অসম

assam

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 6:25 PM IST

ETV Bharat / state

সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সংগঠনৰ নামত বহিঃৰাজ্যৰ পৰা আনিছে চাহপাত, সাধাৰণ সম্পাদকক বহিস্কাৰ - Small Tea Farmers Association

Small Tea Farmer : সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সংগঠনৰ নীতিবিৰুদ্ধ কেতবোৰ কামকাজত জড়িত থকাত সংগঠনটোৰ পৰা সাধাৰণ সম্পাদক দিগন্ত ফুকনক বহিষ্কাৰ কৰা হৈছে ।

Small Tea Farmers
সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সংগঠনৰ পৰা বহিস্কাৰ (ETV Bharat Assam)

গোলাঘাট, ১২ আগষ্ট :সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সংগঠনৰ নামত একাংশ বিষয়ববীয়াই ব্য়ক্তগত মুনাফা লাভৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সংগঠনত ক্ষমতাৰ বাবে এইবাৰ মূল সংগঠনৰ সমান্তৰালভাৱে আন এটি সংগঠন গঠন কৰাৰ চেষ্টা চলোৱা হৈছে । সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদ নামৰ সংগঠন সৃষ্টিৰ লগতে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সংগঠনৰ নীতিবিৰুদ্ধ কেতবোৰ কামকাজত জড়িত থকাত সংগঠনটোৰ পৰা সাধাৰণ সম্পাদক দিগন্ত ফুকনক বহিষ্কাৰ কৰা হৈছে । সোমবাৰে এই কথা সদৰী কৰিছে সংগঠনটোৰ অন্যতম সাধাৰণ সম্পাদক ৰঞ্জিৎ শইকীয়াই ৷

সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সংগঠনৰ পৰা বহিস্কাৰ (ETV Bharat Assam)

সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সংগঠনৰ অন্যতম সাধাৰণ সম্পাদক ৰঞ্জিৎ শইকীয়াই এতিয়াৰে পৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলে সাধাৰণ সম্পাদক দিগন্ত ফুকনকৰ লগত সংগঠনৰ কামকাজৰ বাবে কোনোধৰণৰ যোগাযোগ নকৰিবলৈ আহ্বান জনায় ৷ তেওঁ কয়," বহিষ্কৃত সাধাৰণ সম্পাদক দিগন্ত ফুকনে ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদৰ নামত আন এটা সংগঠন আৰম্ভ কৰিছে । ইয়াৰ উপৰি সেই সংগঠনৰ জড়িয়তে দিগন্ত ফুকনে বহিঃৰাজ্যৰ পৰা চাহপাত আনি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক শ'লঠেকত পেলোৱাৰো চেষ্টা কৰিছে । "

বহিষ্কৃত সাধাৰণ সম্পাদক দিগন্ত ফুকনৰ বিৰুদ্ধে আৰু বহুতো সংগঠন বিৰোধী কাম কৰাৰ অভিযোগ উত্থাপিত হৈ অহা বুলি উল্লেখ কৰি সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সংগঠনৰ সাধাৰণ সম্পাদক পদৰ লগতে প্ৰাথমিক পদৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলি কয় সংগঠনটোৰ অন্যতম সাধাৰণ সম্পাদক ৰঞ্জিৎ শইকীয়াই ।

লগতে পঢ়ক:পিপিচি অনুমোদিত দৰৱ ব্যৱহাৰ কৰিবলৈ আহ্বান ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ - Small Tea Farmers

চাহ ব'ৰ্ড-মুখ্যমন্ত্ৰীক কেঁচা চাহপাত ক্ৰয় বিবাদ নিষ্পত্তি কৰিবলৈ দাবী আটাছুৰ - Conflict on raw tea leaves

ABOUT THE AUTHOR

...view details