ETV Bharat / bharat

৫৩০০ বছৰ পূৰ্বে তামিল ভূমিত সূচনা হৈছিল লৌহ যুগ... গৌৰৱান্বিত মুখ্যমন্ত্ৰী এম কে ষ্টালিন ! - IRON AGE BEGAN IN THE TAMIL LAND

তামিলনাডুৰ পৰাই লৌহ যুগৰ সূচনা হৈছিল । প্ৰাচীন সমাধিৰ পৰা উদ্ধাৰ হোৱা এখন তৰোৱাল পৰীক্ষা কৰি এই তথ্য লাভ কৰা বুলি দাবী তামিলনাডু মুখ্যমন্ত্ৰীৰ ৷

The Iron Age began in the Tamil land 5,300 years ago
তামিলনাডুৰ পৰাই আৰম্ভ হৈছিল লৌহ যুগ (ETV Bharat/DIPR)
author img

By ETV Bharat Assamese Team

Published : Jan 24, 2025, 1:04 PM IST

চেন্নাই : কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে পোন প্ৰথমবাৰৰ বাবে তামিলনাডুত আৰম্ভণি হৈছিল লৌহ যুগৰ । এক কথাত ক’বলৈ গ’লে বৰ্তমানৰ তামিলনাডুৱে বিশ্বক লৌহ যুগৰ উপহাৰ দিছিল ।

প্ৰায় ৫৩০০ বছৰৰ পূৰ্বে তামিলনাডুৰ পৰা আৰম্ভ হৈছিল গলি যোৱা লোহাৰ পৰা বিভিন্ন সামগ্ৰী তৈয়াৰ কৰা কাৰ্য । এই দাবী তামিলনাডু মুখ্যমন্ত্ৰী এম কে ষ্টালিনৰ । ৰাজ্যখনৰ প্ৰত্নতত্ত্ব বিভাগৰ দ্বাৰা প্ৰকাশিত ‘‘এণ্টিকিউটি অৱ আইৰন’’ শীৰ্ষক এখন গ্ৰন্থ উদ্বোধন কৰি বৃহস্পতিবাৰে কৰুণানিধি আৰু তেওঁৰ পুত্ৰই এই দাবী কৰে ।

উল্লেখ্য যে, এই গ্ৰন্থখনৰ লেখক অধ্যাপক কে ৰাজন আৰু অধ্যাপক আৰ শিৱনাথমৰ । অধ্যাপক ৰাজনে তামিলনাডুৰ পুৰাতত্ত্ব বিভাগৰ পৰামৰ্শদাতা হিচাপে কাম কৰি আছে আৰু অধ্যাপক শিৱনাথম সেই বিভাগে যুটীয়া সঞ্চালকৰ দায়িত্বত অধিস্থিত হৈ আছে ।

The Iron Age began in the Tamil land 5,300 years ago
তামিলনাডুৰ পৰাই আৰম্ভ হৈছিল লৌহ যুগ (ETV Bharat/DIPR)
  • লৌহ যুগৰ আৰম্ভণি :

তামিলনাডুৰ টুটিকোৰিন জিলাত প্ৰত্নতাত্ত্বিক বিভাগে চলায় এক অভিযান । এই অভিযান বা খননৰ সময়তে উদ্ধাৰ হৈছিল মাটিৰ তলত অতি সাৱধানে পুঁতি থোৱা এখন প্ৰাচীন তৰোৱাল ৷ সেই তৰোৱালখন পৰীক্ষাৰ বাবে দেশ-বিদেশৰ একাধিক গৱেষণা প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হৈছিল ।

ষ্টালিনে দাবী কৰে যে সেই সকলোবোৰ প্ৰতিষ্ঠানে দিয়া তৰোৱালখন সন্দৰ্ভত দিয়া প্ৰতিবেদনৰ পৰা এই তথ্য লাভ কৰা হৈছে যে লৌহ যুগৰ আৰম্ভণি হৈছিল তামিলনাডুৰ পৰাই ৷

  • গৱেষণা :

উক্ত তৰোৱালখনৰ বিষয়ে সকলো তথ্য জানিবলৈ প্ৰথমে ইয়াক ফ্ল’ৰিডাৰ বিটা এনালিটিক্স নামৰ এটা কোম্পানীলৈ প্ৰেৰণ কৰা হৈছিল । লক্ষ্ণৌৰ বীৰবল সাহানী ইনষ্টিটিউট অৱ পেলিঅ’ছায়েন্স আৰু আহমেদাবাদৰ ফিজিকেল ৰিচাৰ্চ লেবৰেটৰীলৈও এই তৰোৱালখন প্ৰেৰণ কৰা হৈছিল ।

এই আমেৰিকান গৱেষণা সংস্থাটোৱে কোনো বস্তুৰ বয়স নিৰ্ণয় কৰিবলৈ ৰেডিঅ’কাৰ্বন প্ৰযুক্তি ব্যৱহাৰ কৰে । তদুপৰি লক্ষ্ণৌস্থিত সংস্থাটোৱে ভূ-তাত্ত্বিক অতীত বিশ্লেষণ কৰি কিবা এটা কিমান পুৰণি সেই কথা জানিব পাৰে । আহমেদাবাদৰ সংস্থাটোৱে কেইবাটাও পদ্ধতিৰ কথা মনত ৰাখি পৰীক্ষণৰ কামো কৰিছে ।

