মৰাণ, ১৮ ফেব্ৰুৱাৰী:ডিব্ৰুগড় আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই থকাৰ পাছতো জিলাখনত বন্ধ হোৱা নাই ড্ৰাগছৰ সৰবৰাহ । জিলাখনৰ বিভিন্ন আৰক্ষী থানা এলেকাত নিতৌ উদ্ধাৰ হৈয়ে আছে ড্ৰাগছ । ইয়াৰ মাজতে দুলীয়াজান আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে তিনিটা ড্ৰাগছ সৰবৰাহকাৰীক । শনিবাৰে নিশা দুলীয়াজানৰ বামহুকুটা অঞ্চলত আৰক্ষীয়ে ড্ৰাগছৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয় ।
আৰক্ষীয়ে দুলীয়াজানৰ বামহুকুটা অঞ্চলত অৱস্থিত ছানছাইন ফুড হাট নামৰ ধাবাখনত অভিযান চলাই নিষিদ্ধ ড্ৰাগছসহ তিনিটাকৈ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত তিনি ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ৭.৩৭ গ্ৰাম ড্ৰাগছসহ ৮ টাকৈ ছিৰিঞ্জ, কেইবাটাও কণ্টেইনাৰৰ লগতে নগদ ৭০ হাজাৰ টকা জব্দ কৰে । আৰক্ষীৰ জালত পৰা তিনি ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে দুলীয়াজানৰ ২নং ছলাকটকী অঞ্চলৰ পলাশ গগৈ, টিপলিঙ নলিনী পথাৰ গাঁৱৰ সীমান্ত শইকীয়া আৰু মধুটিং বাগানৰ সঞ্জীৱ কাহাৰ ।