গুৱাহাটী: প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ আজি আদ্যশ্ৰাদ্ধ । সেই উপলক্ষে মহানগৰীৰ সৰুমটৰীয়াৰ হেমপ্ৰভা শইকীয়াৰ বাসগৃহত সম্পন্ন কৰা হয় প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ আদ্যশ্ৰাদ্ধ । শংকৰী ৰীতি-নীতিৰে নাম প্ৰসংগ কৰি সম্পন্ন কৰা হয় আদ্যশ্ৰাদ্ধ । য'ত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ লগতে কেইবাগৰাকীও নেতাকৰ্মী উপস্থিত থাকে ।
প্ৰধানমন্ত্ৰী হৈ থকা সময়ত দীৰ্ঘদিন ধৰি ভাৰাতীয় হিচাপে আছিল ড৹ মনমোহন সিং । আদ্যশ্ৰাদ্ধত উপস্থিত থাকি ভূপেন বৰাই প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীক স্মৰণ কৰি কয়, "ইয়াৰ পৰাই তেওঁ ৰাজ্যসভাৰ সাংসদ হৈ দেশৰ প্ৰধানমন্ত্ৰী হৈছিল । আজি বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু হেমপ্ৰভা শইকীয়াৰ ইচ্ছা অনুসৰি আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হৈছে । অসমীয়াই কেতিয়াও মনমোহন সিঙক পাহৰিব নোৱাৰে ।"
আমাক জিৰ’ দেখি থাকিলে আমাৰ কাৰণে ভাল: ভূপেন বৰা
ভৱেশ কলিতাই এক প্ৰসংগত ভূপেন বৰাই ২৬ টো জিৰ’ হ'ব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,"আমাক জিৰ’ দেখি থাকিলে আমাৰ কাৰণে ভাল । বিজেপিয়ে আমাক আণ্ডাৰ এষ্টিমেটে কৰি থকাতো ভাল । মুখ্যমন্ত্ৰীৰ আসনখন বিজেপিৰ পৈতৃক সম্পত্তি নহয় । আমাৰ চৰকাৰ আহিলে অৰুণোদয়ৰ দৰে আঁচনি, ন লখিমীত ২৫০০ কৈ দিম, ২০০ ইউনিট বিজুলী আমি ফ্ৰী দিম, গেছ চিলিণ্ডাৰ ৫০০ ত দিম । ৰাইজে সকলো দেখি আছে । লগতে কয় যে এতিয়া পঞ্চায়ত নিৰ্বাচন পাতিবলৈ বিজেপিয়ে ভয় কৰিছে । বিষয়টো ক’ৰ্টৰ মজিয়াত নাই । তেওঁলোকে ভয় কৰিছে । পাঁচখন পঞ্চায়তৰ বাবে বাকী ২৫০০ কৈ বেছি পঞ্চায়তক আমি বঞ্চিত কৰিব নোৱাৰোঁ ।"
তেওঁ লগতে কয়, "পঞ্চায়তৰ ধনৰ অপচয় কৰিছে বিজেপিয়ে । ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰিব খুজিছে বিজেপিয়ে । তেওঁলোকে আদালতত যুক্তি দি পঞ্চায়ত নিৰ্বাচন পাতিব অনুমতি আনিব পাৰিব লগিছিল ।"
UB Photos ৰ উৎপল বৰুৱাৰ প্ৰসংগ সামাজিক মাধ্যমৰ পোষ্ট সন্দৰ্ভত:
UB Photos ৰ স্বত্বাধিকাৰী উৎপল বৰুৱাৰ প্ৰসংগ সামাজিক মাধ্যমৰ পোষ্ট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন বৰাই কয়, "এয়া দুৰ্ভাগ্যজনক । বিজেপিৰ দিনত বহিৰাগতক আগভাগ দিয়া হৈছে । এতিয়া অসমীয়াৰ কোনো ঠাইতে কাম নোহোৱা কৰি দিছে এইখন চৰকাৰে ।
উল্লেখ্য যে UB Photos ৰ স্বত্বাধিকাৰী উৎপল বৰুৱাই সামাজিক মাধ্যমৰ পোষ্ট দি উল্লেখ কৰিছিল,"আজি অসমত মই অসমীয়া হোৱা বাবেই মোক (UB PHOTOS) চৰকাৰী কামবোৰৰ পৰা আঁতৰাই দিয়া হৈছে । কাম ভালকৈ কৰাৰ মূল্য এইয়া । বাহিৰৰ মানুহৰ দপদপনি । অসমীয়াৰ অসমত কাম কৰাৰ অধিকাৰ নাই ।"
আব্দুল ৰছিদৰ পত্ৰ সন্দৰ্ভত:
যদি চিঠিখন ৰাজহুৱা হৈছে তেনেহ’লে এই সন্দৰ্ভত একো ব্যৱস্থা গ্ৰহণ কৰা নহয় । দলীয় আভ্যন্তৰীণ বিষয় ৰাজহুৱা হ’ব নালাগে ।