মুম্বাই : বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱৰ বিপদে লগ নেৰা হৈছে ৷ শেহতীয়াকৈ অভিনেতাগৰাকীয়ে মৃত্যুৰ ভাবুকি লাভ কৰিছে, তাকো পাকিস্তানৰ পৰা ! এতিয়া খবৰ আহিছে যে তেওঁৰ পিতৃ নৌৰাং যাদৱৰ আজি দেহাৱসান ঘটে । ৰাজপাল যাদৱৰ পিতৃ যোৱা দুদিন ধৰি দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স (এইমছ)ত ভৰ্তি হৈ আছিল ।
ইফালে ৰাজপাল যাদৱ থাইলেণ্ডত আছিল আৰু পিতৃৰ মৃত্যুৰ খবৰ লাভ কৰাৰ লগে লগে তেওঁ দিল্লী এইমছলৈ যায় । নৌৰাং যাদৱ শীঘ্ৰে সুস্থ হৈ ঘৰলৈ উভতি যাব বুলি পৰিয়ালটো আশাবাদী আছিল যদিও তেওঁৰ মৃত্যুৱে সমগ্ৰ পৰিয়ালটোৰ লগতে অভিনেতাজনৰ অনুৰাগীৰ মাজত শোকৰ ঢৌৰ সৃষ্টি কৰিছে ৷
অভিনেতাগৰাকীৰ পিতৃক এইমছত ভৰ্তি কৰোৱা হৈছিল
৫৩ বছৰীয়া অভিনেতা ৰাজপাল যাদৱ উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰৰ পৰা অহা । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, তেওঁৰ দেউতাকৰ অন্ত্যেষ্টিক্ৰিয়া তেওঁৰ গৃহ জিলাত সম্পন্ন কৰা হ'ব । ৰাজপাল যাদৱে দীৰ্ঘদিন ধৰি বলীউডত কাম কৰি আছে । তেওঁ চলচ্চিত্ৰত কৌতুক চৰিত্ৰ কৰাৰ বাবে জনাজাত আৰু তেওঁৰ অনুৰাগীৰ সংখ্যাও যথেষ্ট ।
ৰাজপাল যাদৱে কঠিন সংগ্ৰামৰ মাজেৰে মুম্বাইত নিজৰ পৰিচয় গঢ়ি তোলে আৰু তাৰ পিছত সৌভাগ্যক্ৰমে তেওঁ এখনৰ পিছত সিখনকৈ চিনেমা পাবলৈ আৰম্ভ কৰে ৷
মৃত্যুৰ ভাবুকি লাভ কৰিছে ৰাজপালে
ৰাজপাল যাদৱে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান, ছলমান খান আৰু অক্ষয় কুমাৰৰ সৈতেও স্ক্ৰীণ শ্বেয়াৰ কৰিছে । এতিয়াও চলচ্চিত্ৰত সক্ৰিয় ৰূপত আছে তেওঁ ৷ বৰুণ ধৱনৰ ছবি বেবী জন (২০২৪)ত দেখা গৈছিল তেওঁক । এতিয়া ৰাজপাল যাদৱক কমেডী ছবি ৱেলকাম ৩ আৰু আখ মিচোলী ২ ত দেখিবলৈ পোৱা যাব ।
শেহতীয়াকৈ, ৰাজপাল যাদৱে পাকিস্তানৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰিছে বুলি খবৰ ওলাইছে । ৰাজপালৰ লগতে কপিল শৰ্মা, কৰিঅ'গ্ৰাফাৰ ৰেম’ ডিচুজা আৰু কৌতুক অভিনেতা সুগন্ধা মিশ্ৰাইও মৃত্যুৰ ভাবুকি লাভ কৰিছে ।