তিনিচুকীয়া : তিনিচুকীয়াত উপস্থিত কেন্দ্ৰীয় অসামৰিক যোগান তথা সামাজিক ন্যায় বিভাগৰ ৰাজ্যিক মন্ত্ৰী বনৱাৰী লাল বাৰ্মা । নতুন দিল্লীৰ পৰা ডিব্ৰুগড় হৈ বুধবাৰে পুৱা তিনিচুকীয়াত উপস্থিত হয় মন্ত্ৰীগৰাকী । তিনিচুকীয়াত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে বৰগুৰিৰ প্ৰযুক্তি উদ্যান, বজালতলিত ৰেচন কাৰ্ডৰ দোকান, লোণপুৰীয়া আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ, ডিমৰুগুৰি লুনপুৰীয়াত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, বৰগুৰিত অমৃত সৰোবৰ আৰু টিংৰাইত জাৱৰ নিষ্কাষণ কেন্দ্ৰ পৰিদৰ্শন কৰে ।
বিভিন্ন আঁচনি পৰিদৰ্শন মন্ত্ৰী বনৱাৰী লাল বাৰ্মাৰ
তেওঁ এই আঁচনিসমূহৰ অগ্ৰগতি আৰু কাৰ্যকাৰিতাৰ বুজ লয় । পৰৱৰ্তী সময়ত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জিলাখনৰ উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰে । সভাত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চিন্তা আৰু কৰ্ম পদ্ধতিৰ বিষয়ে উল্লেখ কৰি কয়,"দেশৰ প্ৰতিটো অঞ্চল উন্নয়নৰ দিশত আগবাঢ়ি যোৱাটো প্ৰধানমন্ত্ৰীয়ে বিচাৰিছে ।" সেই উদ্দেশ্যে তেওঁ জিলাখনৰ ৰাজনৈতিক-আমোলা সকলোকে এটা টীম হিচাপে কাম কৰিবলৈ আহ্বান জনায় । সভাৰ আৰম্ভণিতে জিলা আয়ুক্ত স্বপ্নীল পালে জিলাখনত চলি থকা কেন্দ্ৰীয় আঁচনিসমূহৰ অগ্ৰগতিৰ চমু ব্যাখ্যা দাঙি ধৰে ।
সভাত প্ৰাক্তন মন্ত্ৰী তথা স্থানীয় বিধায়ক সঞ্জয় কিষাণ, মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী অৰুণজ্যোতি মৰাণৰ উপৰিও জিলা প্ৰশাসন আৰু সকলো বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে । ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰি তেওঁৰ আগমনৰ উদ্দেশ্য আৰু অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে ।
কেন্দ্ৰীয় মন্ত্ৰী বাৰ্মাই নিশা তিনিচুকীয়াৰ আৱৰ্ত ভৱনতে থাকিব আৰু বৃহস্পতিবাৰে পুৱা কেইবাখনো আঁচনি পৰিদৰ্শন কৰিব । মন্ত্ৰীগৰাকীয়ে পুৱা ১০ বজাত তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত বিশেষভাৱে সক্ষমসকলৰ বাবে স্থাপন কৰা মিছন থ'টফুল তিনিচুকীয়াৰ স্থায়ী কেন্দ্ৰ এটা আনুষ্ঠানিকভাৱে উদ্ধোধন কৰিব । তেওঁ বৰদলৈ নগৰত জ্যেষ্ঠ নাগৰিক আৱাসো পৰিদৰ্শন কৰাৰ কথা আছে ।
লগতে পঢ়ক :উমৰাংছ'ৰ কয়লা খনিৰ ঘটনাক লৈ জাঙুৰ খাই উঠিছে দল-সংগঠন - UMRANGSO COAL MINE TRAGEDY