জানিব পৰা মতে, দুয়োটা ভাৰতীয় কোম্পানীয়ে অপটিকেলি ষ্টিমুলেটেড লুমিনেচেন্স ব্যৱহাৰ কৰে । এই পদ্ধতিত কোনো পদাৰ্থত থকা লোৰ শতকৰা হাৰ পোহৰ বা ৰশ্মিৰ যোগেদি পোৱা যায় । সংগঠন তিনিটাই প্ৰদান কৰা প্ৰতিবেদনত সন্নিবিষ্ট তথ্য তামিলনাডু চৰকাৰে প্ৰকাশ কৰা গ্ৰন্থখনত উল্লেখ কৰা হৈছে ।

  • তামিল সভ্যতা আৰু বৈজ্ঞানিক চৰ্চা :

তামিলনাডু বিশ্বৰ অন্যতম পুৰণি আৰু চহকী সভ্যতা ৷ ভাষাৰ পৰা সংস্কৃতিলৈ এই সভ্যতা আৰু ইয়াৰ লগত জড়িত ইতিহাস আজিও এক অধ্যয়নৰ মূল বিষয়বস্তু হিচাবে গণ্য কৰা হয় । বিজ্ঞান চৰ্চাও এই কাৰ্যৰ এক গুৰুত্বপূৰ্ণ অংশ ।

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে কয়, "বহুতে তামিল সভ্যতাৰ প্ৰাচীনতাক লৈ প্ৰশ্ন উত্থাপন কৰে । গলিত লোহা সম্পৰ্কে এতিয়া আমাৰ ওচৰত যি তথ্য আহি পৰিছে, তাৰ পৰা স্পষ্ট যে প্ৰাচীন ভাৰতৰ লৌহ যুগ তামিলনাডুৰ পৰাই আৰম্ভ হৈছিল ।"

৫৩০০ বছৰ পূৰ্বে বৰ্তমানৰ তামিলনাডুত লোহাৰ ব্যৱহাৰৰ বিভিন্ন কৌশল আয়ত্ত কৰা হৈছিল । ইতিমধ্যে কেতিয়াৰ পৰা এই লোহাৰ ব্যৱহাৰ আৰম্ভ হৈছিল সেই সম্পৰ্কে কেইবাখনো গৱেষণা পত্ৰ প্ৰকাশ পাইছে । মুখ্যমন্ত্ৰী ষ্টালিনে কয় যে পুৰাতত্ত্ব বিভাগে সেই গৱেষণাৰ সবিশেষ বিশ্লেষণ কৰি এই তৰোৱালৰ বয়স নিৰ্ণয় কৰিছে ।

আন এটা প্ৰসংগত তেওঁ কয়, "সকলো তথ্য বিশ্লেষণ কৰি ক’ব পাৰি যে যীশুৰ জন্মৰ ৩৫০০ বছৰ আগতে আধুনিক দক্ষিণ ভাৰতত বিভিন্ন ধৰণৰ লোহাৰ ব্যৱহাৰ হৈছিল । এইটো সকলোৰে বাবে এক গৌৰৱৰ বিষয় । আমাৰ দেশে বিশ্ববাসীক লৌহ যুগ উপহাৰ দিছে ৷’’

প্ৰকাশিত এই কিতাপখনত পোৱা সকলো তথ্য দেশৰ বিভিন্ন প্ৰান্তৰ বিখ্যাত পুৰাতত্ত্ববিদসকলকো দেখুওৱা হৈছিল । ইতিমধ্যে তেওঁলোকেও নিজৰ বক্তব্য প্ৰদান কৰিছে । এইবুলি কয় মুখ্যমন্ত্ৰী ষ্টালিনে ৷

তামিলনাডুৰ মুখ্যমন্ত্ৰী (ETV Bharat)

উল্লেখ্য যে, বৃহস্পতিবাৰে আয়োজিত এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ দক্ষিণ এছিয়ান পুৰাতত্ত্ব বিভাগৰ অধ্যাপক দিলীপ কুমাৰ চক্ৰৱৰ্তীও উপস্থিত আছিল । তেওঁ কয় যে এই কিতাপখন স্পৰ্শ কৰাটো তেওঁৰ বাবে ডাঙৰ কথা । এই গ্ৰন্থখনত প্ৰকাশিত সকলো তথ্য দীৰ্ঘম্যাদী গৱেষণা আৰু প্ৰাসংগিক বিশ্লেষণৰ ফল । অধ্যাপক চক্ৰৱৰ্তীয়েও বিশ্বাস কৰে যে ইয়াত উল্লেখ কৰা তথ্যই ভৱিষ্যতে গৱেষকসকলক পথ প্ৰদৰ্শন কৰিব ।

লগতে পঢ়ক : অৰুণাচলত থকা দ্বিতীয় বিশ্বযুদ্ধৰ ঐতিহাসিক স্থানসমূহ হ'ব পৰ্যটনৰ কেন্দ্ৰ : খাণ্ডু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.