ETV Bharat / entertainment

চেম্পিয়নছ ট্ৰফী বিজয়ৰ পিছতে টীম ইণ্ডিয়াৰ হৈ উল্লাস চেলেব্ৰিটীৰ - CELEBS CHEER FOR TEAM INDIA

চিৰঞ্জীৱী, বৰুণ ধৱন, সামান্থা ৰুথ প্ৰভুকে ধৰি চেলেব্ৰিটীসকলে আন্তৰিক শুভেচ্ছাৰে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ চেম্পিয়নছ ট্ৰফী জয় উদযাপন কৰে ।

Varun, Samantha, Chiranjeevi, and More: Celebs Cheer for Team India After Champions Trophy Victory Over Pakistan
চেলিব্ৰেটীসকলে টীম ইণ্ডিয়াৰ বাবে উল্লাস কৰে (Photo: ANI/ IANS)
author img

By ETV Bharat Entertainment Team

Published : Feb 24, 2025, 1:35 PM IST

Updated : Feb 24, 2025, 5:20 PM IST

হায়দৰাবাদ : চেম্পিয়নছ ট্ৰফী ২০২৫ ত ভাৰত-পাকিস্তানৰ ৰোমাঞ্চকৰ খেলখন বিৰাট কোহলীৰ ৫১ সংখ্যক এদিনীয়া শতকৰ সৈতে ভাৰতৰ বিজয়েৰে সমাপ্ত হয় । ৰোমাঞ্চকৰ খেলখন আৰু ইয়াৰ আশানুৰূপ ফলাফলে চিৰঞ্জীৱী, সামান্থা ৰুথ প্ৰভুৰ পৰা বৰুণ ধৱন, অনুষ্কা শৰ্মা সকলোকে উল্লাসিত কৰি তোলে ৷ বহুতো চেলিব্ৰেটীক আনকি ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত দেখা গৈছিল আৰু যিসকল তালৈ যোৱাত অসমৰ্থ আছিল তেওঁলোকক ভাৰতীয় দলটোক তেওঁলোকৰ ঘৰ আৰু ছেটৰ পৰা সমৰ্থন কৰা দেখা গৈছিল ৷

বিৰাটৰ পত্নী অনুষ্কাই ইনষ্টাগ্ৰামত ভাৰতীয় বেটছমেনজনৰ প্ৰদৰ্শন উদযাপন কৰে ৷ বিৰাটে ১১১ টা বলত শতক অৰ্জন কৰিছিল, য’ত সাতটা চাৰিও অন্তৰ্ভুক্ত আছিল । ভাৰতীয় দলৰ বিজয় আৰু বিৰাটৰ ঐতিহাসিক শতক উদযাপন কৰি, অনুষ্কাই তেওঁৰ স্বামীৰ এটা স্নেপ শ্বেয়াৰ কৰে য’ত বিৰাটৰ থাম্বছ-আপ ভংগী দেখুওৱা হৈছে ৷ পত্নীয়ে লিখিছে: "আপোনাৰ বাবে গৌৰৱান্বিত, সদায় ৷"

Varun, Samantha, Chiranjeevi, and More: Celebs Cheer for Team India After Champions Trophy Victory Over Pakistan
অনুষ্কা শৰ্মাৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (Photo: Instagram)

ছুপাৰষ্টাৰ চিৰঞ্জীৱীক ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত টীম ইণ্ডিয়াৰ বাবে উল্লাস কৰা দেখা যায় । অভিনেত্ৰী সোনম কাপুৰক তেওঁৰ স্বামী আনন্দ আহুজাৰ সৈতে ভাৰত-পাকিস্তানৰ খেল উপভোগ কৰা দেখা গৈছে । তদুপৰি, বিবেক অবেৰয়কো ষ্টেণ্ডত দেখা গৈছিল ।

চিৰঞ্জীৱীৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (Photo: Instagram)

বৰুণ ধৱনে অৱশ্যে ঘৰত আৰামত খেলখন উপভোগ কৰা দেখা গ’ল । তেওঁ নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত তেওঁৰ কন্যা লাৰাৰ সৈতে এখন ফটো শ্বেয়াৰ কৰে । ফটোখনত দেখা গৈছে যে মেচ চলি থকাৰ সময়ত পিতৃ-কন্যা দুয়োৱে টেলিভিছনৰ সন্মুখৰ চোফা এখনত জিৰণি লৈ আছে । তেওঁ কেপশ্যনত লিখিছে, "#indiavspakistan মই মোৰ দেউতাৰ সৈতে চাইছিলো এতিয়া তাই মোৰ লগত #teamindia ৰ বাবে উল্লাস কৰিছে ।"

শ্বুটিংত ব্যস্ত হৈ থকা অনন্যা পাণ্ডেইয়ো ছেটৰ পৰা টীম ইণ্ডিয়াৰ বাবে উল্লাস কৰিছে । ইনষ্টাগ্ৰাম ষ্ট'ৰীত তেওঁ লিখিছে: "শ্বুটিঙে মোক উল্লাস কৰাত বাধা দিব নোৱাৰে । লেটছ গ’ ।" সামান্থাই বিৰাটৰ ৫১ সংখ্যক শতক উদযাপন কৰি ফিল্ডৰ পৰা বিৰাটৰ এখন ফটো শ্বেয়াৰ কৰে । তেওঁ ক্ৰিকেটাৰজনক কিং কোহলী বুলিও উল্লেখ কৰে ৷

সামান্থা ৰুথ প্ৰভুৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (Photo: Instagram)

অনন্যা পাণ্ডেৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (Photo: Instagram)

ইনষ্টাগ্ৰামত অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাই ভাৰতীয় ক্ৰিকেট দলক পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰাৰ বাবে শুভকামনা জ্ঞাপন কৰে । কোহলীৰ ফটো শ্বেয়াৰ কৰি ষ্টুডেণ্ট অফ দ্য ইয়েৰৰ অভিনেতাগৰাকীয়ে লিখিছে- "এটা কল্পনাতীত জয়ৰ বাবে টীম ইণ্ডিয়াৰ অভিনন্দন ! আৰম্ভণিৰ পৰা শেষলৈকে এক প্ৰভাৱশালী অভিনয় । ভাল খেলা ! #INDvsPAK #ChampionsTrophy"।

সিদ্ধাৰ্থ মালহোত্ৰাৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (Photo: Instagram)

অভিনেতা বিকী কৌশলে ভাৰতীয় বেটছমেন বিৰাট কোহলীৰ শতকক ভাৰতৰ জয়ৰ সূচনা হিচাপে প্ৰশংসা কৰে । কোহলীৰ ফটোখনৰ লগতে বিকীয়ে লিখিছে, "ৰেকৰ্ড ব্ৰেকাৰ, ৰেকৰ্ড মেকাৰ !" মেচখনৰ কথা ক’বলৈ গ’লে টীম ইণ্ডিয়াই পাকিস্তানে নিৰ্ধাৰণ কৰা ২৪২ ৰানৰ লক্ষ্য সফলতাৰে অতিক্ৰম কৰে, য’ত বিৰাটে এক উজ্জ্বল শতকৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

বিকী কৌশলৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (Photo: Instagram)

লগতে পঢ়ক : টীম ইণ্ডিয়াৰ জয়ক লৈ অনুষ্কা শৰ্মাৰ প্ৰতিক্ৰিয়া, বিয়াৰ আঙঠিত বিৰাটৰ চুমা

Last Updated : Feb 24, 2025, 5:20 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.