অসম

assam

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 8:58 AM IST

ETV Bharat / state

ধন আদায় দি মথাউৰি নিৰ্মাণ কৰিবলৈ আমাৰ অসুবিধা: মন্ত্ৰী পীযুষ হাজৰীকা - Erosion in Nalbari

Pijush Hazarika visits Nalbari: মুকালমুৱাৰ গোৰাক্ষাট্টাৰীত মথাউৰিৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ । মৰা পাগলাদিয়া আৰু বুঢ়াদিয়াত প্ৰায় 19 কি:মি: দৈৰ্ঘৰ মথাউৰি নিৰ্মাণ হ’ব বুলি জনায় মন্ত্ৰীগৰাকীয়ে ৷ অৱশ্যে মথাউৰি নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণৰ ধন ৰাইজক প্ৰদান কৰা নহ’ব বুলি স্পষ্ট কৰি দিয়ে জলসম্পদ মন্ত্ৰীগৰাকীয়ে ৷

minister pijush hazarika inspects erosion Effected site of Mukalmua Nalbari
মথাউৰিৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ (ETV Bharat)

নলবাৰী, 27 জুন:ৰাজ্যত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বিভিন্ন জিলা বানৰ কবলত পৰিছে । ইফালে বৰাক-ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । শেহতীয়াকৈ নলবাৰীৰ পশ্চিম প্ৰান্ততো প্ৰলয় সৃষ্টি কৰিছে বুঢ়াদিয়াৰ বানে ৷ এই পৰিস্থিতি অব্যাহত থকাৰ সময়তে অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই বিভিন্ন জিলাৰ বিভিন্ন প্ৰান্তলৈ গৈ বান পৰিস্থিতিৰ লগতে খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰা পৰিলক্ষিত হৈছে ।

মথাউৰিৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ (ETV Bharat)

বৃহস্পতিবাৰে নলবাৰীত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত অংশগ্ৰহণ কৰাৰ পিছতে মুকালমুৱাৰ গোৰাক্ষাট্টাৰীত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰীকাই ৷ নলবাৰী জিলাৰ মুকালমুৱাৰ গোৰাক্ষাট্টাৰীত উপস্থিত হৈ মথাউৰিৰ খহনীয়া পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:কলাজল নৈত শীঘ্ৰে মথাউৰি নিৰ্মাণৰ আশ্বাস পীযুষ হাজৰীকাৰ - Assam Flood 2024

উল্লেখ কৰা প্ৰয়োজন যে, মুকালমুৱাৰ গোৰাক্ষাট্টাৰীত মথাউৰিৰ এটা অংশত কিছু পৰিমাণে খহনীয়া হৈছিল বাৰিষাৰ প্ৰথমজাক বৰষুণ হোৱাৰ পিচৰে পৰা । ইতিমধ্যে উক্ত স্থানত খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে তীব্ৰগতিত কাম কৰি আছে । ৰাইজেও কিছুদিন পূৰ্বে গছ বগৰাই খহনীয়া ৰোধৰ চেষ্টা চলাইছিল । বৃহস্পতিবাৰে উক্ত স্থানত উপস্থিত হৈ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰীকাই খহনীয়া স্থান পৰিদৰ্শন কৰি শীঘ্ৰে মথাউৰিটো সুৰক্ষিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে ।

লগতে পঢ়ক:খহনীয়া প্ৰতিৰোধ কৰিবলৈ ৰাইজে ব্ৰহ্মপুত্ৰৰ বুকুত খান্দিলে সুঁতি - Erosion of Brahmaputra in Assam

সংবাদ মাধ্যমৰ আগত মন্ত্ৰী পীযুষ হাজৰীকাই বিষয়টো সন্দৰ্ভত কয়, "গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আমি আজি প্ৰায় 15 দিন ধৰি প্ৰয়োজনীয় কামখিনি কৰি আছো জিঅ’ বেগ, পাৰ্কুপাইন আদিৰ জৰিয়তে ৷ বিভিন্ন অঞ্চল ঘূৰি ফুৰাৰ বাবে ইয়ালৈ আহিব পৰা নাছিলো ৷ আজি স্থানডোখৰ দেখি উপলব্ধি কৰিছো যে যদি আমি মথাউৰিৰ উত্তৰপাৰে ব্যৱস্থা গ্ৰহণ কৰো, তেনেহ’লে গৰাখহনীয়া হ’লেও অঞ্চলটোৰ কোনো ক্ষয়-ক্ষতি নহ’ব ৷ মথাউৰিটোৰ উত্তৰ দিশত আমি 300 মিটাৰ বহল কৰিম ৷ নুন্যতম 10 ফুট বা 15 ফুট আগুৱাই দিয়া হ’ব ৷ খৰালি দিনত এই অঞ্চলটোত গৰাখহনীয়া ৰোধ কৰিবলৈ যত্ন কৰা হ’ব ৷ "

"ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰহিত্যত আয়োজিত আজিৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে মৰা পাগলাদিয়া আৰু বুঢ়াদিয়াত আমি প্ৰায় 19 কি:মি: নিৰ্মাণ কৰিম ৷ ভূমি অধিগ্ৰহণৰ সমস্যা যাতে নহয়, তাৰ বাবে বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক মই ব্যক্তিগতভাবে অনুৰোধ জনাম ৷ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাকো কম ৷ ভূমি অধিগ্ৰহণৰ পইচা দি মথাউৰি নিৰ্মাণ কৰিবলৈ আমাৰ অসুবিধা ৷ কোনেও যাতে ভূমি অধিগ্ৰহণৰ ধন নিবিচাৰে ৷ ভূমি অধিগ্ৰহণ বিনিময়ত ধন আদায়ৰ সমস্যা নাথাকিলে অতি শীঘ্ৰেই আমি 19 কি:মি: মথাউৰি নিৰ্মাণ কৰিম"- পুনৰ কয় মন্ত্ৰী পীযুষ হাজৰীকাই ৷

লগতে পঢ়ক:১৫০ কিলোমিটাৰ মথাউৰি মেৰামতিৰ বাবে ধন আৱন্টন চৰকাৰৰ: পীযুষ হাজৰীকা - Embankment construction in Assam

নিৰ্মাণৰ এবছৰ নৌহওঁতেই কপিলীৰ কোটিটকীয়া শৈলবান্ধত প্ৰৱল খহনীয়া - Erosion of Kapili River

শাকতোলাত ছিগা মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ - Assam Flood 2024

ABOUT THE AUTHOR

...view details