গুৱাহাটী: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ পাঁচখন উন্নত ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা লক্ষ্য নিৰ্ধাৰণ কৰাৰ সময়তে শিক্ষা মন্ত্রণালয়ে প্রকাশ কৰা শেহতীয়া ইউডাইচ (ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেচন ছিষ্টেম ফৰ এডুকেচন প্লাছ ২০২৩-২৪) ইউ ডাইচ প্রতিবেদনত দেশৰ ভিতৰতে অসমৰ শিক্ষা ব্যৱস্থাৰ দুৰ্দশাৰ ছবি প্রতিফলিত হৈছে ।
ইউ ডাইচ প্রতিবেদন মতে, অসমত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা সৰ্বভাৰতীয় পৰ্যায়তকৈ বেছি । তদুপৰি অসমত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ ক্ষেত্ৰত অসম দেশৰ ৰাজসমূহৰ ভিতৰত তৃতীয় স্থানত আছে । তথ্য মতে, প্ৰাথমিক বিদ্যালয় পর্যায়ত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সৰ্বভাৰতীয় হাৰ ১.৯ শতাংশ হোৱাৰ বিপৰীতে অসমত সেই হাৰ ৬.২ শতাংশ ।
ঠিক সেইদৰে উচ্চ প্রাথমিক বিদ্যালয় পর্যায়ত ৰাষ্ট্ৰীয় গড় ৫.২ শতাংশ হোৱাৰ বিপৰীতে অসমত সেই পৰিমাণ ৮.২ শতাংশ ।
আনহাতে, মাধ্যমিক পৰ্যায়ত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সৰ্বভাৰতীয় হাৰ ১৪.১ শতাংশ হোৱাৰ বিপৰীতে অসমত সেই হাৰে উদ্বেগজনক ৰূপ লৈ ১৯.৪৬ শতাংশ হৈছেগৈ ।
প্ৰতিবেদনৰ তথ্য মতে, প্ৰাথমিক বিদ্যালয় পর্যায়ত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ হাৰৰ ক্ষেত্ৰত অসমৰ স্থান বিহাৰ ( ১৩.৬৯ শতাংশ) , ৰাজস্থান( ৭.০৮ শতাংশ) ৰ পিছতে আছে ।
আকৌ মাধ্যমিক পৰ্যায়ত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ অসমৰ স্থান বিহাৰ ( ২০.৮৬ শতাংশ) , লাডাখ ( ২০.১ শতাংশ) ৰ পিছতে আছে ।
বিদ্যালয়ৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰতো ইউ ডাইচ প্রতিবেদনত অসমৰ স্থান দুখজনক ছবি প্ৰতিফলিত হৈছে । ৰাজ্যৰ ৭,৭৮০ খন বিদ্যালয়ত বিদ্যুৎ সংযোগ নাই । ৰাজ্যৰ ৩,৩৩৬খন বিদ্যালয়ত ছাত্রছাত্ৰীৰ বাবে ন্যূনতম খোৱাপানীখিনিৰো ব্যৱস্থা নাই । ৰাজ্যৰ ৭,৭০৯খন বিদ্যালয়ত ছাত্ৰৰ শৌচাগাৰ আৰু ৬,৫৫৮ খন বিদ্যালয়ত ছাত্ৰীৰ শৌচাগাৰৰ ব্যৱস্থাই নাই ।
উল্লেখ্য যে বিজ্ঞান, তথ্য-প্ৰযুক্তিৰ অগ্ৰগতিৰ সময়তো ৰাজ্যৰ ১৮,১৬৭খন বিদ্যালয়ত কম্পিউটাৰৰ সুবিধাই নাই । ইণ্টাৰনেটৰ সুবিধাৰ ক্ষেত্ৰতো অৱস্থা অধিক শোচনীয় । ৰাজ্যৰ ৩১,১৪০ খন বিদ্যালয়ত ইণ্টাৰনেটৰ সুবিধাই নাই । ৫৫ শতাংশ বিদ্যালয়তহে ইণ্টাৰনেটৰ সুবিধা নাই । প্রতিবেদনৰ তথ্য অনুসৰি এতিয়াও ৰাজ্যৰ ২,৬৩৩খন বিদ্যালয় এজনীয়া শিক্ষকেৰে চলিছে ।
তেনে বিদ্যালয়ত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৯২,৮৮৮ । ৰাজ্যৰ ১০,৪৪৪খন বিদ্যালয়ৰ খেলপথাৰেই নাই বুলি প্রতিবেদনত প্ৰকাশ পাইছে । তাৰ পিছতো অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা সভাত দাবী কৰি আহিছে ।
UDISE LINK: https://udiseplus.gov.in/#/en/page/publications