অসম

assam

গৌৰৱ গগৈ-ৰকিবুল হুছেইনৰ নামত চৰকাৰী কাৰ্যালয়ৰ পৰা কাছাৰত চান্দা সংগ্ৰহ - Assam Pradesh Congress

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 2:15 PM IST

Congress Donation Collection in Cachar : পুলক ৰয় উদাৰবন্দ ব্লক কংগ্ৰেছৰ সভাপতি হোৱাৰ লগতে প্ৰাক্তন মন্ত্ৰী অজিত সিঙৰ অতি ঘনিষ্ঠ । অজিত সিং মন্ত্ৰী হৈ থাকোঁতেও পুলক ৰয়ে জিলাখনৰ বিভিন্ন চৰকাৰী কাৰ্যালয়সহ বিভিন্ন ব্যৱসায়ীৰ পৰাও ধন সংগ্ৰহ কৰিছিল ।

Congress Donation Collection in Cachar
কাছাৰত চৰকাৰী কাৰ্যালয়ৰ পৰা চান্দা সংগ্ৰহ কংগ্ৰেছৰ (ETV Bharat Assam)

শিলচৰ, ৩১ জুলাই :সাংসদ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ নামত কাছাৰত চৰকাৰী কাৰ্যালয়ৰ পৰা চান্দা সংগ্ৰহ । বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ পৰা দলীয় পেড আৰু ৰচিদ ব্যৱহাৰ কৰি দুই সাংসদৰ নামত চলিছে অবৈধ চান্দা সংগ্ৰহ কাৰ্য ।

ব্লক কংগ্ৰেছ সভাপতি পুলক ৰয় (ETV Bharat Assam)

কাছাৰৰ উদাৰবন্দত সাংসদ গৌৰৱ গগৈ আৰু সাংসদ ৰকিবুল হুছেইনৰ নামত চৰকাৰী কাৰ্যালয়ৰ পৰা অবৈধভাৱে সংগ্ৰহ কৰা হৈছে এই চান্দা । দুই সাংসদৰ অনুষ্ঠানৰ নামত বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ পৰা চান্দা সংগ্ৰহ কৰিছে উদাৰবন্দ ব্লক কংগ্ৰেছৰ সভাপতি পুলক ৰয়ে । দলী পেড আৰু ৰচিদ ব্যৱহাৰ কৰি চৰকাৰী কাৰ্যালয়ৰ পৰা হাজাৰ হাজাৰ টকাৰ চান্দা সংগ্ৰহ কৰিছে ব্লক কংগ্ৰেছ সভাপতিগৰাকীয়ে ।

ব্লক কংগ্ৰেছৰ সভাপতিৰ পেডত চান্দাৰ বাবে আবেদন

চান্দা বিচাৰি দিয়া আবেদন (ETV Bharat Assam)

প্ৰথমে মন কৰক উদাৰবন্দ ব্লক কংগ্ৰেছৰ পেডত লিখা এই আবেদন পত্ৰখনলৈ । ব্লক কংগ্ৰেছ সভাপতি পুলক ৰয়ে উদাৰবন্দৰ বনাঞ্চলিক কাৰ্যালয়ত দিয়া এই আবেদন পত্ৰখনত লিখা আছে যে অহা ১৩ আগষ্টত কাছাৰলৈ আহিব কংগ্ৰেছৰ নৱনিৰ্বাচিত দুই সাংসদ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন । সাংসদ দুগৰাকীৰ কাছাৰত কেইবাটাও দলীয় কাৰ্যসূচী আছে । যাৰ বাবে বহু ধনৰ প্ৰয়োজন । সেয়ে সাংসদ দুগৰাকীৰ এই কাৰ্যসূচীৰ বাবে চান্দা দি সহায় কৰিবলৈ বনাঞ্চলিক বিষয়াক নিজৰ পেডত আবেদন কৰিছে সভাপতি পুলক ৰয়ে ।

চান্দাৰ বিনিময়ত ৰচিদ প্ৰদান

ব্লক কংগ্ৰেছৰ সভাপতিয়ে চান্দাৰ বিনিময়ত প্ৰদান কৰিছে ২০ হাজাৰ টকাৰ ৰচিদ । বনাঞ্চলিক কাৰ্যালায়ত চান্দাৰ বাবে আবেদন কৰাৰ পাচত বনাঞ্চলিক বিষয়াই দিবলগা হৈছে ২০ হাজাৰ টকা । আনহাতে, এই চান্দা প্ৰদানৰ পাচত এইদৰে উদাৰবন্দ ব্লক কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বনাঞ্চলিক বিষয়াগৰাকীক প্ৰদান কৰিছে ২০ হাজাৰ টকাৰ ৰচিদ ।

কোন এইগৰাকী পুলক ৰয়

উল্লেখ্য যে পুলক ৰয় উদাৰবন্দ ব্লক কংগ্ৰেছৰ সভাপতি হোৱাৰ লগতে প্ৰাক্তন মন্ত্ৰী অজিত সিঙৰ অতি ঘনিষ্ঠ ব্যক্তি । অজিত সিং মন্ত্ৰী হৈ থাকোঁতে এইগৰাকী পুলক ৰয়ে সমগ্ৰ জিলাখনতে দপদপাই আছিল । আনহাতে, পূৰ্বতেও এইদৰে জিলাখনৰ বিভিন্ন চৰকাৰী কাৰ্যালয়সহ বিভিন্ন ব্যৱসায়ীৰ পৰা অজিত সিঙৰ প্ৰভাৱ দেখুৱাই পুলক ৰয়ে সংগ্ৰহ কৰিছিল ধন । পিচে এইবাৰ অজিত সিং নহয়, কংগ্ৰেছৰ দুগৰাকী শক্তিশালী সাংসদ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ নাম ব্যৱহাৰ কৰি নিজৰ পুৰণি 'ব্যৱসায়' চান্দা সংগ্ৰহ আৰম্ভ কৰিছে পুলক ৰয়ে । কিন্তু তেওঁৰ এই কৰ্মকাণ্ড পোহৰলৈ অহাৰ পাচত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই কি ব্যবস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক :গাড্ডাৰ বিচাৰি উলিয়াবলৈ বদৰুদ্দিন আজমলে চলাব অপাৰেচন - AIUDF Chief Badruddin Ajmal
লগতে পঢ়ক :অসমৰ বিজেপি সাংসদসকলে মাত মাতিব লাগিছিল: কিয় ক’লে সাংসদ গৌৰৱ গগৈয়ে ? - Gaurav Gogoi

ABOUT THE AUTHOR

...view details