওঁলোকৰ পৰিয়ালৰৰ ওচৰত আমাৰ আৰক্ষীৰ লোক গৈ অনুৰোধ কৰিছোঁ যে তেখেতসকলৰ সন্তানক মাতি আনি সমাজৰ উন্নতিৰ বাবে কামত নিয়োজিত কৰিব লাগে । এটা বিদ্ৰোহী মনোভাৱ লৈ যুদ্ধ কৰাৰ যি পৰিকল্পনা সেয়া নাইকিয়া কৰিব লাগে ।"
পাহাৰৰ পৰা নামি আহিছে আলফাৰ কেইবাটাও গোট:
এই সন্দৰ্ভত তেওঁ কয়, "গণৰাজ্য দিৱস বা স্বাধীনতা দিৱসত কূটাঘাতমূলক কাৰ্যকলাপ কৰিবলৈ তেওঁলোকে চেষ্টা কৰে । যাৰ বাবে দুই, তিনিটা গোট নামি আহিছে আৰু আমিও সষ্টম হৈ আছোঁ । প্ৰয়োজন হ'লে আমি মোকাবিলা কৰিম ।"
কোটি টকাৰ ড্ৰাগছ দাহন:
ইয়াৰ উপৰিও তেওঁ কয়- "২০২৪ বৰ্ষত প্ৰায় ১৬ কোটি টকাৰ ড্ৰাগছ আমি দহন কৰিছোঁ । আমি প্ৰতি মাহে ড্ৰাগছ দহন কাৰ্যসূচী ৰূপায়ণ কৰো । মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে আজি ৬১.৩৪ গ্ৰাম হেৰ'ইন আৰু ভাং যাৰ মূল্য ১২ লাখ ৩১ হাজাৰ টকা, সেই সকলোখিনি দাহ কৰা হৈছে । গোলাঘাট জিলা ড্ৰাগছ সৰবৰাহৰ মূল কৰিড'ৰ । ইয়াৰ পৰাই অসমৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হয় । পূৰ্বতে কম আছিল যদিও ২০২৪ বৰ্ষত সৰ্বাধিক ১৬ কোটি টকাৰ ড্ৰাগছ দাহ কৰা হৈছে ।"
লগতে তেওঁ কয়, "অৱশ্যে NCP ৰ মতে ১৬ কোটিৰ বজাৰৰ মুল্য প্ৰায় দুগুণ হ'ব । নাৰ্কোটিক্স কণ্ট্ৰ'ল বোৰ্ডৰ হিচাপ অনুসৰি এক কিলোগ্ৰাম হেৰ'ইনৰ মূল্য দুই কোটি কিন্তু আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ মুল্য ৫ কোটি টকা । মূল কথা আমি সৰবৰাহ কৰা বন্ধ কৰিব পাৰোঁ, কিন্তু সমাজত ড্ৰাগছ সেৱন কৰা লোকক ৰোধ কৰিবলৈ সমাজৰ প্ৰতিটো স্তৰৰ লোকে এইক্ষেত্ৰত কাম কৰিব লাগিব । যাৰ বাবে বিদ্যালয়, মহাবিদ্যালয়ৰ লগতে গাঁও, চহৰ সকলোতে সজাগতা আনিব লাগিব যে ড্ৰাগছ মাৰাত্মক ৷ ই আমাৰ পৰিয়াল, সমাজ সকলো নষ্ট কৰে ।"