কলিয়াবৰ: ঐতিহ্যমণ্ডিত কলিয়াবৰ । সত্ৰৰ নিজস্ব চৰ্চাৰ সম্পদখিনিৰ ব্যতিৰেকেও অলেখ লোক-সাংস্কৃতিক সম্পদ, পৰিৱেশ্য কলাৰ ৰূপ কলিয়াবৰৰ অৰঙে-দৰঙে সিঁচৰতি হৈ আছে । ভোগালীৰ বতৰত হেৰলি ঘৰ বা ঢেৰা ঘৰৰ চিনাকি হেঁচানাম, ব'ৰাগী নামৰ লগতে কলী বুঢ়ী নৃত্য আদিয়ে এসময়ত কলিয়াবৰ ৰজন-জনাই আছিল ।
অৱশ্যে তাহানি পুৰুষৰ পৰা আঁতৰি মনে মনে নচা ক’লী বুঢ়ী নৃত্যক আজিও প্ৰাণৱন্ত কৰি ৰাখিছে কলিয়াবৰৰ সোণাৰী গাঁৱত । বৃটিছে চাবলৈ অহা এই ক’লীবুঢ়ী নৃত্য মধ্য অসমৰ অন্যতম ভোগালী বিহুত পৰিৱেশন কৰা এক লোকনৃত্য ।
মাঘ বিহুৰ উৰুকাৰ দিনা সোণাৰীগাঁৱৰ সাত খেলৰ ৰাইজে পথাৰত সাজি উলিওৱা হেৰলি ঘৰত দুপৰীয়া ভকত বৈষ্ণৱসকলে নাম-প্ৰসংগ কৰি সেৱালৈ কেৱল মাহ- প্ৰসাদ গ্ৰহণৰ অন্তত জ্বলাই দিয়ে এই হেৰলি ঘৰ । ইয়াৰ পাছতে মহিলাসকলে আওহতীয়া ঠাইত লগ হৈ ৰং ৰহইচ কৰি নৃত্য প্ৰদৰ্শন কৰে ।
জ্বলা মেজিৰ পৰা উৰা কুকুহাৰ ছাঁই মুখত সানি পৰিৱেশন কৰা এয়াই হ'ল কʼলী বুঢ়ী নৃত্য । সোণাৰী গাঁৱৰ মাঘ বিহুৰ আন এক পৰম্পৰা এই ক’লী বুঢ়ী নৃত্য । নৃত্যৰ দলটোত এগৰাকীয়ে নাচৰ গুৰি ধৰে । মুখত হেৰালি ঘৰ পোৰা ছাই সানি মুখ ক’লা কৰি, মূৰত পাগুৰি মাৰি ওজাপালিৰ আৰ্হিত গীত গায় আৰু বাকী মহিলাসকলে গীতৰ তালে তালে ঘূৰি ঘূৰি নৃত্য কৰে ।
মূল ভাৱৰীয়াগৰাকীয়ে ৰিহা-মেখেলা পৰিধান কৰি ভাও দি দি গীতৰ কথা আগবঢ়াই নিয়ে । কম বয়সীয়া বোৱাৰী বা ছোৱালীয়ে এই নাচত অংশগ্ৰহণ কৰা দেখা নাযায় । পুৰুষসকলেও এই নাচ চোৱাত পূৰ্বতে বাধা আছিল । আজিৰে পৰা ৫০-৬০ বছৰৰ আগলৈকে কোনো লোকে গোপনে ক’লী বুঢ়ী নাচ চাবলৈ যোৱা গম পালে সমাজত বা গাঁৱৰ ৰাইজৰ আগত ন্যূনতম জৰিমণা আদায় দিব লাগিছিল ।
সাধাৰণতে মূৰত কাপোৰৰ পাগুৰি মাৰি প্ৰধান নাচনীগৰাকীয়ে নৃত্যানুষ্ঠানটিত ভাগ লয় আৰু সূত্ৰধাৰীয়ে পাক দিয়াদি গীত আৰম্ভ কৰে – "ৰাম বোল ৰে মন/হৰি বোল ৰে মন" -তাৰ পিছে-পিছে বাকী তিৰোতাসকলে গীত গায় ।