গুৱাহাটী :যাত্ৰীবাহী ৰে'লত টিকট নোহোৱাকৈ যাত্ৰা কৰা বা টিকটৰ বিপৰীতে নিৰ্দিষ্ট গন্তব্য স্থানৰ সলনি দূৰৰ আন ৰে'লৱে ষ্টেচনত নমা যাত্ৰীৰ বিৰুদ্ধে উত্তৰ-পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষই ধাৰাবাহিক অভিযান চলাই আহিছে । যাৰ বাবে বিগত ২০২৪ বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা ৩১ ডিচেম্বৰ পৰ্যন্ত ৯ মাহত তেনে অভিযানত টিকটবিহীন যাত্ৰী আৰু গন্তব্য স্থানৰ সলনি কৰা যাত্ৰীৰ বিৰুদ্ধে চলোৱা অভিযানত ৪৮.১১ কোটি টকাতকৈ অধিক জৰিমনা সংগ্ৰহ কৰিছে উত্তৰ-পূব সীমান্ত ৰে'লৱেই ।
- উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অভিযান
উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিয়া মতে, এই অভিযানসমূহৰ উদ্দেশ্য হৈছে - টিকটবিহীন আৰু অনিয়মিত ভ্রমণ নিয়ন্ত্ৰণ কৰা, যাৰ ফলত প্রকৃত যাত্রীসকল অসুবিধাত পৰে ।
আনহাতে অভিযানসমূহত পহিলা এপ্ৰিলৰ পৰা ৩১ ডিচেম্বৰলৈকে মুঠ ৫,৭০,১৪১ টা টিকটবিহীন বা অনিয়মীয়া ভ্রমণৰ ঘটনা ধৰা পেলোৱা হৈছে । তাৰ বিপৰীতে ৪৮.১১ কোটি টকাতকৈ অধিক টকাৰ জৰিমনা সংগ্ৰহ কৰা হয় । একে সময়তে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ দণ্ডাধীশৰ সহায়ত অনুমোদিত নোহোৱা যাত্ৰীৰ বিৰুদ্ধে আঠটাকৈ আকস্মিক টিকট চেকিং অভিযান চলোৱা হৈছিল ।
উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অভিযান (ETV Bharat) ফলস্বৰূপে ৪৪৮ জন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়, যাৰ ভিতৰত ৩৮০ জনে ৰে'লৱে আইনৰ নিয়মাৱলী উলংঘা কৰা প্ৰত্যক্ষ কৰা গৈছিল । সেই অনুসৰি তেওঁলোকৰ পৰা জৰিমনা হিচাপে সংগ্ৰহ কৰা মুঠ ধনৰ পৰিমাণ আছিল প্রায় ২.১৩ লাখ টকা । এই ক্ষেত্রত যদি অবৈধ যাত্রীসকলে দাবী অনুসৰি ধন পৰিশোধ কৰিবলৈ ব্যর্থ হয় বা অস্বীকাৰ কৰে তেওঁলোকে ৰে'লৱে আইন, ১৯৮৯ ৰ প্রাসঙ্গিক ধাৰাসমূহৰ অধীনত গোচৰৰ সন্মুখীন হ'ব লগা হয় ।
উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অভিযান (ETV Bharat) মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াজনে সদৰী কৰা অনুসৰি, উত্তৰ-পূব সীমান্ত ৰে'লৱেই সকলো যাত্ৰীক সঠিক আৰু বৈধ টিকটৰ সৈতে ভ্ৰমণ কৰিবলৈ আৰু বৈধ পৰিচয় পত্ৰ লগত ৰাখিবলৈ আহ্বান জনাইছে । এতিয়া যাত্রীসকলে তেওঁলোকৰ স্মার্ট ফোনত অসংৰক্ষিত টিকেটিং চিষ্টেম (ইউটিএছ) মোবাইল এপ্লিকেচনৰ জৰিয়তে দেশৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ ভ্রমণ কৰিবলৈ অসংৰক্ষিত টিকট ক্ৰয় কৰিব পাৰিব ।