অসম

assam

ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা; চিকিৎসকক প্ৰহাৰ আত্মীয়ৰ - Doctors assaulted

By ETV Bharat Assamese Team

Published : 5 hours ago

Doctors assaulted: মাজুলীৰ গড়মূৰ পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি হুলস্থূলীয়া পৰিৱেশ । চিকিৎসাত গাফিলতিৰ অভিযোগত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীক প্ৰহাৰ ৰোগীৰ আত্মীয়ৰ । ৩ জন লোকক আটক ।

Doctors assaulted
ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা;চিকিৎসকক প্ৰহাৰ আত্মীয়ৰ (ETV Bharat)

মাজুলী,২৩ ছেপ্টেম্বৰ :মাজুলীৰ গড়মূৰ পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত নিশা উত্তপ্ত পৰিস্থিতি । এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি হাস্পতালখনত অভাৱনীয় পৰিৱেশ । চিকিৎসক আৰু স্বাস্থ্যকৰ্মীক গুৰুলাগুৰুলকৈ প্ৰহাৰৰ অভিযোগ ৰোগীৰ পৰিয়াল তথা আত্মীয়ৰ বিৰুদ্ধে । আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ । চিকিৎসকক আক্ৰমণৰ অভিযোগত ৰোগীৰ ৩ আত্মীয়ক আৰক্ষীয়ে আটক কৰিছে ।

পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত উত্তেজনা

দেওবাৰে নিশা সংঘটিত হয় এই ঘটনা । জানিব পৰা মতে নিশা দীগেন হালদাৰ এজন লোকক গড়মূৰ পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । সংকটজনক অৱস্থাত আইচিইউত ভৰ্তি কৰোৱা হৈছিল লোকজনক । পৰিয়ালে জনোৱা মতে লোকজন ডায়েৰিয়াত আক্ৰান্ত হৈ আছিল । ইফালে পূৰ্বৰে পৰা জটিল ৰোগত আক্ৰান্ত আছিল লোকজন । কিন্তু চিকিৎসা আৰম্ভ কৰাৰ সময়তে লোকজনৰ মৃত্যু হয় । লগে লগে পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । তেতিয়াই চিকিৎসাত গাফিলতিৰ অভিযোগ উত্থাপন কৰে ৰোগীৰ পৰিয়ালটোৱে । কেৱল সেয়াই নহয় মৃতকৰ পৰিয়াল তথা আত্মীয়ই চিকিৎসালয়ৰ আইচিউ কক্ষৰ বিভিন্ন সা-সঁজুলি আদি ভাঙি লণ্ডভণ্ড কৰে । কৰ্মৰত চিকিৎসক আৰু নাৰ্চক প্ৰহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে ।

ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা;চিকিৎসকক প্ৰহাৰ আত্মীয়ৰ (ETV Bharat)

চিকিৎসকৰ স্পষ্টীকৰণ

চিকিৎসকে জনোৱা মতে ৰোগীজনক অতি সংকটজনক অৱস্থাত অনা হৈছিল । চিকিৎসা আৰম্ভ কৰাৰ সময়তে ৰোগীজনৰ মৃত্যু হয় । এনে পৰিস্থিতিত ৰোগীৰ পৰিয়াল তথা আত্মীয়ই কৰ্মৰত চিকিৎসকসকলক আক্ৰমণ কৰে । পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰে বুলি চিকিৎসকসকলে জানিবলৈ দিয়ে । এনে পৰিস্থিতিত হাস্পতালখনৰ আন আন ৰোগীসকলো সমস্যাৰ সন্মুখীন হয় ।

ৰোগীৰ পৰিয়ালৰ অভিযোগ

ইফালে ৰোগীৰ আত্মীয়ৰ অভিযোগ অনুসৰি চিকিৎসাত গাফিলতিৰ বাবে লোকজনৰ মৃত্যু হয় । হাস্পতালখনত চিকিৎসা সঁজুলিৰ অভাৱৰো অভিযোগ কৰে লোকসকলে । পৰিয়ালৰ লোকৰ মতে সঠিক সময়ত চিকিৎসা নোহোৱাৰ বাবেই লোকজন মৃত্যুমুখত পৰে ! অৱশ্যে নিশাই হাস্পতালত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে । চিকিৎসকক প্ৰহাৰৰ অভিযোগত আৰক্ষীয়ে ৩ জন লোকক আটক কৰিছে । অৱশ্যে প্ৰকৃত ঘটনাটো কি, সেয়া আৰক্ষীৰ সঠিক তদন্তৰ পিচত হে পোহৰলৈ আহিব ।

লগতে পঢ়ক :নথি-পত্ৰই আছিল পুত্ৰ সন্তান, কিন্তু চিকিৎসালয় কৰ্তৃপক্ষই হস্তান্তৰ কৰিলে কন্যা সন্তান - Barpeta Civil Hospital

ABOUT THE AUTHOR

...view details