হায়দৰাবাদ : মুম্বাই আৰক্ষীয়ে বলীউড অভিনেতা ছৈফ আলী খানৰ ভাষ্য লিপিবদ্ধ কৰিছে । যোৱা সপ্তাহৰ ১৬ জানুৱাৰীত বান্দ্ৰাত থকা তেওঁৰ বাসগৃহত এজন বাংলাদেশী নাগৰিকে ছৈফক ছুৰীকাঘাত কৰে, সেই সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মুখ খুলিছে ছৈফে । বিষয়াসকলে শুকুৰবাৰে এই তথ্য জানিবলৈ দিয়ে ।
আইন শৃংখলা বিভাগৰ যুটীয়া আৰক্ষী আয়ুক্ত সত্যনাৰায়ণ চৌধুৰীৰ মতে, অভিনেতা ছৈফ আলী খানৰ বক্তব্য বৃহস্পতিবাৰে তেওঁৰ বাসগৃহ ‘‘সতগুৰু শৰণ’’ত লিপিবদ্ধ কৰা হয় । আইএনএছৰ তথ্য অনুসৰি, ছৈফ আলী খানে এই ঘটনা মনত পেলাই কয় যে তেওঁ আৰু তেওঁৰ পত্নী কৰীণা কাপুৰ খান সতগুৰু শৰণ বিল্ডিঙৰ একাদশ মহলাত থকা তেওঁলোকৰ শোৱনি কোঠাত আছিল । তেতিয়াই তেওঁলোকে সৰু ল’ৰা জাহাংগীৰৰ (জেহ) নেনীৰ চিঞৰ শুনিলে । চিঞৰ শুনি দুয়ো পুত্ৰৰ কোঠালৈ যায় আৰু তাতেই আক্ৰমণকাৰীক দেখা পায় ৷
এলিয়ামা ফিলিপে ভয় খাই চিঞৰি উঠিছিল-ছৈফ আলী খান
ছৈফ আলী খানে আৰক্ষীক জনোৱা মতে, নেনী এলিয়ামা ফিলিপে ভয় খাই চিঞৰি উঠিছিল । জেহৰ কোঠালৈ গৈ তেওঁলোকে দেখে যে জেহে কান্দি আছে । নেনীয়ে কয় আক্ৰমণকাৰীয়ে ১ কোটি টকা দাবী কৰিছে ।
আৰক্ষী সূত্ৰই জনোৱা মতে, অভিনেতাজনে অভিযুক্তটোক ৰখাবলৈ চেষ্টা কৰিছিল যদিও ছৈফৰ পিঠি, ডিঙি আৰু হাতত বহুবাৰ ছুৰীৰে আঘাত কৰে অভিযুক্তটোৱে । এই আক্ৰমণৰ পিছত অভিনেতাজনক লগে লগে লীলাৱতী চিকিৎসালয়লৈ লৈ যোৱা হয় ।
ঘৰত অচিনাকি মানুহ দেখি ভয় খাইছিল ছৈফ আলী খানৰ পৰিয়ালে
সূত্ৰই জনোৱা মতে, আহত হোৱাৰ পিছতো অভিনেতাজনে অনুপ্ৰৱেশকাৰীক কোঠাটোৰ ভিতৰলৈ ঠেলি দিয়ে । এই সময়তে জেহৰ লগত নেনী দৌৰি ওলাই আহে । সূত্ৰই আৰু জনোৱা মতে, ছৈফে কয় যে অচিনাকি মানুহজনক দেখাৰ পিছত সকলোৱে ভয় খাইছিল যদিও তেওঁলোকে তেওঁক ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল । অভিনেতাজনৰ ঘৰত চোৰে প্ৰৱেশ কৰাৰ সময়ত ছৈফ আলী খান পত্নী কৰীণা আৰু দুই পুত্ৰ জেহ আৰু টাইমূৰৰ সৈতে ঘৰতে আছিল ।
৩ দিনৰ অন্তত আৰক্ষীৰ হাতত ধৰা পৰে আক্ৰমণকাৰী
আক্ৰমণকাৰীৰ নাম মহম্মদ শ্বৰীফুল ইছলাম শ্বাহজাদ । যোৱা বছৰ বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল বুলি জানিব পৰা গৈছে । মুম্বাই আৰক্ষীৰ কমেও ২০টা দলে তিনিদিন পিছত ১৯ জানুৱাৰীত মুম্বাইৰ সমীপৰ থানেৰ পৰা গ্ৰেপ্তাৰ কৰে তেওঁক ।
আৰক্ষীৰ মতে, অভিনেতাজনৰ ফ্লেটত প্ৰৱেশ কৰা ব্যক্তিজনে চুৰিৰ উদ্দেশ্যেৰে এনে কাম কৰিছিল । সত্যনাৰায়ণ চৌধুৰীয়ে কয়, "ইয়াৰ আগতে কৰীণা কাপুৰৰ বক্তব্যও বান্দ্ৰা আৰক্ষীয়ে ৰেকৰ্ড কৰিছিল ।"
আৰক্ষীয়ে অভিযুক্তৰ আঙুলিৰ ছাপ উদ্ধাৰ কৰে
বুধবাৰে মুম্বাই আৰক্ষীয়ে অভিনেতাজনৰ ঘৰৰ পৰা অভিযুক্তৰ কেইবাটাও আঙুলিৰ ছাপ উদ্ধাৰ কৰে । আৰক্ষীয়ে অট্টালিকাৰ চিৰি, টয়লেটৰ দুৱাৰ আৰু পুত্ৰ জেহৰ কোঠাৰ দুৱাৰৰ হেণ্ডেলত অভিযুক্তৰ আঙুলিৰ ছাপ উদ্ধাৰ কৰে । আৰক্ষীয়ে জনোৱা মতে, বান্দ্ৰাৰ ছৈফ আলী খানৰ ফ্লেটৰ পৰা লোৱা আঙুলিৰ ছাপ শ্বাহজাদৰ আঙুলিৰ ছাপৰ সৈতে মিল আছে ।
আৰক্ষীৰ বিবৃতি অনুসৰি, ভাৰতীয় দণ্ডবিধিৰ ৩১১, ৩১২, ৩৩১(৪), ৩৩১(৬) আৰু ৩৩১(৭) ধাৰাত গোচৰ ৰুজু কৰা হৈছে । ইয়াৰ উপৰিও আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তই বাংলাদেশৰ নিজ গাঁৱলৈ পলায়ন কৰিবলৈ ওলোৱা সময়তে তেওঁক থানেৰ হিৰণানন্দনী বাগিচাত আটক কৰা হৈছিল । দেওবাৰে বান্দ্ৰা হলীডে’ আদালতে অভিযুক্তক পাঁচদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ।