ETV Bharat / bharat

বেলি নোলাওতেই ভাৰতৰ ৰাজনীতিৰ 'চাণক্য'ক আটক - POLICE DETAINED PRASHANT KISHOR

পাটনাৰ গান্ধী ময়দানত প্ৰতিবাদ সাব্যস্ত কৰি আছিল প্ৰশান্ত কিশোৰসহ তেওঁৰ সমৰ্থকসকলে । বলপূৰ্বকভাৱে আৰক্ষীয়ে তেওঁক আটক কৰে ।

Patna police detained Prashant Kishor
বিহাৰত প্ৰশান্ত কিশোৰক আটক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 6, 2025, 11:21 AM IST

পাটনা : জন সূৰজ পাৰ্টীৰ প্ৰতিষ্ঠাপক তথা ভাৰতীয় ৰাজনীতিৰ "চাণক্য'ৰূপে পৰিচিত প্ৰশান্ত কিশোৰক পাটনা আৰক্ষীয়ে আটক কৰিছে । পাটনাৰ গান্ধী ময়দানৰ পৰা আটক কৰা হয় নেতাজনক । আৰক্ষীয়ে বলপূৰ্বকভাৱে প্ৰশান্ত কিশোৰক আটক কৰে আৰু প্ৰাৰম্ভিক পৰ্যায়ত কোৱা হৈছে যে তেওঁক এক অজ্ঞাত স্থানলৈ লৈ যোৱা হৈছে । প্ৰশান্ত কিশোৰক গান্ধী ময়দানৰ পৰা এম্বুলেন্সেৰে লৈ যোৱা হয় । সেই সময়ছোৱাত প্ৰতিবাদস্থলীত যথেষ্ট হুলস্থূল পৰিৱেশৰ সৃষ্টি হয় । আৰক্ষী আৰু প্ৰতিবাদকাৰী তথা প্ৰশান্ত কিশোৰৰ সমৰ্থকৰ মাজত হতাহতিও হয় ।

বলপূৰ্বকভাৱে প্ৰশান্ত কিশোৰক আটক কৰাৰ অভিযোগ

বিহাৰত প্ৰশান্ত কিশোৰক আটক (ETV Bharat)

প্ৰশান্ত কিশোৰে বিহাৰ লোকসেৱা আয়োগ (বি পি এছ চি)ৰ প্ৰাৰ্থীসকলৰ সপক্ষে প্ৰতিবাদ কৰি আছিল । যোৱা ৫ দিন ধৰি প্ৰশান্ত কিশোৰে বিহাৰ লোকসেৱা আয়োগৰ ৭০ সংখ্যক পৰীক্ষা বাতিল কৰাৰ দাবীত অনশন কৰি আছিল । সোমবাৰে পুৱা প্ৰায় ৪ মান বজাত পাটনা আৰক্ষীৰ এটা দলে প্ৰশান্ত কিশোৰক আটক কৰাৰ উদ্দেশ্যে গান্ধী ময়দানত উপস্থিত হয় আৰু তেওঁক বলপূৰ্বকভাৱে লৈ যায় । সেই সময়ছোৱাত প্ৰায় ১০ খন আৰক্ষী থানাৰ আৰক্ষী গান্ধী ময়দানত উপস্থিত হৈছিল ।

প্ৰশান্ত কিশোৰৰ গালত পৰিল আৰক্ষীৰ চৰ

পাটনাত প্ৰচণ্ড শীতৰ মাজতে প্ৰশান্ত কিশোৰে বি পি এছ চি প্ৰাৰ্থীৰ সৈতে মুকলি আকাশৰ তলত নিৰন্তৰ প্ৰতিবাদ সাব্যস্ত কৰি আছিল । আৰক্ষীৰ দলটোৱে প্ৰশান্ত কিশোৰক আটক কৰাৰ উদ্দেশ্যে তাত উপস্থিত হয় । সেই সময়ত প্ৰশান্ত কিশোৰৰ সমৰ্থকসকলেও প্ৰতিবাদ কৰি আছিল । সমৰ্থকসকলে অভিযোগ কৰা মতে এই সময়ছোৱাত এজন আৰক্ষী বিষয়াই প্ৰশান্ত কিশোৰক চৰো সোধাইছিল ।

স্বাস্থ্য পৰীক্ষা নকৰে প্ৰশান্ত কিশোৰে

প্ৰাপ্ত তথ্য অনুসৰি, প্ৰশান্ত কিশোৰক পাটনা আৰক্ষীয়ে গান্ধী ময়দানৰ পৰা পোনপটীয়াকৈ এইমছলৈ লৈ যোৱা হয় । কিন্তু প্ৰশান্ত কিশোৰে তাত স্বাস্থ্য পৰীক্ষাৰ বাবে অস্বীকাৰ কৰে । তেওঁ তেওঁৰ অনশন অব্যাহত ৰখাৰ কথা ঘোষণা কৰে । তেওঁ কয় যে বিহাৰ চৰকাৰে বি পি এছ চিৰ পুনৰ পৰীক্ষাৰ দাবী স্বীকাৰ নকৰালৈকে তেওঁ অনশন ভংগ নকৰে ।

কি কয় জন সূৰজ পাৰ্টীয়ে ?

জন সূৰজ পাৰ্টীয়ে আৰক্ষীৰ এই পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰে । দলটোৰ অফিচিয়েল Xত লিখা হৈছে, "নীতিশ কুমাৰৰ কাপুৰুষালি চাওক, তেওঁৰ আৰক্ষীয়ে পুৱা ৪ বজাত শিক্ষা আৰু দুৰ্নীতিপূৰ্ণ পৰীক্ষাৰ বিৰুদ্ধে যোৱা ৫ দিন ধৰি অনশন কৰি থকা প্ৰশান্ত কিশোৰক বলপূৰ্বকভাৱে আটক কৰে । একেলগে বহি থকা বহু যুৱকক এক অজ্ঞাত স্থানলৈ লৈ যোৱা হয় ।"

লগতে পঢ়ক :দিল্লী বিধানসভা নিৰ্বাচন: বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ - DELHI ASSEMBLY ELECTION 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.