ধেমাজি : আজিকালি প্ৰায়ভাগ মানুহে ক'লা চাউলৰ পৰা প্ৰস্তুত কৰা খাদ্য় গ্ৰহণত গুৰুত্ব আৰোপ কৰিছে । জহা চাউলৰ দৰেই এই ক'লা চাউল বা ৱ্লেক ৰাইচৰ আছে সুগন্ধ আৰু নিজস্ব স্বাদ ৷ বেছি সোৱাদযুক্ত এইবিধ চাউলৰ বৰণ ক'লা বা বেঙুনীয়া হোৱাৰ মূলতেই হৈছে ইয়াত থকা বিভিন্ন উপাদান ৷ ইয়াৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে বহুতেই ব্য়ৱসায়িক দিশতো গুৰুত্ব আৰোপ কৰিছে ।
এতিয়া বজাৰত ক'লা চাউলৰ পৰা প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ খাদ্য় উপলব্ধ হৈছে । আনকি ক'লা চাউলৰ পৰা প্ৰস্তুত কৰা চকলেটো কিনিবলৈ পোৱা যায় ৷ ক’লা ধানৰ পৰা উৎপাদন হোৱা চাউল আপুনিও নিশ্চয় পথাৰত অথবা বজাৰত দেখিছে । এই চাউলৰ পৰা সুস্বাদু জলপান খাই বুলিও আপুনি জানে ।
ক'লা চাউলৰ আছে ৰাষ্ট্ৰীয় বজাৰ :
এই ধানৰ চাউলৰ পৰা কেৱল জলপানৰ সোৱাদেই লাভ কৰিব পাৰি তেনে নহয়, আছে ইয়াৰ এখন ৰাষ্ট্ৰীয় বজাৰো ৷ এই বজাৰত আছে ক'লা চাউলৰ ব্যাপক চাহিদা ৷ বজাৰত উপলব্ধ হৈছে ক’লা চাউলৰ চকলেট, কেক, কেবা প্ৰকাৰৰ বিস্কুট, ভুজিয়া আদি ৷ সেয়া এতিয়া অসমৰ কৃষকৰ বাবে ভাল খবৰ ৷ এতিয়াৰে পৰা এইধৰণৰ উৎকৃষ্ট মানৰ খাদ্যবস্তু প্ৰস্তত কৰিব পাৰিব ক'লা চাউলৰ পৰা ৷ এই নতুন চিন্তাৰে কাম আৰম্ভ কৰি সমাদৃত হৈছে এগৰাকী মহিলা ৷
তিনিখন কিতাপো লিখিছে কেয়া দাস চৌধুৰীয়ে :
কেয়া দাস চৌধুৰী নামৰ মহিলাগৰাকীয়ে ক’লা চাউলৰ পৰা ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে প্ৰস্তুত কৰিছে নানা খাদ্যবস্তু । গুৱাহাটীৰ বাসিন্দা কেয়া দাস চৌধুৰীয়ে সমগ্ৰ অসমৰ লগতে ৰাজ্য়ৰ বাহিৰলৈ অৰ্ডাৰ অনুসৰি যোগান ধৰি আহিছে ক'লা চাউলৰ পৰা প্ৰস্তুত কৰা খাদ্যবস্তুবোৰ ৷ ইতিমধ্যে ক'লা চাউলৰ পৰা কেনেকৈ লাৰু আৰু অন্যান্য খাদ্য বস্তু প্ৰস্তুত কৰিব পাৰি তাৰ ওপৰত তিনিখন কিতাপো লিখি উলিয়াইছে এইগৰাকী মহিলাই ৷ নিজাকৈ খুলিছে এটি প্ৰশিক্ষণ কেন্দ্ৰও ৷
অলপতে ধেমাজিত এই উদ্যমী মহিলাগৰাকীয়ে প্ৰদৰ্শনী আৰু বিক্ৰীৰ জৰিয়তে ক'লা চাউলৰ ব্যৱসায়ৰ নতুন দিশটোৰ ওপৰত কৃষক ৰাইজক অৱগত কৰিবৰ প্ৰয়াস কৰে ৷ এইক্ষেত্ৰত উদ্যমী মহিলাগৰাকীয়ে কয়,“ কেৱল ক'লা চাউলৰ পৰাই এশৰো ওপৰত খাদ্যবস্তু প্ৰস্তুত কৰিছো ৷ এই সকলো অৰ্ডাৰ অনুসৰি বিক্ৰী কৰো ৷ ময়দাৰ সলনি ব্লেক ৰাইচ ব্যৱহাৰ কৰি প্ৰস্তুত কৰিছো কেক, ছুগাৰ ফ্ৰী বিস্কুট আদি ৷ হাৰিয়ানা, লক্ষ্ণৌ আৰু দিল্লীলৈ প্ৰেৰণ কৰিছো ৷ ৰাইজৰ সঁহাৰি খুবেই ভাল ৷ ধেমাজিলৈ আহি ভাল পাইছো ৷ ইয়াৰ ৰাইজে দৰ-দাম নকৰে ৷"
তেওঁ পুনৰ কয়, "ক’লা চাউল প্ৰথমে মণিপুৰৰ পৰা সংগ্ৰহ কৰিছিলো ৷ বৰ্তমান অসমৰ কৃষকৰ পৰা চাউল ল'বলৈ আৰম্ভ কৰিছো ৷ মই এতিয়ালৈকে তিনিখন কিতাপ লিখি উলিয়াইছো ৰেচিপিৰ ওপৰত ৷ বহুতে কিনিছে ৷ বহুতে মোৰ পৰা প্ৰশিক্ষণো লৈছে ৷’’
কেনেকৈ আহিল মনলৈ এই ধাৰণাটো :
বিভিন্ন চাউলৰ ভিতৰতে সুকীয়া পৰিচয় দাঙি ধৰা ক’লা চাউলৰ প্ৰতি উৎসুক হৈয়ে খাদ্যবস্তু প্ৰস্তুত কৰা মহিলাগৰাকীয়ে কয়, “এইটো ভগৱানৰেই দান বুলিব পাৰি ৷ ২০১৫ চনত খানাপাৰাত হোৱা কৃষি প্ৰদৰ্শনীলৈ গৈ প্ৰথম দেখা পাওঁ ক’লা চাউলবিধ ৷ এক কিলো কিনি আনিলো ৷ পিছে পায়স বনাবলৈ গৈ গোটেই দিনটো নষ্ট হৈছিল ৷ ইয়াৰ পিছত মণিপুৰৰ এজন বন্ধুৱে আহি বিভিন্ন বস্তুৰ লগত এই চাউল অকণমানৰে কিবা এটা তৈয়াৰ কৰিলে ৷ ইয়াৰ পৰা অনুপ্ৰাণিত হৈ মই ভাবিলো কিবা এটা নতুন খাদ্যবস্তু প্ৰস্তুত কৰো ৷ ইমান ঔষধিগুণ সম্পন্ন আৰু ভিটামিন আছে ৷ এনেকৈয়ে আৰম্ভ কৰিলো এই ব্য়ৱসায়টো ৷’’