হাফলং:ডিমা হাছাও জিলাত বিজেপি দলত বিদ্ৰোহ। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাক অপসাৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত বিজেপি কাৰ্যকৰ্তাৰ । নতুন বছৰৰ প্ৰথম দিনাই ডিমা হাছাও জিলাত প্ৰতিবাদী কাৰ্যসূচী । নতুন বছৰ উদযাপনৰ বাবে যেতিয়া সকলোৱে ব্যস্ত হৈ পৰিছে সেই সময়ত ডিমা হাছাও জিলা বিজেপি বিদ্ৰোহৰ জুইত জ্বলিছে ।
উত্তৰ-কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন কেন্দ্ৰ হাতীখালি সমষ্টিৰ বিজেপি দলৰ কাৰ্যকৰ্তা আৰু নেতৃবৃন্দ মানদাৰদিছা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দেৱলাল গাৰ্লোচাৰ অপসাৰন বিচাৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে বুধবাৰে । প্ৰতিবাদকাৰী সকলৰ দাবী উত্তৰ-কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাক অনতিপলমে অপসাৰন কৰিব লাগে তেওঁৰ পদৰ পৰা ।
প্ৰতিবাদকাৰী সকলে সংবাদমাধ্যমৰ আগত কৰি কয়,"দেবলাল গাৰ্লোচাই ডিমা হাছাও জিলাত একনায়ত্ববাদ চলাই আহিছে । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদক তেওঁ এটা ব্যক্তিগত কোম্পানীৰ দৰে চলাই আছে । হাতীখলিত বিজেপি দলৰ মাজত বিভাজন সৃষ্টি কৰি কাজিয়াৰ সৃষ্টি কৰিছে দেবলাল গাৰ্লোচাই । তেওঁলোকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ সময়ত লাংটিঙত প্ৰচাৰ অভিযানত আহি কৈছিল বিজেপিৰ ত্ৰিপুল ইঞ্জিন চৰকাৰ চলিছে ইয়াত নিৰ্দলীয় প্ৰাৰ্থীৰ কোনও কাম নাই ।"