নলবাৰী: প্ৰাপ্তি-অপ্ৰাপ্তিৰ মাজেৰে পাৰ হৈ গ'ল আন এটি বছৰ । পোৱা নোপোৱা, হাঁহি কান্দোন, সুখ দুখৰ মাজেৰে বিশ্ববাসীয়ে এটা বছৰ অতিক্ৰম কৰি আন এটি নৱবৰ্ষত খোজ পেলালে । কেলেণ্ডাৰৰ পাতত সংযোজিত হ'ল আৰু এটি নতুন বছৰ । নতুন বৰ্ষৰ পহিলা দিনটোতেই ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নলবাৰীতো ভিন্ন মঠ-মন্দিৰ, দেৱালয়, নামঘৰত দেখা গৈছে ভক্তসকলৰ ভিৰ । মনত অযুত আশা লৈ নতুন বছৰটিৰ কুশল কামনা কৰি নলবাৰীতো বিভিন্ন ধৰ্মীয় স্থানত নেদেখাজনক জনাইছে প্ৰাৰ্থনা ।
একেই পৰিৱেশ দেখা গৈছে নলবাৰীৰ বালিলেছা কালী দেৱালয়ত । নতুন বছৰৰ পহিলা দিনটোতেই ভক্তৰ ভিৰত বিৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হ'ল নামনি অসমৰ ইতিহাস প্ৰসিদ্ধ বালিলেছা কালী দেৱালয়ত । হাতত ধূপ-নৈবদ্য লৈ মা কালীৰ শ্ৰী চৰণত সেৱা জনালে ভক্তপ্ৰাণ ৰাইজে । বিচাৰিলে আশিস । ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ পৰা অহা ভক্তসকলে নতুন দিন নতুন বছৰত সমৃদ্ধিশালী হোৱাৰ কামনাৰে জনালে প্ৰাৰ্থনা ।