তিনিচুকীয়া : ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বুজ ল'বলৈ দেওবাৰে তিনিচুকীয়াত উপস্থিত হয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য । জিলাখনত উপস্থিত হৈ আন্তঃবিভাগীয় পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে ৰাজ্যপালে । তেওঁ প্ৰতিটো বিভাগৰ জিলা মুৰব্বী বিষয়াসকলৰ সৈতে প্ৰত্যক্ষভাৱে উন্নয়নমূলক কাম-কাজৰ বুজ লোৱাৰ লগতে ইয়াৰ উৎকৰ্ষ সাধনৰ বাবে ভালেমান গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায় ।
ৰাজ্যপালৰ নিৰ্দেশনা
তেওঁ চৰকাৰী আঁচনিসমূহৰ সুবিধা প্ৰতিজন যোগ্য ব্যক্তিয়ে পোৱাটো নিশ্চিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে । বৈঠকত তেওঁ কয়, "আমি কামবোৰ ভয় বা বাধ্যত পৰি নহয়, আগ্ৰহ বা সেৱাৰ মনোভাৱেৰে কৰিব লাগে । এনে কাম কৰাৰ সুযোগ পোৱাটোক পৰম সৌভাগ্য হিচাপে গণ্য কৰিব লাগে ।" সভাৰ আৰম্ভণিতে জিলা আয়ুক্ত স্বপ্নীল পালে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক ফুলাম গামোচা, শৰাই আৰু ফুলৰ থোপাৰে আদৰণি জনায় । তেওঁ জিলাখনৰ এটি সংক্ষিপ্ত পৰিচয়ো দাঙি ধৰে ।
বৈঠকত কোন কোন আছিল ?
সভাত ৰাজ্যৰ শ্ৰম আৰু শ্ৰমিক কল্যাণ তথা গৃহ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা, প্ৰাক্তন মন্ত্ৰী তথা তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ, মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, চাবুৱা সমষ্টিৰ বিধায়ক পোণাকন বৰুৱা, মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী অৰুণজ্যোতি মৰাণ, তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপ, শদিয়া আৰক্ষী জিলাৰ অধীক্ষক জগদীশ দাস, জিলা উন্নয়ন আয়ুক্ত পৱিত্ৰ কুমাৰ দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া গুৰনীল সিঙৰ উপৰিও সকলো অতিৰিক্ত আয়ুক্ত আৰু বিভাগীয় মুৰব্বী বিষয়াসকল উপস্থিত থাকে ।
সভাৰ অন্তত ৰাজ্যপালে সাংবাদিকসকলকো সম্বোধন কৰি নিজৰ ভ্ৰমণৰ উদ্দেশ্যৰ বিষয়ে চমুকৈ কয় । উল্লেখ্য যে দেওবাৰে গুৱাহাটীৰ পৰা বিমানযোগে ডিব্ৰুগড়ত উপস্থিত হোৱাৰ পিছতে ৰাজ্যপালে তাৰ পৰা পথেৰে যাত্ৰা কৰে আৰু আবেলি ৪ বজাত তিনিচুকীয়াত উপস্থিত হয় । তাৰ পিছতে তেওঁ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি পুনৰ ডিব্ৰুগড়লৈ ৰাওনা হয় । নিশা তেওঁ ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনতে থাকে ।
লগতে পঢ়ক :এডভাণ্টেজ অসমৰ প্ৰচাৰৰ বাবে মুম্বাইত ব্যস্ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা - ADVANTAGE ASSAM