অসম

assam

তেজপুৰৰ ভিন্ন প্ৰান্তত ভয়াৱহ বান পৰিস্থিতি, গণেশ মন্দিৰলৈ ভাবুকি - ASSAM FLOOD 2024

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 3:19 PM IST

Flood Situations at Tezpur : ৰাজ্যত বৰ্তমান অভাৱনীয় বান পৰিস্থিতি । বাৰিষাৰ দ্বিতীয়টো বানত জলমগ্ন অসমৰ উজনি-নামনি চৌদিশ । অসমৰ লগতে চুবৰীয়া ৰাজ্য অৰুণাচলত বিগত এসপ্তাহ ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলপৃষ্ঠ ওফন্দি উঠাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । তেজপুৰৰো বিভিন্ন অঞ্চল এতিয়া বানৰ কবলত ।

Flood Situations at Tezpur
তেজপুৰত বানৰ বিভীষিকা (ETV Bharat Assam)

তেজপুৰ, ২ জুলাই :ৰাজ্যত এতিয়া ভয়াৱহ বান পৰিস্থিতি । বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে প্ৰায়বোৰ নদী-উপনদীৰ জলপৃষ্ঠ বাঢ়িছে । এই বাঢ়নী পানীয়ে জলমগ্ন কৰিছে ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল । একেদৰে বান পৰিস্থিতিৰ সৃষ্টি হৈছে তেজপুৰ তথা ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলত ।

তেজপুৰৰ বিভিন্ন স্থানত বান পৰিস্থিতি (ETV Bharat Assam)

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে তেজপুৰ চহৰৰ সমীপৱৰ্তী তলকলিবাৰী অঞ্চল বুৰাই পেলাইছে । কেইবাটাও ঘৰ জলমগ্ন হৈ পৰাত স্থানীয় লোকে ঘৰৰ সামগ্ৰী লৈ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে । প্ৰায় ৫০ টা পৰিয়ালৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে বাঢ়নী পানীয়ে । আনহাতে, তেজপুৰৰ লগতে গহপুৰ অঞ্চলত ৫৬ খন গাঁও জলমগ্ন হোৱা বুলি গহপুৰ মহকুমা বিষয়াই সদৰী কৰিছে ।

ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদীৰ বানে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাইজক সৰ্বস্বান্ত কৰি তুলিছে । ইফালে এই বানৰ কবলত পৰি তেজপুৰৰ ভিন্ন স্থানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা জীৱ-জন্তুৱে আশ্ৰয় বিচাৰি হাহাকাৰ কৰিছে । তেজপুৰৰ ভৈৰৱী দেৱালয়ৰ সমীপত আশ্ৰয় লৈছে বন্যহস্তীয়ে । এই সময়ছোৱাত তেজপুৰত বন বিভাগে উদ্ধাৰ কৰিছে চাৰিটাকৈ পহু ।

আনহাতে, সোমবাৰে নিশা তেজপুৰ চহৰৰ সমীপত বনৰীয়া হাতীয়ে বিচৰণ কৰি থকা অৱস্থাত বন বিভাগে দেৱী সিং ঘাটলৈ খেদি পঠিয়াবলৈ সক্ষম হয় । ইফালে তেজপুৰ গণেশঘাটলৈ ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে মাতিছে অশনি সংকেত । ক্ৰমান্বয়ে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । গণেশঘাটৰ তলৰ অংশ পানীৰ ঢৌত খহনীয়াৰ আশংকা কৰিছে মন্দিৰৰ সমীপত থকা ব্যৱসায়ীয়ে ।

ব্ৰহ্মপুত্ৰ নদীৰ কাষতে থকা গণেশ মন্দিৰৰ কাষতে যাত্ৰীৰ বাবে থকা উদ্যানতো পানীৰ ঢৌৱে পাৰত খহনীয়াৰ সৃষ্টি কৰিছে । মুঠতে ক'বলৈ গ'লে চাৰিওফালে এতিয়া পানী আৰু পানী । যাৰ বাবে মানুহৰ সমান্তৰালভাৱে জীৱ-জন্তুৰ মাজতো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

ইফালে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ তেজপুৰ গণেশঘাটত বিপদসীমাৰ 65.23 চেণ্টিমিটাৰৰ পৰিৱৰ্তে 66.18 চেণ্টিমিটাৰ ওপৰেৰে বৈ আছে । খলিহামাৰীত 73.50 চেণ্টিমিটাৰৰ বিপৰীতে 73.81 চেণ্টিমিটাৰ, জীয়াভৰলী নদী বিপদসীমাৰ 78.00 চেণ্টিমিটাৰৰ বিপৰীতে 78.36 চেণ্টিমিটাৰ ওপৰেৰে বৈ আছে ।

আনহাতে, ব্ৰহ্মপুত্ৰৰ উপনৈসমূহৰ ভিতৰত শোণিতপুৰ জিলাত বেলশিৰি নদী বিপদসীমাৰ 63.87 চেণ্টিমিটাৰৰ পৰিৱৰ্তে 62.80 চেণ্টিমিটাৰ তলেৰে বৈ আছে । একেদৰ গাভৰু নদী ৰাষ্ট্ৰীয় ঘাইপথৰ সীমাত বিপদসীমাৰ 69.50 চেণ্টিমিটাৰৰ বিপৰীতে 68.68 চেণ্টিমিটাৰ, ডিপোতাত 63.41 চেণ্টিমিটাৰৰ বিপৰীতে 63.30 চেণ্টিমিটাৰ, পাঁচনৈ বিপদসীমাৰ 83.61 চেণ্টিমিটাৰৰ বিপৰীতে 82.87 চেণ্টিমিটাৰ, জৰাসৰ নদী বালিপৰাত বিপদসীমাৰ 74.81 চেণ্টিমিটাৰৰ বিপৰীতে 73.80 চেণ্টিমিটাৰ আৰু ঘিলাধাৰী নদী বিপদসীমাৰ 69.50 চেণ্টিমিটাৰৰ বিপৰীতে 69.02 চেণ্টিমিটাৰ সামান্য তলেৰে বৈ আছে যদিও এই নদীসমূহত জলস্তৰ বৃদ্ধি পাই আছে বুলি জলসম্পদ বিভাগৰ তথ্যত জানিব পৰা গৈছে ।

লগতে পঢ়ক :ৰাজ্যত বানে লৈছে সংহাৰী ৰূপ; মৃতকৰ সংখ্যা ৩৫ জনলৈ বৃদ্ধি - Assam flood 2024
লগতে পঢ়ক :বিকশিত অসমত যাতায়তৰ বাবে নাগৰিকৰ ভৰসা কলৰ ভূঁৰ, নাও ! - Assam Flood 2024
লগতে পঢ়ক :চাৰিওফালে কেৱল পানী; কাজিৰঙাত জলমগ্ন ৯৫ টা বনশিবিৰ এলেকা - ASSAM FLOOD 2024

ABOUT THE AUTHOR

...view details