বেংগালুৰু : ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ আইচিএমআৰে কৰ্ণাটকত দুটি শিশু হিউমেন মেটানিউমো ভাইৰাছ (এইচ এম পি ভি)ত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰিছে । একাধিক শ্বাসতন্ত্ৰৰ ভাইৰেল বীজাণুৰ নিয়মীয়া পৰীক্ষাৰ পিছত হিউমেন এইচএমপিভিত আক্ৰান্ত হোৱাৰ দুটি শিশুক চিনাক্ত কৰিছে । উল্লেখ্য় যে সমগ্ৰ দেশতে শ্বাস-প্ৰশ্বাসজনিত ৰোগ নিৰীক্ষণৰ বাবে আইচিএমআৰৰ চলিত প্ৰচেষ্টাৰ এক অংশ বুলি উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ে কয়।
ঘটনা সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰণালয়ে কয় যে ব্ৰঙ্কোনিউমোনিয়াৰ ইতিহাস থকা বেংগালুৰুৰ বেপ্টিষ্ট হাস্পতালত এটি ৩ মহীয়া শিশু এইচএমপিভিত আক্ৰান্ত বুলি ধৰা পৰে । অৱশ্য়ে এই শিশুটিক ইতিমধ্য়ে হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে বুলি স্বাস্থ্য মন্ত্ৰণালয়ৰ সূত্ৰত প্ৰকাশ । মন্ত্ৰালয়ে কয় যে এইচএমপিভি ভাইৰাছে ইতিমধ্যে ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশত গা কৰি উঠিছে ।
আনহাতে,বেংগালুৰুত এটি ৮ মহীয়া শিশু হিউমেন মেটানিউমো ভাইৰাছ (এইচ এম পি ভি)ত আক্ৰান্ত হৈছে । শিশুটিৰ স্বাস্থ্য় পৰীক্ষা কৰাত পজিটিভ বুলি ধৰা পৰে । চীনত এনে সংক্ৰমণ বৃদ্ধি হোৱাৰ বাতৰিৰ মাজত ভাৰতত এই শিশুটি আক্ৰান্ত হোৱা বিষয়টোৱে উদ্বেগৰ সৃষ্টি কৰিছে । কৰ্ণাটকৰ স্বাস্থ্য বিভাগে উল্লেখ কৰা অনুসৰি শিশুটিৰ কোনো ভ্ৰমণ ইতিহাস নথকাৰ পিছতো চহৰখনৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিবলীয়া হৈছে ।
ঘটনাটো কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ক অৱগত কৰাৰ পিছত স্বাস্থ্য বিভাগে শিশুটি এই ভাইৰাচৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰিছে । অৱশ্যে, বিষয়াসকলে এতিয়ালৈকে নিৰ্ধাৰণ কৰা নাই যে বেংগালুৰুত চিনাক্ত কৰা এই ভাইৰাছৰ প্ৰজাতিবিধ চীনত হোৱা প্ৰজাতিৰ সৈতে সাদৃশ্য় আছে নে নাই ।
৪ জানুৱাৰীত চীনা কৰ্তৃপক্ষই এইচ এম পি ভিৰ ঘটনা সন্দৰ্ভত ব্য়াখ্য়া কৰি কয় যে এনে ঘটনা হ্ৰাস পাইছে । ইয়াক বাৰ্ষিক ঋতুগত পুনৰাবৃত্তি বুলি বৰ্ণনা কৰিছে চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ এগৰাকী মুখপাত্ৰই । মুখপাত্ৰগৰাকীয়ে শীতকালৰ বাবে এই ভাইৰাছৰ প্ৰকোপ বৃদ্ধি হোৱা বুলি উল্লেখ কৰি কয় যে এতিয়া পৰ্যটক আৰু নাগৰিকসকলৰ দেশখন ভ্ৰমণ কৰাটো সুৰক্ষিত ।
এইচ এম পি ভিৰ ওপৰত ভাৰতৰ সতৰ্কতা:
ইফালে, ভাৰতৰ ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰই (এন চি ডি চি) জনাইছে যে ই সমগ্ৰ দেশতে শ্বাসতন্ত্ৰৰ সংক্ৰমণ আৰু ঋতুগত ইনফ্লুৱেঞ্জাৰ ঘটনা নিৰীক্ষণ কৰি থকা হৈছে । চীনৰ প্ৰতিবেদনৰ পৰিপ্ৰেক্ষিতত সংস্থাটোৱে এইচ এম পি ভি সম্পৰ্কীয় বিষয়ত আন্তৰ্জাতিক স্বাস্থ্য সংগঠনসমূহৰ সৈতে সমন্বয়ৰে কাম কৰি থকা হৈছে । এন চি ডি চিৰ এজন জ্যেষ্ঠ বিষয়াই কয়," আমি পৰিস্থিতিটো সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছো আৰু সেই অনুসৰি তথ্য আৰু উন্নয়নক বৈধতা প্ৰদান কৰিম ।"
বিশেষজ্ঞৰ পৰামৰ্শ:
স্বাস্থ্য সেৱা সঞ্চালক প্ৰধান ডাঃ অতুল গোৱেলে ৰাইজক আশ্বস্ত কৰি কয় যে এইচ এম পি ভি আন শ্বাস-প্ৰশ্বাসৰ ভাইৰাছৰ দৰে একে সাধাৰণ চৰ্দিসদৃশ লক্ষণ সৃষ্টি কৰে । তেওঁ কয়,"ইয়াৰ ফলত ডেকা আৰু বয়সীয়া লোকৰ ফ্লু সদৃশ লক্ষণ দেখা দিব পাৰে ।" কাহ বা চৰ্দিৰ লক্ষণ ফুটি উঠিলে আনৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক পৰিহাৰ কৰিব লাগে বুলি মন্তব্য় কৰি স্বাস্থ্য সেৱা সঞ্চালক প্ৰধানগৰাকীয়ে কয়, "প্ৰয়োজন অনুসৰি চৰ্দি আৰু জ্বৰৰ বাবে স্বাভাৱিক ঔষধ গ্ৰহণ কৰা উচিত ।"
এইচ এম পি ভি হৈছে এক শ্বাসতন্ত্ৰৰ ভাইৰাছ যি প্ৰাথমিকভাৱে ওপৰ আৰু নিম্ন শ্বাসনলী প্ৰভাৱিত কৰে । যদিও বেছিভাগ ক্ষেত্ৰত মৃদু লক্ষণ যেনে কাহ, নাকৰ পৰা পানী ওলোৱা আৰু জ্বৰ হয় । ইয়াৰ ফলত শিশু, বৃদ্ধৰ নিউমোনিয়াৰ দৰে অধিক গুৰুতৰ অৱস্থা হ'ব পাৰে ।
বিশেষজ্ঞসকলে সাধাৰণ প্ৰতিৰোধমূলক ব্যৱস্থাৰ পৰামৰ্শ আগবঢ়াই কয় যে হাত পৰিচ্ছন্নতা, শ্বাস-প্ৰশ্বাসৰ সমস্য়া আৰু সংক্ৰমণৰ আশংকা হ্ৰাস কৰিবলৈ অসুস্থ লোকসকলৰ সৈতে সম্পৰ্ক পৰিহাৰ কৰিব লাগে ।