ETV Bharat / state

কাৰোবাৰ পত্নীক লৈ টনা-আজোৰা কৰাটো ৰাইজে ভালপোৱা নাই : ৰাজেন গোঁহাই - BJP INTERNAL CONFLICT

দলৰ কিছুমান কাম ৰাইজে ভালপোৱা নাই ৷ ৰাইজে বেয়াপোৱা কাম দলে কৰিব নালাগে বুলি ক’লে ৰাজেন গোঁহায়ে ৷

Ex minister Rajen Gohain comment on BJP internal conflict
বিজেপিত এলাগী পুৰণি কৰ্মী : ৰাজেন গোঁহাই (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 24, 2025, 6:03 PM IST

আমগুৰি : ‘‘মই দলটো শক্তিশালী হৈ থকাটো বিচাৰো ৷ হয়তো বহুতে অনুভৱ কৰা নাই যে দলত দলীয় কৰ্মীৰ গুৰুত্ব কিমান ৷ আমি দলটো সৃষ্টি কৰোতেই দেখিছিলো যে দলৰ সাধাৰণ কৰ্মীসকলে কিমান কষ্ট বা ত্যাগ কৰিছে, আজি তেওঁলোক অৱহেলিত ৷’’ এই মন্তব্য বিজেপিৰ প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহাইৰ ৷

গোঁহায়ে কয়, ‘‘অৱশ্যে এতিয়া নতুন সভাপতি আহিছে দিলীপ শইকীয়া ৷ তেওঁ যি কাম কৰিছে বা কৰিবলৈ হাতত লৈছে সেই কামে দলীয় কৰ্মীৰ মাজত আশাৰ সঞ্চাৰ কৰিছে ৷ ময়ো কৈছো যে তোমলোক হতাশ নহ’বা ৷ দলটো আমাৰ দল ৷ আমাৰ দলটোক দুৰ্বল হ’বলৈ দিব নোৱাৰো ৷ নতুন সভাপতি আহিছে, নিশ্চয়কৈ তেওঁ ভাল পদক্ষেপ ল’ব ৷’’

বিজেপিত এলাগী পুৰণি কৰ্মী : ৰাজেন গোঁহাই (ETV Bharat)

‘‘সব মানুহৰ মানসিকতা একে নহয়, একে সাহসো নাই ৷ আজি দিলীপে যি পদক্ষেপ লৈছে বা তেওঁ যি ধৰণে সভাপতি হৈছে নিশ্চয়কৈ আমাৰ বহু দলীয় অভিভাৱক আছে, তেওঁলোকে মন্ত্ৰণা বা উপদেশ দিছে, যাৰ বাবে তেওঁ এইখিনি কৰিবলৈ সাহস কৰিছে ৷ তাক আমি প্ৰসংশা কৰিছো ৷’’

‘‘ন-পুৰণি সকলোৰে সংমিশ্ৰণত দলটো শক্তিশালী হৈ থাকিব লাগে ৷ নতুনক আদৰি ল’ম, পুৰণিক পাহৰি যাম, সেইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় ৷ মই বিচাৰো আমাৰ দলীয় কৰ্মীসকলে তেওঁলোকৰ অধিকাৰটো যাতে পায় ৷’’ তেওঁ কয় ৷

লগতে পঢ়ক : গীতাশ্ৰী তামুলীয়ে চাকৰি লাভৰ ক্ষেত্ৰত কোন মন্ত্ৰী-বিধায়কে বাধা দিছিল ? ক'লে অখিল গগৈয়ে

লগতে পঢ়ক : যোৰহাটত নিলম্বিত বিজেপি নেতাক সাক্ষাৎ ৰাজেন গোঁহাইৰ

গোঁহায়ে লগতে কয়, ‘‘আমাৰ সমাজৰ তেওঁলোক অত্যন্ত গুৰুত্বপূৰ্ণ ব্যক্তি ৷ তেওঁলোকৰ আচৰণে সমাজত প্ৰভাৱ পেলাব ৷ গতিকে তেওঁলোকে কেনেকুৱা ধৰণৰ আচৰণ কৰিব, কেনেকুৱা ধৰণৰ তৰ্ক-বিতৰ্ক কৰিব বা কাৰোবাৰ পত্নীক টনা-আজোৰা কৰিব, এই বিষয়ত মই মন্তব্য নাৰাখো, কিন্তু তেওঁলোকে বুজি পোৱা উচিত ৷ ক’ৰবাত যে ৰাইজে এয়া ভালপোৱা নাই ৷ ৰাইজে বেয়াপোৱা কাম আমাৰ দলে কৰিব নালাগে ৷’’

উল্লেখ্য যে সোমবাৰে আমগুৰিত উপস্থিত হৈ জাঁজীৰ শ্ৰীশ্ৰী কানীয়া গোসাঁই থানত সেৱা লয় বিজেপিৰ প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহায়ে ৷ লগতে তেওঁ দলৰ পুৰণা কৰ্মীসকলৰ লগতো মত-বিনিময় কৰে ৷ এই অনুষ্ঠানতে অংশ লৈ প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহায়ে বিজেপি দলৰ ভিতৰচ’ৰাত কি চলি আছে সেই সন্দৰ্ভত মত প্ৰকাশ কৰে ৷

লগতে পঢ়ক : অসমৰ সমাজ জীৱনক লাজত নেপেলাব; মুখ্যমন্ত্ৰীক আহ্বান লুৰীণজ্যোতিৰ

লগতে পঢ়ক : পুনৰ অখিল গগৈৰ পত্নীক লৈ মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.