ETV Bharat / state

সুকলমে উভতি আহিবনে ! উদ্ধাৰ অভিযানক লৈ চিন্তিত শ্ৰমিক পৰিয়াল - ASSAM COAL MINE TRAGEDY

Assam Coal mine tragedy
বৰষুণৰ বাবে স্থগিত উদ্ধাৰ অভিযান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 23 hours ago

হাফলং: উমৰাংছ’ কয়লাখনিত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ ভিতৰত এজনৰ মৃতদেহ বুধবাৰে পুৱা উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰকাৰী দলে ৷ অৱশ্যে বাকী আঠজন শ্ৰমিকক এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই ৷ যুদ্ধকালীন তৎপৰতাৰে অব্যাহত আছে অভিযান ৷

ইপিনে, মঙলবাৰে সন্ধিয়া ধাৰাসাৰ বৰষুণৰ ফলত কয়লাখনিটোত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান স্থগিত ৰাখিবলগীয়া হয় । দিনটোত কেইবাবাৰো উদ্ধাৰ অভিযান চেষ্টা চলোৱাৰ পাছতো শ্ৰমিকসকলক উদ্ধাৰ কৰাত ব্যৰ্থ হয় মঙলবাৰে উদ্ধাৰকাৰী দল ৷

ইতিমধ্যে সেনা, অসম ৰাইফলছ, এন ডি আৰ এফ আৰু এছ ডি আৰ এফে উদ্ধাৰ অভিযান চলাই আছে যদিও এই অভিযানত সহায় কৰিবলৈ মঙলবাৰে সন্ধিয়া ভাৰতীয় নৌসেনাৰ ১২ জনীয়া এটা দল বিশাখাপট্টনমৰ পৰা আহি উমৰাংছ’ত উপস্থিত হয় ।

ভাৰতীয় নৌসেনাৰ ডুবাৰুসকলেও কেইবাটাও ডিপ ডাইভিং সঁজুলি লৈ অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ অভিযান অসফল; কয়লাখনিত এতিয়াও আবদ্ধ ৯ শ্ৰমিক - MINERS TRAPPED INSIDE COAL MINE

LIVE FEED

7:03 PM, 8 Jan 2025 (IST)

পানীৰ বাবে উদ্ধাৰ অভিযানত বাধা; উদ্বিগ্ন আৱদ্ধ শ্ৰমিকৰ পৰিয়াল

উমৰাংছ’ কয়লাখনিত পানীৰ স্তৰ বৃদ্ধি হোৱাৰ ফলত উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হৈছে ৷ সম্প্ৰতি উদ্ধাৰ অভিযান বন্ধ ৰাখি মেচিন লগাই কয়লাখনিটোৰ পৰা পানী উলিয়াবলৈ চেষ্টা চলাই থকা হৈছে । পানীৰ স্তৰ কমাৰ পিছতেই পুনৰ উদ্ধাৰ অভিযান আৰম্ভ হ’ব ।

ইফালে কয়লাখনিটোত যেনেদৰে উদ্ধাৰ অভিযানৰ কাম চলিছে, তাৰ পিচত কয়লাখনিত আবদ্ধ হৈ থকা শ্ৰমিকসকল কি অৱস্থাত আছে তাকে লৈ উদ্বেগ প্ৰকাশ কৰিছে কয়লাখনিত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ পৰিয়ালৰ লোকে ।

জানিব পৰা মতে কয়লাখনিটোৰ ওচৰতে আৰু বহু ৰেটহ’ল কয়লা কোঁৱেৰী আছে । এই কয়লা কোঁৱেৰীকেইটাত পানী জমা হৈ আছে । যাৰবাবে অসম কয়লা খনিটোত পানীৰ স্তৰ বৃদ্ধি হৈছে । যাৰবাবে প্ৰতিকূল পৰিস্থিতিত উদ্ধাৰ অভিযান চলাই থকা হৈছে ।

Assam Coal mine tragedy
আবদ্ধ কয়লা শ্ৰমিকক উদ্ধাৰৰ বাবে অব্যাহত অভিযান (ETV Bharat Assam)

10:39 AM, 8 Jan 2025 (IST)

আন লোক ক'ত আৱদ্ধ হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি এই অভিযান অব্যাহত থাকিব- এনডিআৰএফ

এনডিআৰএফ প্ৰথম বেটেলিয়নৰ কমাণ্ডেণ্ট, এইচপিএছ কান্দাৰীয়ে কয়, "... কালি বহুতো প্ৰয়াস কৰা হৈছিল কিন্তু আমি সফল হোৱা নাছিলো... এটা যুটীয়া দলে আজি (খনিত) ডুব মাৰিছিল আৰু আমি এটা মৃতদেহ উদ্ধাৰ কৰিছো। আন ঠাইত ডুব দিয়াটো আন এটা কথা কিন্তু এই পৰিস্থিতিত, আমাক বিশেষজ্ঞৰ প্ৰয়োজন কিয়নো আমি অনুমান কৰিব নোৱাৰো যে ভিতৰত কি পৰিস্থিতি থাকিব। আমাক কোৱা হৈছে যে তাত নিগনিৰ ছিদ্ৰ আছে - আন লোক ক'ত আৱদ্ধ হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি - এই অভিযান অব্যাহত থাকিব।"

10:37 AM, 8 Jan 2025 (IST)

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ X পোষ্ট যোগে মৃতকৰ পৰিয়াললৈ সমবেদনা প্ৰকাশ

"২১ পেৰা ডুবাৰুসকলে এইমাত্ৰ কুঁৱাৰ তলৰ পৰা এটা নিষ্প্ৰাণ মৃতদেহ উদ্ধাৰ কৰিছে। আমাৰ সমবেদনা আৰু প্ৰাৰ্থনা শোকাতুৰ পৰিয়ালৰ সৈতে আছে।"- মুখ্যমন্ত্ৰী

10:30 AM, 8 Jan 2025 (IST)

এজনৰ মৃতদেহ বুধবাৰে পুৱা উদ্ধাৰ কৰিবলৈ সক্ষম উদ্ধাৰকাৰী দল

বুধবাৰে উমৰাংছ‘ অঞ্চলৰ 3 কিলোত থকা কয়লা খনিৰ পৰা এটা মৃতদেহ উদ্ধাৰ কৰা হয় য'ত 6 জানুৱাৰীৰ পৰা 9 জন লোক আৱদ্ধ হৈ আছিল। ৰাতিপুৱা নৌ-সেনাই অভিযান চলাই কয়লা খনিৰ পৰা যি শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিছে সেই শ্ৰমিকগৰাকী হৈছে গঙ্গা বাহাদূৰ শ্ৰেষ্ঠ (38) যাৰ ঘৰ নেপালৰ উদয়পুৰত ৷ বাকী সকলৰ অনুসন্ধান আৰু উদ্ধাৰ অভিযান এতিয়াও চলি আছে।

9:27 AM, 8 Jan 2025 (IST)

প্ৰচণ্ড বৰষুণৰ ফলত মঙলবাৰে বাধাগ্ৰস্ত অভিযান

উদ্ধাৰকাৰী দলে পানীত ডুব যোৱা খনিটোত প্ৰৱেশ কৰাৰ বাবে মঙলবাৰে কমেও দহবাৰ চেষ্টা চলাই যদিও পানীৰ স্তৰ অধিক হোৱাৰ বাবে বিফল হয় । ইফালে মঙলবাৰে সন্ধিয়া হোৱা প্ৰচণ্ড বৰষুণৰ ফলত খনিটোৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত উদ্ধাৰ অভিযান কঠিন হৈ পৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.