ETV Bharat / state

শীঘ্ৰে সুস্থ হওক বিশিষ্ট চলচ্চিত্ৰ পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱ - DIRECTOR SAMARENDRA NARAYAN

হাজাৰ হাজাৰ চলচ্চিত্ৰপ্ৰেমীক চিন্তিত কৰিছে এটা খবৰে । দুদিন ধৰি চিকিৎসাধীন বিশিষ্ট চলচ্চিত্ৰ পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱ ।

Noted film director Samarendra Narayan is undergoing treatment
শীঘ্ৰে সুস্থ হওক বিশিষ্ট চলচ্চিত্ৰ পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ (Wikipedia)
author img

By ETV Bharat Assamese Team

Published : 22 hours ago

গুৱাহাটী: নৱবৰ্ষৰ পহিলাতে আহিল এটা বেয়া খবৰ । হাজাৰ হাজাৰ চলচ্চিত্ৰপ্ৰেমীক চিন্তিত কৰা এই খবৰে তোলপাৰ লগাইছে সাংস্কৃতিক মহলকো । বিশিষ্ট চলচ্চিত্ৰ পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱ চিকিৎসাধীন । বিগত দুটা দিনে গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে সমৰেন্দ্ৰ নাৰায়ণ দেৱ । তিনিটা দশক জুৰি অসমীয়া চলচ্চিত্ৰজগতক অধিক গতিশীলতা প্ৰদান কৰা বিশিষ্ট চলচ্চিত্ৰ পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱ চিকিৎসাধীন ।

'অৰণ্য' ছবি পৰিচালনাৰে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰা বিশিষ্ট ছবি পৰিচালকগৰাকী সম্প্ৰতি ৰক্তচাপ, মধুমেহ আৰু বৃক্কৰোগত আক্রান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চুপাৰ স্পেচিয়েলিটিত চিকিৎসাধীন হৈ আছে । বিগত দুটা দিনে গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে সমৰেন্দ্ৰ নাৰায়ণ দেৱ ।

উল্লেখযোগ্য যে, অসমীয়া ছবি উদ্যোগটোৰ লগত কেইবাটাও দশকজুৰি জড়িত হৈ থকা পৰিচালকগৰাকীয়ে ছয়খনকৈ ছবি পৰিচালনা কৰিছে । ৰাষ্ট্রীয় সন্মানেৰেও বিভূষিত বিশিষ্ট পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱে ১৯৭১ চনত 'অৰণ্য' ছবিখন পৰিচালনাৰে অসমীয়া ছবি জগতত খোজ পেলাইছিল । পৰৱৰ্তী সময়ত ১৯৭৬ চনত 'পুতলা ঘৰ', ১৯৭৯ চনত 'সোণৰ হৰিণ', ১৯৮১ চনত 'ৰাজা', ১৯৮২ চনত 'কাজিৰঙাৰ কাহিনী', আৰু ২০১২ চনত 'বীৰ চিলাৰায়' ছবিখন পৰিচালনা কৰিছিল সমৰেন্দ্ৰ নাৰায়ণ দেৱে ।

ইফালে "অৰণ্য" ছবিখনৰ বাবে ১৯৭১ চনত শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ পৰিচালকগৰাকীয়ে । 'পুতলা ঘৰ' ছবিখনৰ বাবে ১৯৭৬ চনত ২৪ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত ৰজত কমল বঁটা লাভ কৰিবলৈ সক্ষম হয় । এইগৰাকী মহান ছবি পৰিচালকৰ অসুস্থতাত ভাগি পৰিছে ৰাজ্যৰ সাংস্কৃতিক মহল ।

লগতে পঢ়ক: বাঁহীত সুৰ তুলিব নোৱৰা হ'ল ! জীৱন নিৰ্বাহৰ পথ লাগে আন্তঃৰাষ্ট্ৰীয় শিল্পী দীপক শৰ্মাক - DIPAK SARMA URGES TO ASSAM CM

BAFTA ত স্থান পায়েল কাপাডিয়াৰ অল উই ইমাজিন এজ লাইটৰ - BAFTA 2025 LONGLIST

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.