ETV Bharat / technology

বিৰল মহাজাগতিক পৰিঘটনা: একেডাল ৰেখাতে দেখিবলৈ পোৱা যাব 6 টাকৈ গ্ৰহ - CELESTIAL WONDERS OF 2025

2025 বৰ্ষৰ আৰম্ভণিতে সংঘটিত হ’ব এক আকাশী দৃশ্য, যি বিৰল হোৱাৰ লগতে আকৰ্ষণীয়ও । কি এই বিৰল ঘটনা জানো আহক প্ৰতিবেদনযোগে---

celestial-wonders-of-2025-eclipses-supermoons-and-planetary-alignment-of-the-year
বিৰল মহাজাগতিক পৰিঘটনাঃ একেডাল ৰেখাতে দেখিবলৈ পোৱা যাব 6 টাকৈ গ্ৰহ (ETV Bharat)
author img

By ETV Bharat Tech Team

Published : Jan 6, 2025, 11:44 AM IST

Updated : Jan 6, 2025, 5:06 PM IST

হায়দৰাবাদ: নতুন বছৰৰ আৰম্ভণিতে জ্যোতিৰ্বিজ্ঞানৰ এক আশ্চৰ্যজনক ঘটনা সংঘটিত হ’বলৈ ওলাইছে । জ্যোতিৰ্বিজ্ঞানৰ প্ৰতি আগ্ৰহীসকলে প্ৰত্যক্ষ কৰিব পাৰিব পেৰেড অৱ প্লেনেটছ ! সমান্তৰালভাৱে, ইয়াক প্লেনেটেৰী পেৰেড বুলিও কোৱা হয় । সকলো গ্ৰহ এডাল সৰলৰেখাত দৃশ্যমান হ’লে এই পৰিঘটনা ঘটে । সেই দৃশ্য প্ৰত্যক্ষ কৰিলে পেৰেডত খোজ কাঢ়ি যোৱা যেন লাগে । সেইবাবেই ইয়াক প্লেনেটেৰী পেৰেড বুলি কোৱা হয় । ভাৰতত এই পেৰেড কেতিয়া কেনেকৈ দৃশ্যমান হ’ব জানো আহক ---

গ্ৰহৰ পেৰেড কি

গ্ৰহবোৰৰ এটা বিশেষ অৱস্থানৰ সময়ত গ্ৰহৰ পেৰেডসমূহ গঠন হয় । পৃথিৱীকে ধৰি বহু গ্ৰহ যেতিয়া সূৰ্যৰ এটা ফালে আহে, তেতিয়া আকাশত এডাল ৰেখাই দেখা দিয়ে, যাক গ্ৰহৰ প্ৰান্তিককৰণ বোলা হয় । ইয়াৰ নাম প্লেনেটাৰী পেৰেড ।

কেতিয়া দেখিবলৈ পাব এই পৰিঘটনা

2025 চনত দুবাৰকৈ দেখিবলৈ পোৱা যাব গ্ৰহৰ পেৰেড । প্ৰথমবাৰ চলিত অৰ্থাৎ জানুৱাৰী মাহত দেখা যাব আৰু দ্বিতীয়বাৰ মাৰ্চ মাহত দেখিবলৈ পোৱা যাব ।

প্ৰথমটো প্লেনেটেৰী পেৰেড

21 জানুৱাৰীৰ পৰা প্ৰায় চাৰি সপ্তাহৰ বাবে মহাকাশত 6 টাকৈ গ্ৰহৰ পেৰেড দেখা যাব । একেডাল সৰলৰেখাত অন্তৰ্ভুক্ত হ’ব শুক্ৰ, মংগল, বৃহস্পতি, শনি, নেপচুন আৰু ইউৰেনাছ গ্ৰহ । এই সময়ছোৱাত এই সকলোবোৰ গ্ৰহ একেলগে দেখিবলৈ পোৱা যাব । নাছাৰ তথ্য অনুসৰি শুক্ৰ, মংগল, বৃহস্পতি আৰু শনি গ্ৰহক যন্ত্ৰৰ অবিহনে দেখা যায় যদিও নেপচুন আৰু ইউৰেনাছক চাবলৈ টেলিস্কোপৰ প্ৰয়োজন হ’ব ।

যদি আপুনি ভাৰতৰ আকাশত এই গ্ৰহৰ পেৰেড চাব বিচাৰে তেন্তে 21 জানুৱাৰীৰ পিছত চাব পাৰিব । ভাৰতত এই দৃশ্য প্ৰত্যক্ষ কৰাৰ সৰ্বোত্তম সময় হ’ব সূৰ্যাস্তৰ পিছত, নিশা প্ৰায় 8:30 বজাত । আন্ধাৰ হোৱাৰ লগে লগে পশ্চিম দিশলৈ চাওঁক । শুক্ৰ, শনি আৰু নেপচুন গ্ৰহ প্ৰায় 11:30 বজালৈ দৃশ্যমান হ’ব । মংগল, বৃহস্পতি আৰু ইউৰেনাছ আকাশত অলপ বেছি সময় থাকিব ৷ মংগল গ্ৰহ সূৰ্য উদয়ৰ ঠিক আগতেই অস্ত যাব । দৃশ্যটো সম্পূৰ্ণৰূপে উপভোগ কৰিবলৈ চহৰৰ পৰা আঁতৰি অলপ আন্ধাৰ থকা স্থানলৈ যাওক । গ্ৰাম্য অঞ্চল বা পাহাৰীয়া ষ্টেচনত তৰা চোৱাৰ বাবে আটাইতকৈ পৰিষ্কাৰ আকাশ পোৱা যায় ।

প্ৰত্যক্ষ কৰাৰ বাবে উপযুক্ত সময়

2025 চনৰ 29 জানুৱাৰী এই মহাজাগতিক দৃশ্য উপভোগ কৰাৰ বাবে উপযুক্ত হ’ব ৷ কাৰণ উক্ত দিনা অমাৱস্যাই আকাশ ক’লা কৰি পেলাব, যাৰ ফলত নেপচুন আৰু ইউৰেনাছৰ দৰে ক্ষুদ্ৰ গ্ৰহকো প্ৰত্যক্ষ কৰাটো সহজ হ’ব । ফেব্ৰুৱাৰীৰ শেষলৈকে এই দৃশ্যটো নিশাৰ ভাগত দেখা যাব, কিন্তু উন্নত অভিজ্ঞতা লাভৰ বাবে আপোনাৰ সৰ্বোত্তম সুযোগ অমাৱস্যাৰ সময় ।

প্লেনেটৰী পেৰেড মাৰ্চ 2025

2025 চনৰ মাৰ্চ মাহত দ্বিতীয়টো প্লেনেটৰী পেৰেড দেখা যাব । এই পেৰেডত বুধ, শুক্ৰ, মংগল, বৃহস্পতি, শনি, নেপচুন, ইউৰেনাছ গ্ৰহ অন্তৰ্ভুক্ত হ’ব । 8 মাৰ্চৰ দিনটো এই পেৰেড চোৱাৰ বাবে আটাইতকৈ উপযুক্ত সময় ।

লগতে পঢ়ক: মহাকাশতেই নৱবৰ্ষক আদৰিলে সুনীতা-বাচ্চে; প্ৰত্যক্ষ কৰিব 16 টাকৈ সূৰ্যোদয় আৰু সূৰ্যাস্ত

নৱবৰ্ষৰ পূৰ্বে মহাকাশত বিৰল ঘটনা; আজি আকাশত ‘ব্লেক মুন’

Last Updated : Jan 6, 2025, 5:06 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.